header ads

অসমীয়া প্ৰবন্ধ, মোবাইল ফোনৰ চমু ইতিহাস —স্মাৰ্ট ফোন আশীৰ্বাদ নে অভিশাপ ? ড° হুপেশ চৌধুৰী, ৬ষ্ঠ বছৰৰ ৩য় সংখ্যা,

 মোবাইল ফোনৰ চমু ইতিহাস 

—স্মাৰ্ট ফোন আশীৰ্বাদ নে অভিশাপ ?




“Mr. Watson - come here - I want to see you” —এয়া আছিল ১৮৭৬ চনৰ ১০ মাৰ্চত টেলিফোনৰ আৱিষ্কাৰক আলেক্‌জেণ্ডাৰ গ্ৰাহাম বেলে ৱাট্‌চনৰ লগত হোৱা প্ৰথমটো তাঁৰসংযোগী টেলিফোনিক বাৰ্তালাপ ৷ তাৰ পাছৰ পৰাই টেলিফোনৰ আৱিষ্কাৰ আৰু বিকাশৰ বৰ্ণাঢ্য ইতিহাস আৰু থমকি নৰ’ল ৷ অত্যাধুনিক প্ৰযুক্তিৰ ন ন আৱিষ্কাৰ আৰু ইয়াৰ ব্যৱহাৰে তাঁৰসংযোগী স্থিৰ টেলিফোনৰ স্থান ল’লে তাঁৰসংযোগবিহীন মোবাইল ফোনে ৷  দুটা কোঠাৰ মাজত হোৱা বেল আৰু ৱাট্‌চনৰ প্ৰথমটো বাৰ্তালাপত ব্যৱহাৰ হোৱা  তাঁৰসংযোগী টেলিফোনটোৰ ৰূপান্তৰৰ মাজেৰে হোৱা বিকাশে বাৰ্তালাপৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বখনকে যেন এখন সৰু গাওঁত  পৰিণত কৰিলে ৷ 

গ্ৰাহাম বেল আৰু ৱাট্‌চনৰ প্ৰথমটো বাৰ্তালাপৰ প্ৰায় ৯৭ বছৰ পাছত অসাধাৰণ টেলিফোনিক বাৰ্তালাপৰ দ্বিতীয়টো দিন আছিল ১৯৭৩ চনৰ এপ্ৰিল মাহৰ ৩ তাৰিখ ৷ আমেৰিকাৰ নিউয়ৰ্কৰ চিক্স  এভিনিউৰ হিল্টন মিডটাউন হোটেলৰ সন্মুখৰ পৰা প্ৰায় ৩০ মাইল দূৰৰ নিউ জাৰ্ছিৰ বেল লেব’ৰেটৰীৰ গৱেষণাৰ নেতৃত্বত থকা জোৱেল এংগেলক মাৰ্টিন কুপাৰে ফোন কৰি কৈছিল - "Hi, Joel, I'm calling you on a cell phone, but a real cell phone, a personal, handheld, portable cellphone’’ ৷ আজিৰ পৰা প্ৰায় ৫২ বছৰ আগতে এই ফোন কলটোৰেই আৰম্ভ হৈছিল বৰ্তমানৰ এই অত্যাধুনিক “মোবাইল টেলিফোনৰ যুগ”টোৰ ৷  এইটো যুগত প্ৰায়ডাগ মানুহে ভাত এসাঁ এসাঁজ  নাখাইও চলিব পাৰে, কিন্তু মোবাইল ফোনটো নহ’লে যেন চলিব নোৱাৰে ৷ 

