header ads

অসমীয়া প্ৰবন্ধ,সন্তানৰ ভৱিষ্যৎ আৰু মাতৃৰ কৰণীয়”- এটি চমু আলোচনা , কিৰণ দাস, ৬ষ্ঠ বছৰৰ ৩য় সংখ্যা,

 “সন্তানৰ ভৱিষ্যৎ আৰু মাতৃৰ কৰণীয়”- এটি চমু আলোচনা 




শিশুসকল আমাৰ ভৱিষ্যৎ। আজিৰ শিশু কাইলৈৰ ভৱিষ্যৎ । সাধাৰণতে জন্মৰ পৰা ওঠৰ বছৰ বয়সলৈকে সকলো ল’ৰা- ছোৱালীকে শিশু বুলি ক’ব পাৰি ।দেশৰ ভৱিষ্যৎ এই শিশু সকলৰ প্ৰতি আমাৰ যথেষ্ট দায়িত্ত্ব আছে । কোৱা হয়—

“The most overwhelming key to a child's success is the positive involvement of parents . “

“Parents may give our children the roots to grow and the wings to fly...'

আজিৰ শিশু যিহেতু কাইলৈৰ ভৱিষ্যতৰ নাগৰিক , সেয়েহে তেওঁলোকৰ প্ৰতি আমাৰ পিতৃ -মাতৃ ,পৰিয়াল আৰু সমাজৰ যথেষ্ট দায়িত্ব আৰু কৰ্তব্য আছে । এইখিনিতে চানক্যৰ কথা মনলৈ আহে । তেওঁ শ্লোক এটাত কৈছে , 

“পাঁচ বছৰলৈকে আমি ল’ৰা ছোৱালীক লালন - পালন কৰিব লাগে, দহ বছৰলৈকে শাসন কৰিব লাগে আৰু ষোল্ল বছৰ হোৱাৰ পিচত সিহঁতৰ লগত বন্ধুৰ দৰে আচৰণ কৰিব লাগে । “

আমাৰ ভাৰতীয় শাস্ত্ৰৰ শিশু শিক্ষাৰ শাস্ত্ৰীয় সূত্ৰৰ মতেও —

“ লালয়েৎ পঞ্চবৰ্ষানি”

অৰ্থাৎ খেলা - ধূলা , মৰম- আদৰেৰে শিশুৰ শিক্ষা আৰম্ভ কৰিব লাগে । আৰম্ভণিতে ল’ৰা-ছোৱালীক পঢ়াৰ হেঁচা দিব নেলাগে । তেওঁলোকে আনন্দ পোৱা ৰং বিৰঙৰ ছৱিৰ কিতাপ , পেঞ্চিল ,চৰাই , জীৱজন্তুৰ ফটো দেখুৱাব লাগে আৰু ফটোৰ দ্বাৰা আমাৰ বৰ্হিজগতৰ বস্তবোৰৰ লগত চিনাকী কৰি দিব লাগে । গান - নাচ , নাটকৰ সংলাপৰ দ্বাৰাও তেওঁলোকে জানিবলগীয়া বস্তুবোৰৰ সম্যক জ্ঞান দিব পাৰি । শিশুৱে যাতে পঢ়াবোৰ আমনি নাপাই আনন্দ মনে শিকিব পাৰে সেই দিশটোৰ প্ৰতি গুৰুত্ব দিয়া দৰকাৰ ৷ 

