,
মহিম বৰাৰ 'এধানী মাহীৰ হাঁহি' : এটি পৰ্যালোচনা
আৰম্ভণি : উপন্যাস হ'ল মানৱ জীৱনৰ ঘটনা সম্পৃক্ত একোটা কাহিনী বা ছবি । মানৱ বুলি ক'লে যিহেতু সমাজ প্ৰিয় প্ৰাণী সেই গতিকে উপন্যাস একোখনত মানৱ জীৱনৰ ঘটনাৰাজিক তুলি ধৰোতে প্ৰতিবিম্বিত হৈ উঠে একোখন সমাজ , সমাজখনৰ লগত জড়িত কেতবোৰ আচাৰ , বিশ্বাস , পৰম্পৰা আৰু কেতবোৰ লোক ৰীতি-নীতি । তেনে এখন সমাজৰ উপস্থাপনেৰে মহিম বৰাৰ 'এধানী মাহীৰ হাঁহি'এক অনবদ্য সৃষ্টি ।
'ৰঙা জিয়া'ৰ কবি ৰূপে খ্যাত মহিম বৰা একেধাৰে গল্পকাৰ, কবি , উপন্যাসিক , শিশু সাহিত্যিক , প্ৰবন্ধকাৰৰ লগতে এগৰাকী সুনিপুণ সম্পাদক । নাটক আকাৰে পৰিৱেশন কৰাৰ উদ্দেশ্যে গল্পৰ মাধ্যমত কাহিনী ভাগ লিখা বুলি উপন্যাসিকে পাতনিতে উল্লেখ কৰি কৈছে যে এইখনেই তেওঁৰ ' কলম- মোছা' গ্ৰন্থ বা কিতাপ - 'পেট- মোছা' সন্তানৰ দৰে । তৎসত্ত্বেও গ্ৰন্থখনে বহন কৰিছে কুৰি শতিকাৰ একোখনি সমাজ আৰু সমাজখনে বহন কৰা কেতবোৰ লোক ৰীতি-নীতি ।
অসমীয়া সাহিত্য জগতত মহিম বৰা এগৰাকী স্বনামধন্য ব্যক্তি । কবিতা ৰচনাৰে সাহিত্যিক জীৱনৰ পাতনি মেলা মহিম বৰাৰ অসমীয়া উপন্যাস জগতখনতো যথেষ্ট খিনি অৱদান আছে । তেওঁ ৰচনা কৰা কেইখনমান উল্লেখযোগ্য উপন্যাস হ'ল - 'এধানী মাহীৰ হাঁহি', 'হেৰোৱা দিগন্তৰ মায়া ', ' পুতলা-ঘৰ' আদি । মহিম বৰাৰ ৰচনাৰাজিত সামগ্ৰিক ভাৱে গ্ৰাম্য জীৱনৰ প্ৰতিফলন ঘটা পৰিলক্ষিত হয় । সেয়ে তেওঁৰ অন্যতম সৃষ্টি 'এধানী মাহীৰ হাঁহি'ও ইয়াৰ ব্যতিক্ৰম নহয় ।
মূল কাহিনী ভাগ : 'এধানী মাহীৰ হাঁহি' উপন্যাসখনত উপন্যাসিকে দেউকণ (জ্ঞানেন্দ্ৰ বায়ন) চৰিত্ৰটিক বক্তাৰূপে দাঙি ধৰি তেওঁৰ অতীত জীৱনৰ চাৰিটা বছৰৰ স্মৃতিচাৰণ কৰিছে । প্ৰথম পুৰুষত কথকে প্ৰথমটি অনুচ্ছেদত গোটেই কাহিনীভাগৰ এটি স্পষ্ট খতিয়ান দাঙি ধৰিবলৈ যত্ন কৰিছে । পিছৰ অনুচ্ছেদ কেইটি তাৰে ব্যাখ্যাধৰ্মী ৰূপ । কাহিনীভাগত কথক তথা বক্তা দেউকণ অতীত জীৱনলৈ ঘূৰি গৈছে । মানস পটত ভাহি উঠিছে মাহীৰ সৈতে কটোৱা অতীত জীৱনৰ প্ৰাণৱন্ত মূহুৰ্তবোৰ । সেই সময়ত দেউকণ আছিল চেমনীয়া বয়সৰ ল'ৰা । তেওঁ এল. পি স্কুলৰ ডেওনা পাৰ কৰি এম. ভি স্কুলত পঢ়িবৰ বাবে ককাক- আইতাকৰ ঘৰতে থাকিবলৈ লৈছিল । বুঢ়ী আইতাকৰ ঘৰত দেউকণৰ মাহী আইতাকৰ জীয়েক এধানী মাহীয়ে যথেষ্ট মৰম স্নেহৰ আপদাৰেৰে সামৰি ৰাখিছিল । এক কথাত তেওঁৰো ল'ৰা হৈ পৰিছিল।