header ads

সম্পাদকীয়, ৬ষ্ঠ বছৰৰ ২য় সংখ্যা,

 



আজিৰ ডিজিটেল যুগত জ্ঞান, চিন্তা আৰু সৃষ্টিশীলতাৰ আদান-প্ৰদানৰ নতুন পথ হৈছে ই-আলোচনী । ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা প্ৰকাশ কৰাৰ এটা উৎকৃষ্ট মঞ্চ হিচাপে ই-আলোচনীৰ ভূমিকা বৰ্তমান সময়ত অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে । আলোচনীৰ মজিয়াত প্ৰৱন্ধ, কবিতা, গল্প, চিত্ৰাংকন আদি বিভিন্ন সৃষ্টিশীল কৰ্মৰ জৰিয়তে নতুন চিন্তা আৰু অনুভৱৰ প্ৰকাশ ঘটে । ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষাৰ লগত জড়িত প্ৰতি গৰাকী ব্যক্তিৰেই এই প্ৰতিভা সমূহ বিকাশৰ ক্ষেত্ৰত ই-আলোচনী জ্ঞানমে যৎপৰোনাস্তি প্ৰয়াস কৰি আহিছে ।


কামৰূপ জিলাৰ বিশিষ্ট শিক্ষাবিদ তথা শৈক্ষিক গোট 'জ্ঞানম' কামৰূপৰ সন্মানীয় উপদেষ্টা প্ৰয়াত ডঃ গণেশ্বৰ চহৰীয়াৰ পৱিত্ৰ স্মৃতিত ষষ্ঠ বৰ্ষৰ দ্বিতীয় বিশেষ সংখ্যাটি প্ৰকাশ কৰা হৈছে লগতে এই ই-আলোচনীখনত কামৰূপ জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক সমাজৰ সৃষ্টিশীল লেখা সন্নিৱিষ্ট কৰা হৈছে । তেওঁলোকৰ কল্পনা, চিন্তা আৰু সমাজৰ প্ৰতি থকা দায়িত্ববোধ এই লেখাবোৰৰ মাজেৰে প্ৰতিফলিত হৈছে বুলি আশা কৰা হৈছে । অনাগত দিনত এই আলোচনীখন পঢ়ুৱৈসকলৰ বাবে জ্ঞান আৰু আনন্দৰ এক সুন্দৰ উৎস হৈ উঠিব ।


ই-আলোচনী 'জ্ঞানম' প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা শৈক্ষিক গোটৰ সন্মানীয় সভাপতি/সম্পাদকৰ লগতে প্ৰতিগৰাকী সদস্য, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু শুভাকাঙ্ক্ষীসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ । আগন্তুক দিনতো সকলোৰে সহযোগিতা লাভ কৰিম বুলি আশা ৰাখিলোঁ ।


শেষত সকলো পঢ়ুৱৈক আমাৰ ৱেবছাইটৰ যোগেদি আলোচনীখন উপভোগ কৰিবলৈ আমন্ত্ৰণ জনালোঁ । আপোনাসৱৰ দিহা-পৰামৰ্শ শৈক্ষিক গোট 'জ্ঞানম' কামৰূপ পৰিয়ালে সাদৰেৰে গ্ৰহণ কৰিব । ধন্যবাদ ।



শ্ৰদ্ধাৰে...

সম্পাদক

ই-আলোচনী 'জ্ঞানম


Post a Comment

0 Comments