বাৰ মাহৰ গীত
ব'হাগ মাহত ধুমুহা বতাহে
সকলো তচনচ কৰে,
জেঠ মাহত ৰদত তাপত
পথাৰ শুকাই পৰে।
আহাৰ মাহত বাৰীত পকা
আম,জাম খাওঁ,
শাওণ মহীয়া বৰষুণত
মাছৰ উজান চাওঁ।
ভাদ মাহত নামঘৰত
নাম প্ৰসঙ্গ হয়,
আহিন মাহত শেৱালী ফুলেৰে
প্ৰকৃতি বিনন্দীয়া হয়।
কাতি মাহত ধাননি পথাৰত
বন্তি জ্বলাই লখিমীক আদৰোঁ,
আঘোন মাহত পকা ধানৰ মাজে মাজে
লেচেৰি বুটলোঁ।
পুহ মাহত জাৰত কপি
ৰ'দৰ তাপ লওঁ,
মাঘ মাহত ভেলাঘৰত
ভোজভাত খাওঁ।
ফাগুন মাহত গছৰ ডালত
পলাশ মদাৰ ফুলে,
চ'ত মাহত নতুন বছৰ
আদৰাৰ প্ৰস্তুতি চলে ।
প্ৰতিভা বৰা
সহকাৰী শিক্ষয়িত্ৰী
দীৰ্ঘেশ্বৰী মধ্য ইংৰাজী বিদ্যালয়
শিক্ষা খণ্ড : কৰৰা


0 Comments