অভিভাৱকৰ ৰূপত, শ্ৰদ্ধাৰ চহৰীয়া চাৰ
জ্ঞানম পৰিয়ালৰ উপদেষ্টা তথা মোৰ মনত অভিভাৱক হিচাপে স্থান পোৱা শ্ৰদ্ধাৰ চহৰীয়া চাৰ হঠাৎ আমাৰ মাজৰ পৰা আতৰি অজান দেশলৈ গুচি গ'ল । আজিও মানি ল'বলৈ টান লাগে যে তেওঁ আমাৰ মাজত নাই ।
জ্ঞানম পৰিয়ালৰ এগৰাকী সদস্য হিচাপে তেখেতৰ সান্নিধ্য পোৱাৰ সৌভাগ্য হৈছিল। সময়ৰ গতিত তেখেত আমাৰ অভিভাৱক যেন অনুভৱ হৈছিল । জ্ঞানমৰ সভাসমূহত তেখেতৰ উপস্থিতিয়ে এক অনন্যা মাদকতা প্ৰদান কৰিছিল । সভাসমূহত তেখেতৰ কথাবোৰ মন্ত্ৰমুগ্ধ হৈ শুনি ৰওঁ । আমি জ্ঞানম পৰিয়ালৰ সকলোৱে মিলি সমাধান উলিয়াব নোৱাৰা কথাবোৰৰ তেওঁ নিমিষতেই সমাধান উলিয়াই দিছিল। তেওঁৰ কথাত,মাতত কিবা মন মোহিব পৰা এক শক্তি অনুভৱ কৰিছিলোঁ । কথাবোৰ শুনিলে যেন বহুসময় শুনিয়েই থাকিম ,এনেকুৱা লাগিছিল। ভবাই নাছিলো যে তেওঁৰ বাবে এনেদৰে শোকবাণী লিখিব লাগিব। জীৱনৰ চিৰন্তন সত্যক এনেদৰে ইমান সোনকালে মানি ল'ব লাগিব।
চহৰীয়া চাৰ ,জীৱনৰ চিৰন্তন সত্যই আপোনাক আমাৰ মাজৰ পৰা ইমান সোনকালে আতৰাই নিলেও আপুনি সদায়েই সজীৱ হৈ থাকিব মোৰ মনত ,অভিভাৱকৰ ৰূপত । কায়িকভাৱে আপোনাক লগ নাপালেও স্মৃতিৰ মানসপটত আপোনাৰ কথাবোৰ, মাতটো অনুভৱ কৰিম। গধুৰ মনেৰে আজি আপোনাক অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি যাচিলোঁ । আপোনাৰ আত্মাই স্বৰ্গত ঠাই পাওক , নেদেখাজনৰ ওচৰত এয়াই প্ৰাৰ্থনা ।
পূবালী শইকীয়া দাস
প্ৰধান শিক্ষয়িত্ৰী
খোপনিকুছি প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড : হাজো

0 Comments