header ads

অসমীয়া কবিতা, তুমি নতুন গান, পুস্পাঞ্জলি পাংগিং গাম, ৬ষ্ঠ বছৰৰ ২য় সংখ্যা,

 তুমি নতুন গান

(সুধাকন্ঠ ড° ভূপেন হাজৰিকা)



       তুমি মানেই গান

       অসমৰ তুমি মান,

বিশ্বৰ প্ৰান্তে প্ৰান্তে তুমি প্ৰবাহমান 

জীয়াই তুলিলা জনতাৰ প্ৰাণ ।


তোমাৰ আবাহনত কৰিলা জাতিক জাতিষ্কাৰ 

মলিন হোৱা মনবোৰ কৰিলা ৰূপান্তৰ,

চৌদিশে আজি নৱ জাগৰণ 

গীতেৰে ,সুৰেৰে গঢ়িলা আলোড়ন ।


গীত ৰচনা কৰিলা অসমীয়াৰ,

গীত গাইছিলা মানুহৰ,

গীত গাইছিলা সৰ্বহাৰাৰ 

আৰু যে বহু গীত গাইছিলা একতাৰ।


অষ্ট্ৰেলিয়াৰ পৰা চিকাগোলৈকে তোমাৰেই গান---

গোটেই বিশ্বতেই তুমি বিৰাজমান ;

সূৰ্য উঠা দেশক তুমি জিলিকাই তুলিলা ‌

নৱ প্ৰজন্মৰ জ্ঞান বঢ়ালা ।


যুগে যুগে তোমাকে সোঁৱৰী 

গাম আমি তোমাৰেই গান ,

 হৃদয়ে হৃদয়ে বাজিব 

মুৰুলী তান।


এয়া চৌদিশে মাথোঁ মাটি মানুহৰ গান;

নৱ প্ৰজন্মৰ, তুমিয়েই নতুন গান ।।

      

পুস্পাঞ্জলি পাংগিং গাম

বৰপতিমা প্ৰাথমিক বিদ্যালয়

শিক্ষাখণ্ড : ৰাণী

Post a Comment

0 Comments