header ads

অসমীয়া কবিতা, ড° গণেশ্বৰ চহৰীয়া ছাৰলৈ শ্ৰদ্ধাঞ্জলি, শিখা ৰাণী শৰ্মা, ৬ষ্ঠ বছৰৰ ২য় সংখ্যা,

 প্ৰজ্ঞাৰ সাধক, কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড° গণেশ্বৰ চহৰীয়া ছাৰলৈ শ্ৰদ্ধাঞ্জলি



জীৱন জানো ইমানেই ক্ষণভংগুৰ ?

অনাকাংক্ষিত, আকস্মিক এই খবৰে 

হৃদয়ত বেদনাৰ পাৰভঙা প্লাৱন আনিলে ।

যাবলৈ ইমানেই খৰখেদা কিয় কৰিলে ছাৰ ?

ইমানেই অভিমান নে আপোনাৰ ?

জ্ঞানৰ জ্যোতিৰে আলোকিত,

বিশাল ব্যক্তিত্বৰ অকালমৃত্যুক, 

শিল্প বুলি অভিধা দিও কেনেকৈ বাৰু ! 

ইমানবোৰ অনুষ্ঠানৰ ধ্বজ্বাবাহক হৈও 

ভাগৰি নপৰা বাগ্মীপুৰুষ,

সাহিত্য অৰ্পিত চিত্তৰ প্ৰজ্ঞাৱান আলোচক ।

কামৰূপ জিলা সাহিত্য সভাৰ সভাপতিৰ আসন,

আপোনাৰ ভাষনত মুগ্ধ হয় সহস্ৰজন,

সাহিত্যৰ সাধনাৰে জীপাল জীৱনৰ জ্যোতিষ্মান ক্ষণ । 

আপোনাক লগ পালে ,

মাত কথাৰ গভীৰতাই আকৰ্ষণ কৰে,

আন্তৰিকতাৰ বতাহ এছাটিয়ে হৃদয় জুৰাই দিয়ে ।

শৰীৰত দিপ্তীময় প্ৰভা ,

মাত কথাৰ মধুময় ভৰসা ।

হেক্‌ৰা অঞ্চলৰ অখণ্ড প্ৰদীপ

প্ৰতিটো অনুষ্ঠানৰ দিকদৰ্শক আপুনি,

অভিভাৱকৰ দৃষ্টিৰে অঞ্চলটো আছিল সামৰি ।

অকালতে হেৰাল পৰামৰ্শৰ উজ্জ্বল বাট,

প্ৰেৰণাৰ এখনি বলিষ্ঠ হাত । 

ক'ত পাম সেই সৃষ্টিৰ বেলিফুল পাহি,

অহংকাৰ শূন্য সম্ভাষনৰ বিনম্ৰ হাঁহি ।

কাষে কাষে থাকি অনুভৱ কৰিছিলোঁ,

জ্ঞানৰ গভীৰ সাগৰ আপুনি ,

প্ৰজ্ঞাৰ সাধনাৰে বাট বুলি 

সাহিত্য জগতলৈ দি গ'ল চানেকি ।

শিক্ষাৰ পৰা সমাজলৈ 

ধৰ্মৰ পৰা সংস্কৃতিলৈ,

সকলোতে আপোনাৰ বৌদ্ধিক শিপা আছে বিয়পি ।

এই শোকবাণী লিখিব লাগিব বুলি

ভাবাটো নাছিলো সমূলি ।

এয়া যে জীৱনৰ চিৰন্তন ৰীতি

উপেক্ষা কৰিব নোৱাৰো আমি ,

সেয়াই আমাৰ বাবে সান্তনাৰ বাণী ।

মৃত্যুৱে কাঢ়ি নিলেও ,

সমাজ স্বীকৃত লাইখুটা আপুনি ,

কাহানিও নপৰে হাউলি ।

আপোনাৰ সৃষ্টিশীলতাক স্মৰণ কৰি ,

যাঁচিলোঁ অন্তৰৰ শ্ৰদ্ধাঞ্জলি ।

মৃত্যু-- ১৭/১ /২০২৬



শিখা ৰাণী শৰ্মা

হেক্‌ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় 

শিক্ষা খণ্ড : ছমৰীয়া



Post a Comment

0 Comments