আপুনি এখন আকাশ আছিল
এটা সৰু অজুহাততে
অভিমান কৰি
আপুনি তৰাৰ দেশলৈ গ'ল ।
ভোগদৈ নৈৰ পাৰত
জোনাকী সন্ধ্যাত
আপোনালৈ ৰ লাগি চাওঁ ।
আপুনি নিজেই এখন
আকাশ আছিল
যাৰ তলত
আমি জিৰাইছিলোঁ ।
তাত প্ৰজ্ঞাৰ পোহৰ আছিল,
আপোনাৰ আকাশত
হাতীপটিৰ দৰে
থুপ খাই আছিল
গভীৰ তত্ত্ব ।
তাৰেই এক অবিনাশী তত্ত্ব
আমাৰ জ্ঞানম বৃক্ষ
থুনুক-থানাক খোজ দিয়া
ধুনীয়া লহপহীয়া ।।
আপুনি ভোগদৈয়েদি
উজাই আহোঁতে
আমাক জনাবলৈ নাপাহৰিব দেই ।
হেমেন চন্দ্ৰ হাজৰিকা
সহকাৰী শিক্ষক
বিৰোগাঁও মজলীয়া বিদ্যালয়
শিক্ষাখণ্ড : ৰামপুৰ

0 Comments