মনোবিজ্ঞানী Tauner কৈছিল- “১২ বছৰৰ পৰা ১৬ বছৰ বয়সলৈকে এই খিনি সময় সৰহভাগ ল’ৰা -ছোৱালীৰ বাবে ঘটনা বহুল সময় ।” এই সময়খিনিত সন্তানৰ শাৰিৰীক আৰু মানসিক অৱস্থাৰ বহুত পৰিবৰ্তন ঘটে । এই সময় ল’ৰা -ছোৱালীৰ বাবে বৰ জটিল সময় । সেয়েহে বিশেষকৈ মাতৃয়ে সন্তানৰ ওপৰত অধিক নজৰ দিব লাগে । সিহঁতৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ কৰি মুকলিকৈয়ে কথাবোৰ পাতিব লাগে যাতে সন্তানে কোনো জটিল পৰিবেশৰ মাজত সোমাই পৰিব লগা নহয় । তেওঁলোকৰ মনবোৰ চঞ্চল হৈ থাকে । সংগ দোষে তেওঁলোকক বেয়া পথলৈ লৈ যায় । সেয়েহে এইবোৰ দিশ তেওঁলোকক মৰমেৰে বুজাই দিব লাগে । এইটো কথাও মন কৰিবলগীয়া যে অতি মাত্ৰা অনুশাসনে সন্তানক ভাল কৰাৰ সলনি বিদ্ৰোহীয়ে কৰা দেখা যায় । সেয়েহে অভিভাৱক সকলে সাৱধানে তেওঁলোকৰ লগত কথা - বতৰা পাতিব লাগে । অতি মাত্ৰা গালি - গালাজে ল’ৰা-ছোৱালীক হতাশাগ্ৰস্তলৈ লৈ যায় ৷ বৰ্তমান সময়ত দেখা গৈছে একাংশ ল’ৰা -ছোৱালী এই মানসিকতাত ভূগি জীৱনৰ প্ৰতি মমতা হেৰুৱাই পেলায় আৰু অৱশেষত চৰম পন্থা লৈ এই জীৱনৰ পৰা আঁতৰি যায় । এই আত্মহত্যাৰ প্ৰৱণতা আমাৰ যুৱ প্ৰজন্মৰ মাজত খুবেই দেখা গৈছে । সেয়েহে অভিভাৱক সকল যথেষ্ট সাৱধান হ’ব লাগে আৰু সিহঁতৰ ওপৰত নজৰ দি থাকিব লাগে ৷ 

কোৱা হয় ঘৰখনেই হৈছে শিক্ষাৰ কঠিয়াতলী । সেয়েহে শিশু এটা সুস্থভাৱে ডাঙৰ দীঘল হবলৈ এক সুন্দৰ পৰিবেশ দিয়া প্ৰয়োজন আৰু এই ক্ষেত্ৰত পিতৃ -মাতৃয়ে নিজৰ সন্তানক ঘৰখনত এটা সুন্দৰ , সুস্থ পৰিবেশ দিবলৈ যত্ন কৰিব লাগে ৷ এই ক্ষেত্ৰত শিশুৰ মনস্তাত্বিক দিশটোও ভালদৰে চালি -জাৰি চাব লাগে ।

শিশুৱে ডাঙৰক অনুকৰণ কৰে । সেয়েহে মাক - দেউতাকে শিশুৰ আগত বেয়া আচৰণ কৰা ,মাদক দ্ৰব্য ব্যৱহাৰ কৰা , নৈতিক চৰিত্ৰৰ স্খলন হোৱা আদি দিশবোৰৰ প্ৰতি লক্ষ্য কৰিব লাগে । তেওঁলোকে যাতে সদায় সুস্থ পৰিবেশ এটা পাই থাকে সেইটোৰ ওপৰত সদায় গুৰুত্ব দিব লাগে । সন্তান সকল কেতিয়াবা খুউব জেদী হৈ পৰে । যিটো বিচাৰে সেইটো সিহঁতক লাগিবই । এই ক্ষেত্ৰত মাক- বাপেকে উপস্থিত বুদ্ধিৰ দ্বাৰা সমস্যা সমাধান কৰিব পাৰিব লাগিব । তাৰোপৰি শিশুসকল খুউব মৰম আকলুৱা হয়। সেয়েহে পিতৃ - মাতৃ বা আন লোকৰ মৰম-চেনেহৰ পৰা বঞ্চিত নহয় তাৰ প্ৰতি লক্ষ্য কৰিব লাগে । 

আচাৰ্য চানক্যৰ মতে ১০ বছৰ বয়সলৈ সন্তানৰ ব্যক্তিত্ব বিকাশৰ সময় । সেয়েহে এইখিনি সময়ত সন্তানসকলক সংযম , অনুশাসন ,আজ্ঞা পালন  আদিৰে নিয়ন্ত্ৰণ কৰিব লাগে । লালন - পালন, সেৱা - শুশ্ৰূষা , অনুশাসন , সংস্কাৰ আদি শিকোৱাত মাকৰ দায়িত্ব বেছি যদিও এই ক্ষেত্ৰত পিতৃৰো সহযোগৰ দৰকাৰ ।