সময় বাগৰিল । এধানী মাহীৰো বিয়াৰ বয়স বাঢ়ি আহিল ঘৰত বিয়াৰ যো-জা চলিল । এনেতে দেউকণেও মোমায়েকৰ চাহ- বাগানত ওলোৱা মহৰী চাকৰিত যোগদান কৰিলে।বিয়াৰ পিছতো দেউকণৰ খবৰ মাহীয়ে ঠিকেই ৰাখিছিল । দেউকণ ডাঙৰ হ'লেও মাহীৰ মনত সেই তাহানিৰ দেউকণজনেই হৈ থাকিল যাক তেওঁ টপৰ্ টপৰ্ দুটা চুমা যাচিছিল । ক্ৰমে দেউকণ যৌৱন অৱস্থাত ভৰি দিয়ে আৰু তেওঁ বিয়াৰ উপযুক্ত হোৱাত মাহীয়েকেই বিয়াৰ সকলো ব্যৱস্থা কৰি দিয়ে । কিন্তু বিয়াৰ কেইমাহমানৰ পাছতেই আশ্ৰমৰ ওচৰৰ গাঁৱৰ পৰিয়ালক শুশ্ৰূষা কৰি আৰোগ্যলৈ অনাৰ সময়তেই সেই সংক্ৰামক কলেৰা ৰোগে তেওঁকো আক্ৰমণ কৰে আৰু এধানী মাহীৰ জীৱনৰ ইমানতে ইতি পৰে । কিন্তু দেউকণৰ জীৱনত মাহীৰ এই সান্নিধ্য লাভৰ সময়ছোৱা আজীৱন জীৱন্ত হৈ থাকি যায় ।
চৰিত্ৰ : উপন্যাস এখনৰ মূল কাহিনী হ'লেও চৰিত্ৰ ইহে কাহিনী ভাগক আগুৱাই নিয়াত জীৱন দায়িনী শক্তি প্ৰদান কৰে । 'এধানী মাহীৰ হাঁহি' উপন্যাসখনত মুখ্য চৰিত্ৰ দেউকণ যদিও মুখ্য নাৰী চৰিত্ৰটি হৈছে এধানী মাহী । তদুপৰি উপন্যাসখনত আন কেইবাটাও চৰিত্ৰৰ সমাবেশ আছে । সেইবোৰ যথাক্ৰমে দেউকণৰ আইতাক , ককাক (থানুৰাম শইকীয়া)দেউতাক , বৌটি( বৃন্দা), মামাক( মুকুন্দ হাজৰিকা, নৰমামা (নৰেশ্বৰ ভূঞা) মিতামামা , তোলন, মহাক (ভোলানাথ কলিতা), লংকলি আদি।উপন্যাসিকে কেইবাটাও চৰিত্ৰৰ উপন্যাসত সংযোজন ঘটালেও এই চৰিত্ৰবোৰৰ প্ৰায়ভাগেই স্থিৰ চৰিত্ৰ, গতিময়তা ইয়াৰ নাই । কথকে তেওঁলোকৰ পৰিচয় বৰ্ণনাৰ মাধ্যমেৰেহে কৰা দেখিবলৈ পোৱা যায় । বিশেষ কেইটামান চৰিত্ৰ যথা দেউকণ , এধানী মাহী, নৰমামা, ককাক আদিয়ে কাহিনীৰ গতি কিছু আগবঢ়াই নিয়া পৰিলক্ষিত হয় ।
উপন্যাসখনত সমাজ জীৱনৰ