মাৰ্টিন (মাৰ্টি) কুপাৰ আছিল মটৰ’লা নামৰ ৰেডিঅ’ আৰু ইলেক্ট্ৰ’নিকছ্‌ কোম্পানী এটাৰ গৱেষণাকাৰী দলটোৰ প্ৰধান নেতৃত্ববহনকাৰী আৰু কুপাৰৰ প্ৰতিদ্বন্দ্ব্বী জোৱেল এংগেল আছিল নাছাৰ এপ’ল’ মিছনত কৰ্মৰত অভিযন্তা ৷ তেওঁ আমেৰিকাৰ বেল লেব’ৰেটৰী’ত গৱেষণা কৰি কেইবা দশক পূৰ্বেই ক্লাংকি - কাৰ-ফোনৰ উদ্ভাৱন কৰিছিল আৰু প্ৰযুক্তিটোৰ বিকাশ ঘটাই হাতত লৈ ফুৰিব পৰা মোবাইল ফোন তৈয়াৰ কৰাৰ প্ৰচেষ্টাত ব্যস্ত আছিল ৷ কিন্তু যেতিয়া মাৰ্টিনৰ হেণ্ড-হেল্ড (হাতত লৈ ফুৰিব পৰা) ফোনৰ অপ্ৰত্যাশিত ‘কল’টো এংগেলৰ ফোনটোত বাজি উঠিছিল, এংগেল হতবাক হৈ কিছু পৰ নিশ্চুপভাৱে থিয় হৈ আছিল ৷ কুপাৰৰ এই  প্ৰথম প্ৰ’ট’টাইপ ফোনটো আছিল এন্টেনা যুক্ত, কোনো স্ক্ৰীণ নথকা পাতল মুগা বৰণৰ এটা  ইটাৰ আকৃতিৰ ৷ ইয়াৰ কিছুদিন পাছতে কুপাৰে এনে ফোনত অতি সোনকালেই যিকোনো ঠাইৰ পৰা যিকোনো সময়তে আন এজন ব্যক্তিৰ সৈতে বা একেলগে একাধিক মানুহৰ সৈতে কথা-বতৰা পতা, চুটি টেক্সট মেছেজ কৰা, ছবি আদি সংযোগৰ সম্ভাৱনাৰ বিষয়েও ভৱিষ্যৎ বাণীও কৰিছিল ৷

কুপাৰৰ প্ৰায় পঞ্চাশ বছৰীয়া সপোন এটা দিঠকত পৰিণত হৈছিল ৷ তেতিয়াৰ আমেৰিকাৰ চৰকাৰে যদিও প্ৰথম দিনটোৰ পৰাই কুপাৰৰ মোবাইল ফোনৰ সেই প্ৰকল্পটোক সমৰ্থন কৰিছিল, তথাপিও তাত বহুতো কাৰিকৰী আৰু নিয়ন্ত্ৰণমূলক প্ৰত্যাহ্বান আছিল বাবে থমকি ৰ’ব লগা হৈছিল । সকলোবোৰ দিশ চালিজাৰি চাই তাত থকা সকলো প্ৰতিবন্ধকতা আঁতৰাই ব্যৱহাৰোপযোগীকৈ মোবাইল ফোন তৈয়াৰ কৰি গ্ৰাহকৰ বাবে উপলব্ধ কৰাবলৈ তাৰ পাছতো কিন্তু প্ৰায় ১০ বছৰ সময় লাগিছিল ।

পৰবৰ্তী সময়ত আকৌ কুপাৰৰ আৱিষ্কাৰত বহু নতুন নতুন প্ৰযুক্তিৰ সংযোগ ঘটিল ৷ অকল কথাপতাতে কাৰ্যতে সীমাবদ্ধ নাথাকি  মোবাইল ফোন কল্পনাতীতভাবে সলনি হৈ বহুমুখী ব্যৱহাৰৰ বাবে উপযোগী হৈ পৰিল । বহু কেইটা ‘জেনেৰেচন’ (প্ৰজন্ম) পাৰ কৰি মোবাইল ফোনত ইন্টাৰনেট ব্যৱহাৰ কৰি তাক স্মাৰ্ট ফোনলৈ ৰূপান্তৰিত কৰা হ’ল ৷ আগৰ কম্পিউটাৰ, লেপটপ, টেবলেট, নোটপেড আদিৰ দৰে ইলেক্ট্ৰ’নিক প্ৰযুক্তি সমূহৰো কিছু স্থান স্মাৰ্ট মোবাইল ফোনে দখল কৰি ল’লে ৷ গোটেই বিশ্বৰ সকলো প্ৰকাৰৰ খা-খবৰ, বা-বাতৰি, বিজ্ঞান, কলা আৰু বাণিজ্য আদিৰ বিভিন্ন তথ্যৰ লগতে সেইবোৰৰ জীৱন্ত ছবি হাতৰ টিপত বা পেন্টৰ পোকেটত থকা স্মাৰ্ট ফোনটোৰ স্ক্ৰীণত আঙুলি বুলাইয়ে পাব পৰা হ’ল ৷ মোবাইল ফোনে গোটেই বিশ্বতে খলকনি তুলি সম্প্ৰতি এক অসাধাৰণ  পৰিৱেশৰ সৃষ্টি কৰিছে ৷ মানুহৰ জীৱন ধাৰণৰ শৈলীটোকে অভাৱনীয়ভাৱে সলনি কৰি পেলালে ৷ 