তেওঁলোকৰ সমুখত বিদ্যালয় বা শিক্ষকৰ নিন্দা ,পৰচৰ্চা , অসংযমী ব্যৱহাৰ আদি পিত-মাতৃয়ে কৰিব নালাগে । মনকৰিবলগীয়া যে জীৱনৰ আদি চোৱাত শিশুসকলক ভাল শিক্ষা আৰু সংস্কাৰ দিলে পিচলৈ তেওঁলোক বিপথে যোৱাৰ ভয় নেথাকে । 

মনোবিজ্ঞানী সকলৰ মতে সন্তানৰ বিকাশ গৰ্ভাৱস্থাৰ পৰাই আৰম্ভ হয় আৰু যি সংস্কাৰ শিক্ষা লাভ কৰে সেয়া ভৱিষ্যৎ জীৱন গঢ়ে আৰু চৰিত্ৰ নিৰ্মাণ কৰে । সেয়েহে ঘৰখনৰ , পৰিয়ালৰ বাতাবৰণ ভাল হোৱাৰ খুবেই দৰকাৰ । কোৱা হয়- “নৈৰ সমান বৱ কোন , আইৰ সমান হ’ব কোন ?" মনীষী সকলৰ মতে এশজন শিক্ষকে কৰিব নোৱাৰা কাম এগৰাকী মাকে সহজে কৰিব পাৰে । সেয়েহে কোৱা হয় - 

“Mother is the best teacher , Home is the best school. “

এইটো সকলোৱে জনা কথা যে ছাত্ৰ- ছাত্ৰীৰ ভৱিষ্যৎ নিৰ্মাণত শিক্ষাৰ বিকল্প নাই । সেয়েহে সন্তানক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি ভৱিষ্যৎ দিশটো সেন্দুৰীয়া আলি বনোৱাৰ দায়িত্ব আমাৰ পিতৃ- মাতৃৰ ওপৰত । সন্তানে সংস্কাৰ শিকে ঘৰখনৰ পৰা ।সেয়েহে যিখন ঘৰত অনবৰতে হাই - কাজিয়া , হুটা কথা , অসভ্য আচৰণ থাকে সেইখন ঘৰৰ শিশু কেতিয়াও ভাল হব নোৱাৰে । সন্তানক আমাৰ চৌপাশৰ জাতীয় কৃষ্টি , সংস্কৃতিৰ লগত জড়িত উৎসৱ সমূহৰ প্ৰতি দায়বদ্ধ কৰি তুলিব লাগে । তাৰোপৰি আন আন কিছুমান সৰু সৰু কথাৰ প্ৰতিও মনোযোগ দিয়া দৰকাৰ । যেনে বিভিন্ন অনুষ্ঠান, উৎসৱ সমূহত যাবলৈ , সহযোগ কৰিবলৈ উৎসাহিত কৰিব লাগে। উৎসৱ সমূহ উদযাপন কৰাত তেওঁলোকক উৎসাহিত কৰিব লাগে । 

শ্ৰীমদ্ ভাগৱতত ভগৱান শ্ৰীকৃষ্ণই কৈ গৈছে 

” শ্ৰদ্ধাৱান লভতে জ্ঞানম তৎপৰ সংযতেন্দ্ৰিয়”। 

সৰুৰে পৰা সন্তানক শিষ্টাচাৰৰ জ্ঞান দিব লাগে। মানুহৰ লগত কেনেদৰে কথা কব লাগে , ডাঙৰক সন্মান কৰিব লাগে আদি কথাবোৰ শিকাব লাগে । 

