বিশ্ব স্বাস্থ্য দিৱস
স্বাস্থ্য হৈছে মানুহৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ । মানুহৰ জীৱনত ধন-সম্পত্তি, শিক্ষা, মান-সন্মান আদি বহুতো মূল্যৱান বস্তু আছে, কিন্তু এই সকলোবোৰ উপভোগ কেৱল তেতিয়াহে সম্ভৱ যেতিয়া মানুহে সু-স্বাস্থ্য ভোগ কৰে । এজন অসুস্থ মানুহে ধন-সম্পত্তি থাকিলেও জীৱনৰ আনন্দ উপভোগ কৰিব নোৱাৰে , কিন্তু এজন সুস্থ মানুহে সীমিত সম্পদেৰে হ’লেও সুখেৰে জীৱন কটাব পাৰে । অৰ্থাৎ , যদি মানুহৰ দেহ আৰু মন দুয়ো সুস্থ থাকে , তেন্তে জীৱনটো সুখময় আৰু সুন্দৰ হৈ পৰে ।
জনসাধাৰণৰ মাজত স্বাস্থ্য সচেতনতা বঢ়োৱাৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ৭ এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয় । ১৯৪৮ চনৰ ৭ এপ্ৰিল তাৰিখে ৰাষ্ট্ৰসংঘৰ এক বিশেষ অভিকৰণ বিশ্ব স্বাস্থ্য সংস্থা গঠন কৰা হৈছিল । বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰথম বিশ্ব স্বাস্থ্য সভাত প্ৰতি বছৰে ৭ এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰাৰ প্ৰস্তাৱ গৃহীত কৰে আৰু ১৯৫০ চনৰ পৰা এই প্ৰস্তাৱ কাৰ্যকৰী হয় ।
১৯৫০ চনত বিশ্ব স্বাস্থ্য সংস্থাৰদ্বাৰা প্ৰথমবাৰৰ বাবে বিশ্ব স্বাস্থ্য দিৱস উদ্যাপন কৰা হৈছিল । প্ৰত্যেক বছৰ একোটা বিশেষ বিষয়ক ভিত্তি কৰি বিশ্ব স্বাস্থ্য দিৱস উদ্যাপন কৰা হয় । এই বিষয়সমূহে সমাজত থকা গুৰুত্বপূৰ্ণ স্বাস্থ্য সমস্যাবোৰ সমাধানৰ বাবে মানুহক উৎসাহিত কৰে । ১৯৫০ চনত উদ্যাপিত প্ৰথম বিশ্ব স্বাস্থ্য দিৱসৰ মূল বিষয়বস্তু আছিল “ নিজৰ স্বাস্থ্য সেৱাসমূহ জানক ” (Know your health services) । এই বিষয়বস্তুৰ জৰিয়তে মানুহক নিজৰ দেশ বা অঞ্চলত উপলব্ধ স্বাস্থ্য সেৱা , চিকিৎসা ব্যৱস্থা আৰু সুবিধাসমূহৰ বিষয়ে সজাগ কৰা , যাতে প্ৰয়োজনৰ সময়ত সেইবোৰ সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰে । ২০২৬ চনৰ বিশ্ব স্বাস্থ্য দিৱসৰ মূল বিষয়বস্তু “ স্বাস্থ্যৰ বাবে একেলগে-বিজ্ঞানৰ সৈতে থিয় হওঁ ” (Together for health-stand with science) । এই বিষয়বস্তুৰ জৰিয়তে বিশ্বৰ সকলো মানুহে একেলগে আৰু বিজ্ঞানৰ সহায় লৈহে যে স্বাস্থ্য সুৰক্ষিত ৰাখিব পাৰি তাকে বুজাইছে ।
সাম্প্ৰতিক সময়ত মানুহৰ জীৱন-যাপন পদ্ধতিত যথেষ্ট পৰিৱৰ্তন আহিছে । যান্ত্ৰিক জীৱন , অস্বাস্থ্যকৰ খাদ্যাভ্যাস , শাৰীৰিক পৰিশ্ৰমৰ অভাৱ , মানসিক চাপ , পৰিৱেশ প্ৰদূষণ আদিয়ে মানুহৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলাইছে । ফলত মধুমেহ , হৃদৰোগ , উচ্চ ৰক্তচাপ আদি অসুখৰ সংখ্যা বৃদ্ধি পাইছে । এই পৰিস্থিতিত বিশ্ব স্বাস্থ্য দিৱসৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে ।
বিশ্ব স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি বিশ্ব স্বাস্থ্য সংস্থাৰ ১৯২ খন সদস্য ৰাষ্ট্ৰই বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে । সদস্য ৰাষ্ট্ৰসমূহে স্বাস্থ্য সচেতনতা শিবিৰ , জনসচেতনতা ৰেলি আৰু শোভাযাত্ৰা , চলিত বৰ্ষৰ বিশ্ব স্বাস্থ্য দিৱসৰ বিষয়বস্তুৰ ওপৰত আলোচনা চক্ৰ , স্বাস্থ্য- নীতি আৰু সমস্যাসমূহৰ ওপৰত মত-বিনিময় , মানসিক স্বাস্থ্য সম্পৰ্কীয় আলোচনা , মাতৃ আৰু শিশু স্বাস্থ্য সেৱা আদি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা দেখা যায় । চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান আৰু স্বেচ্ছাসেৱী সংগঠনসমূহেও বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে স্বাস্থ্য সম্পৰ্কীয় বাৰ্তা লৈ ৰেলি আৰু শোভাযাত্ৰাৰ আয়োজন কৰা দেখা যায় । ইয়াৰোপৰি স্বাস্থ্য সম্পৰ্কীয় বিষয়ৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা , কুইজ , চিত্ৰাংকন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান উদ্যাপন কৰা হয় । জনসাধাৰণৰ মাজত স্বাস্থ্য সচেতনতা বিধি সম্পৰ্কীয় পোষ্টাৰ, বেনাৰ আদি বিতৰণ কৰা হয় ।
সু-স্বাস্থ্য মানুহৰ সফলতাৰ মূল চাবিকাঠি । স্বাস্থ্যই মানুহৰ জীৱনৰ দৈৰ্ঘ আৰু গুণগত মান বৃদ্ধি কৰে । অৰ্থাৎ, সুস্থ জীৱন যাপন কৰিলে মানুহ দীৰ্ঘদিন জীয়াই থাকে আৰু জীৱনৰ প্ৰতিটো মুহূৰ্ত আনন্দেৰে উপভোগ কৰিব পাৰে । সুস্থ জীৱন লাভ কৰিবলৈ আমি কিছুমান সাধাৰণ নিয়ম মানি চলা উচিত । এই সাধাৰণ নিয়মসমূহৰ ভিতৰত সুষম আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা , নিয়মিত ব্যায়াম কৰা , পৰ্যাপ্ত নিদ্ৰা লোৱা , পৰিস্কাৰ –পৰিচ্ছন্নতা বজাই ৰখা , মানসিক শান্তি বজাই ৰখা , ধূমপান আৰু মাদক দ্ৰব্যৰপৰা দূৰত থকা আদিয়েই প্ৰধান ।
বিশ্ব স্বাস্থ্য দিৱস কেৱল এটা দিনৰ উদ্যাপন নহয় , ই এটা সংকল্প আৰু বিশ্বব্যাপী স্বাস্থ্য সজাগতা আন্দোলন । এই দিৱসটো সকলোৰে বাবে সুস্থ আৰু সুখী জীৱন নিশ্চিত কৰাৰ সংকল্প । ই হৈছে সুস্থ জীৱনৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ । আমি প্ৰত্যেকে যদি স্বাস্থ্যৰ প্ৰতি সচেতন হওঁ আৰু সঠিক জীৱন যাপন অনুসৰণ কৰোঁ , তেন্তে এখন সুস্থ আৰু শক্তিশালী সমাজ গঢ়ি তোলা সম্ভৱ হ’ব । স্বাস্থ্যসমৃদ্ধ সমাজ গঢ়ি তুলিবলৈ সকলোৰে যৌথ প্ৰচেষ্টা অতি প্ৰয়োজনীয় । শেষত ক’ব পাৰি যে “ স্বাস্থ্যই পৰম ধন ” এই বাণীটো আমাৰ জীৱনৰ পথ প্ৰদৰ্শক হোৱা উচিত । এই বাণীক জীৱনত গ্ৰহণ কৰি আমি সকলোৱে সুস্থ আৰু সুখী জীৱন গঢ়ি তুলিবলৈ আগবাঢ়ি যোৱা উচিত ।
(প্ৰৱন্ধটো যুগুত কৰোঁতে বিভিন্ন প্ৰৱন্ধ সংকলন আৰু ইণ্টাৰনেটৰ সহায় লোৱা হৈছে )
শ্ৰীভাস্কৰজ্যোতি তালুকদাৰ
কাৰ্যালয় সহায়ক
বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়
কামৰূপ জিলা সংমণ্ডল ,আমিনগাঁও


0 Comments