চিত্ৰণ : 'এধানী মাহীৰ হাঁহি' উপন্যাসখনলৈ যদি আমি দৃষ্টি নিক্ষেপ কৰোঁ তেতিয়া দেখিবলৈ পাম যে উপন্যাসখনৰ ৰন্ধ্ৰে ৰন্ধ্ৰে আমি অসমীয়া সমাজ জীৱনৰ চিত্ৰ একোখন দেখিবলৈ পাইছোঁ। এইখন বৰ্তমানৰ অসমীয়া সমাজ খন নহয় । এয়া কালৰ সোঁতত হেৰাই যাবলৈ ধৰা সৌ তাহানিৰ কুৰি শতিকাৰ সমাজখন । য'ত আছিল কেতবোৰ বিশ্বাস, পৰম্পৰা, লোক ৰীতি-নীতি । বিশ্বাসৰ লগতে কেতবোৰ অন্ধবিশ্বাসী ধাৰণাইও সেই সময়ৰ জনসমাজক আৱৰি আছিল । তাৰে নিদৰ্শনো উপন্যাস খনে আমাৰ আগত দাঙি ধৰিছে "সেই শিলছটা বোলে কালিকা লগা । বছৰি বছৰি আধা আঙুলমান বাঢ়ি যায় । ঘৰৰ মানুহ বাহিৰলৈ ওলালে ওখ পিৰালিৰ পৰা শিলছটাত ভৰি দি সামান্যভাৱে মূৰটো দোঁৱাই তাৰ পিছত কাষলৈ থকা গোঁসাই ঘৰৰ ফালে হাতযোৰ কৰিহে যাত্ৰা কৰে ।"
অসমীয়া নাৰী বোৱাত কটাত যে পাকৈত তাহানিৰ পৰাই এটা গৰিমা আছে । তাৰ লগতে এই তাঁত - শালৰ সৈতে জড়িত কেতবোৰ বিশ্বাস উপন্যাসখনত ঠাই পাইছে"... অৰ্থাৎ কুমন্ত্ৰৰ কাম । তাঁত বাতি কৰোঁতে, বা শালত উঠাওঁতে , হিংসুক তিৰোতা আহি তাতঁখন চোৱাৰ ছলতে বালি - ধূলি কেইটামান মাৰি দিলেই তাঁতত কেণা লাগিবলৈ ধৰে , সূতা ছিঙে, ৰাচৰ কাঠি ভাঙে, মাকো সৰি পৰে , নানা ধৰণৰ জঞ্জাল আৰম্ভ হয় । তেতিয়াই গৃহিণীৰ গা চেবায় আৰু বেজৰ হতুৱাই পানী বা সৰিয়হ জৰাই আনি শনিবাৰে বা মঙ্গল এটাত ছটিয়াই দিলেই তাঁতখন সলসলীয়া হয় । বিশেষকৈ পাটৰ কাপোৰ বওঁতে শিপিনীসকল অতি সাৱধান।"
আগৰ দিনত অসমীয়া মানুহে খাৰণী সৰায় , চৌদা খাৰেৰে কাপোৰ সিজাই চিকচিকিয়া কৰি ৰাখিছিল। পুৰণিকলীয়া অসমীয়া কুমাৰে গঢ়া মাটিৰ পাটৰে সজা কুঁৱা ব্যৱহাৰ কৰা , বেৰত আঁৰি থোৱা ভীমকলৰ শুকান বাকলি কেইটামান মান জুইত পুৰি ছাই কৰি তাত পানী ঢালি চোকা খাৰণী প্ৰস্তুত কৰা, মূৰ ধুবৰ সময়ত মাটিমাহৰ চোকোৰা গুচাই পটাত পিহি খাৰণীত মথি তাৰ লগত ঔবীজ এটা মিলাই থপথপীয়া এবাটি খিচিৰিৰ দৰে বস্তু তৈয়াৰ কৰাৰ বৰ্ণনা সজীৱ, প্ৰাণৱন্ত । ইয়াৰোপৰি অসমীয়া জনজীৱনৰ লগত জড়িত ভূত- প্ৰেতক লৈ শংকা জড়িত বিশ্বাসো উপন্যাসখনত পোৱা যায়" গামোচাৰে দুটা টোপোলা কৰি , সান্দহ পিঠাৰ টোপোলাত একোটাকৈ এঙাৰ , জলকীয়াও বান্ধি আমি দুয়ো দুটা টোপোলা লৈ যাত্ৰা কৰিলো দুমাইল বাটৰ । এঙাৰ , জলকীয়াই , ভজা পিঠা আৰু সান্দহৰ গোন্ধত আহিব খোজা ভূত , যখিনীক আঁতৰ কৰে কাৰণে এইটো কাম এনে ক্ষেত্ৰত সকলোৱে কৰে । " উপন্যাসিকে ইয়াত কাৰ্য আৰু ইয়াৰ লগত জড়িত কাৰণৰ উচিত ব্যাখ্যা পাঠকৰ আগত দাঙি ধৰিছে । লগতে উল্লেখ কৰি থোৱা ভাল যে অসমীয়া সমাজখনত এনেবোৰ জনবিশ্বাস এতিয়াও লোপ পোৱা নাই ।
মাহীয়েকৰ বিয়াৰ প্ৰসঙ্গতো বিয়াক লৈ জড়িত অসমীয়া সমাজৰ কেতবোৰ বিশ্বাস, ৰীতি-নীতি প্ৰতিবিম্বিত হৈছে । ইয়াৰ লগতে অসমীয়া সমাজ জীৱনৰ যি খেল ব্যৱস্থা অৰ্থাৎ নিজ নিজ খেলৰ মাজতহে যে বিয়া , শ্ৰাদ্ধ অনুষ্ঠানবোৰ সীমাবদ্ধ আছিল সেই কথাও লেখকে উল্লেখ কৰিছে । কিন্তু পৰৱৰ্তী সময়ছোৱাত নতুনৰ আগ্ৰাসনে পুৰণি খেল ব্যৱস্থা ভাঙি যে থান - বান হৈছে সেয়াও লেখকে উল্লেখ কৰি গৈছে ।
তদুপৰি সেই সময়ৰ সমাজখনক প্ৰতিফলিত কৰিবলৈ যাওঁতে অসমীয়া সমাজখনত দেখা দিয়া সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক কেতবোৰ পৰিৱৰ্তন, বাগানীয়া সংস্কৃতি , গান্ধীজীৰ আদৰ্শ- দৰ্শনেও কাহিনীৰ অগ্ৰগতিত প্ৰাধান্য লাভ কৰিছে ।
সামৰণি : ১৯২৫-৪০ ৰ সময়খিনিক সামৰি লোৱা উপন্যাসখনত সেই সময়ৰ সমাজ জীৱনৰ যি চিত্ৰণ সেয়া উপন্যাসিকে নিখুঁত ৰূপত দাঙি ধৰা দেখা যায় । সময় গতিশীল । সময়ক ধৰি ৰখাৰ ধৃস্টতা কাৰোৰেই নাই । তথাপিও আমাৰ তাহানিৰ সমাজখনক জনাৰ উদ্দেশ্যেই হওক বা হেৰাই যাব ধৰা পৰম্পৰাবোৰ সাঁচি থোৱাৰ বাবেই হওক মহিম বৰাৰ ' এধানী মাহীৰ হাঁহি ' ৰ যথেষ্ট খিনি প্ৰাসংগিকতা আছে । এইক্ষেত্ৰত মহিম বৰাৰ এই উপন্যাসখন এক জীৱন্ত দলিল বুলিব পাৰি ।
দেউকণৰ শিক্ষাৰ উদ্দেশ্যে ককাক- আইতাকৰ ঘৰলৈ গমন , তাত মাহীয়েকৰ সান্নিধ্য লাভ , দেউকণৰ চাকৰিত যোগদানেৰে কাহিনীভাগ আগবাঢ়িছে যদিও কাহানিৰ মাজতেই লংকলিৰ প্ৰতি দেউকণৰ এক শিহৰণ জাগি উঠিছে যদিও ইয়ে পূৰ্ণতা লাভ নকৰিলে । লংকলিয়ে সাঁচি খৰিকাজাই পাব শুকান যদিও এই ভাল লগাৰ সুবাস দেউকণৰ মনত আজীৱন ৰৈ গৈছে । যিদৰে পাঠকৰ মনত ৰৈ গৈছে মাহীৰ সজলা হাহিঁটো শেষলৈ ।
জেচমিন চৌধুৰী
অসমীয়া বিভাগৰ ছাত্ৰী
গুৱাহাটী বিশ্ববিদ্যালয়


0 Comments