প্ৰশ্ন আহে সন্তানে যি বিচাৰে তাকে দিব লাগেনে ? সিহঁতৰ দাবীবোৰ মানি ল’ব লাগেনে? মনকৰিবলগীয়া যে সন্তানক সদায় এটা সীমাবদ্ধতাৰ মাজত ৰাখিব লাগে । যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনিহে তেওঁলোকক দিব লাগে । অভাৱ কি সেয়া তেওঁলোকক উপলব্ধি কৰিব দিব লাগে অন্যথা জীৱনটো কেনেদৰে চলাই নিব লাগে তেওঁলোকে বুজি নেপাব । আজি বহুত ক্ষেত্ৰত আমাৰ ল’ৰা- ছোৱালীসকল সমাজৰ পৰা , পৰিয়ালৰ আন সদস্য, ইষ্ট- কুটুম্বৰ পৰা আঁতৰি থকা দেখা যায়। এয়া আমাৰ কাৰণে শুভ লক্ষণ বুলি ক’ব নোৱাৰি । সন্তানক সৰুৰে পৰা সমাজমুখী কৰিব লাগে । বিশেষকৈ মানুহৰ লগত কথা- বতৰা যাতে পাতিব পাৰে সেই আত্মবিশ্বাসটো সৰুৰে পৰা গঢ় দিবলৈ মনোযোগ দিয়াৰ দৰকাৰ । 

এটা কথা মন কৰিবলগীয়া যে পৰিয়ালত থকা লোকসকলৰ কিতাপ বা বাতৰি কাকত পঢ়া অভ্যাস দেখিলে ল’ৰা - ছোৱালীও সেইবোৰ দিশৰ প্ৰতি আকৰ্ষিত হয়। শিশু ৰামায়ণ , মহাভাৰত , মহৎলোকৰ জীৱনী আদি কিতাপবোৰ তেওঁলোকক পঢ়িব দিব লাগে । তেতিয়া তেওঁলোকে নৈতিক জ্ঞান লাভ কৰিব পাৰে আৰু লগতে তেওঁলোকৰ মনত আধ্যাত্মিক ভাৱৰো জন্ম হয়। 

বৰ্তমানৰ প্ৰযুক্তিৰ যুগ। আমাৰ হাতৰ মুঠিতে পৃথিৱীখন । অত্যধিক ম’বাইল ফোনৰ ব্যৱহাৰে ল’ৰা - ছোৱালীৰ বহুমূলীয়া সময়বোৰ নষ্ট কৰিছে । ৰাগিয়াল বস্তুৰ ভয়াবহতা , ম’বাইলৰ প্ৰতি আসক্ত আদিৰ ভয়ানক দিশবোৰ মাক- বাপেকে মৰমৰে বুজাই দিব লাগে আৰু তেওঁলোকক গ্ৰন্থ অধ্যয়ন , ঘৰুৱা কাম- বন , গান - নাচ আদি সৃষ্টিমূলক কামত জড়িত কৰি ৰাখিব লাগে । সন্তানক সুস্থ সামাজিক পৰিবেশ দিবলৈ আমাৰ প্ৰতিজন নাগৰিকৰে দায়িত্ব আছে । এই ক্ষেত্ৰত আমাৰ প্ৰতিবেশী সকলেও এটা ভাল , সুস্থ পৰিবেশ দিবলৈ চেষ্টা কৰিব লাগে । সুস্থ সামাজিক পৰিবেশত সন্তানৰ নিৰাপত্তাৰ লগতে সমাজ , দেশৰো নিৰাপত্তা অটুট থাকে আৰু দেশৰ কল্যাণ সাধন হয়। 

হিন্দু শাস্ত্ৰত স্বৰ্গ সুখৰ স্থান বুলি জনা যায় । মাতৃ আৰু দেশবাসীৰ বুকুতো সুখ , শান্তি পোৱা যায় । সন্তান সকলে সেয়েহে পিতৃ- মাতৃৰ মাতৃৰ প্ৰতি সদায় কৃতজ্ঞ হব লাগে । মাতৃসকলে সন্তানক মানৱ সম্পদ হিচাপে গঢ়ি তেওঁলোকে আদৰ্শনীয় মাতৃ হোৱাৰ গৌৰৱ , সুখ অৰ্জন কৰিব পাৰে ।





কিৰণ দাস

স্নাতকোত্তৰ শিক্ষয়িত্ৰী

ৰামদিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়

শিক্ষাখণ্ড : হাজো

Post a Comment

0 Comments