থম অৱস্থাত মোবাইল ফোন বৰ ব্যয়বহুল আছিল ৷ সুবিধাও বৰ সীমিত আছিল আৰু গ্ৰহকৰ সংখ্যাও সীমিত আছিল ৷ সাধাৰণ মানুহৰ বাবে ইয়াক ব্যৱহাৰ কৰাটো সম্ভৱ নাছিল ৷ ১৯৮০ চনৰ শেষৰ ফালে লণ্ডন স্কুল অৱ ইকনমিক্সৰ সংবাদ মাধ্যম আৰু প্ৰযুক্তিৰ প্ৰবক্তা লেছলি হেডনে ৩০০ পাউণ্ড (সেই সময়ত প্ৰায় ৫০০ ডলাৰ) খৰছ কৰি হেনো প্ৰথম অৱস্থাত মটৰ’লা নামৰ কোম্পানীটোৱে তৈয়াৰ কৰা মোবাইল ফোন এটা কিনিছিল ৷ ফোনটো ইটা এটাৰ সমান আকাৰৰ আছিল ৷ পাছত কোম্পানীয়ে ইয়াৰ আকৃতি সৰু কৰি প্ৰথমটো ফোনটোৰ প্ৰায় আধা কৰিছিল যদিও সেইটোও পোকেটত ভৰাই নিবলৈ সহজ নাছিল ৷ ডাৰ্বি বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ জ্যেষ্ঠ প্ৰবক্তা ক্রিষ্টোফাৰ উইণ্ডমিলৰ মতেও কুৰি শতিকাৰ ৭০-৮০ দশকৰ মোবাইল ফোনবোৰত কথা-বতৰাৰে যোগাযোগ কৰাৰ বাদে আন সুবিধা তেনেকৈ উপলব্ধ হোৱা নাছিল ৷ কিন্তু পৰবৰ্তী ২৫ বছৰমানৰ ভিতৰত মোবাইল ফোনৰ নিৰ্মাণ আৰু সা-সুবিধাৰ  সাংঘাতিকভাৱে পৰিবৰ্তন ঘটিল ৷ ২০০৬ চনত তৈয়াৰ হোৱা ন’কিয়া এন-৯৫ত এফ এম ৰেডিঅ’, ৰঙীন স্ক্ৰীণ, ষ্টেৰিঅ’ স্পীকাৰ আৰু ভিডিঅ’ কেমেৰাৰ সংযোগ ঘটিল । অতি লেহেমীয়া গতিৰ হ’লেও, এই মোডেলৰ ফোনটোতে ইন্টাৰনেটৰ ব্যৱস্থাও সংযোগ কৰা হৈছিল ৷ সেই কালছোৱাত কেইমাহমানৰ বাবে এই ন’কিয়া এন-৯৫ মোবাইল ফোনটোৱে আছিল বজাৰৰ আটাইতকৈ ভাল ফোন আৰু ব্যৱহাৰকাৰীৰ সম্ভ্ৰান্তশালীতাৰ পৰিচায়ক এবিধ আহিলা । পৰৱৰ্তীকালচোৱাত বিশ্বৰ বিভিন্ন কোম্পানীয়ে স্মাৰ্ট ফোনৰ বিকাশ ঘটাই যিমান পাৰি তাৰ অৱয়ব কমাই আনি মনোমোহাকৈ নতুন নতুন মোবাইল ফোন আন্তৰ্জাতিকভাৱে বজাৰত মুকলি কৰি দিলে ৷ 

ন’কিয়াৰ পাছত ২০২০ চনত এপল্‌ কোম্পানীয়ে সাজি উলিওৱা আইফোনে বিশেষ সমাদৰ লাভ কৰি বিশ্বজুৰি বিয়পি পৰে ৷ সম্প্ৰতি বজাৰত বিভিন্ন কোম্পানীৰ বিভিন্ন আকৃতি আৰু ডিজাইন তথা মোডেলৰ ফোন কিনিবলৈ পোৱা যায় যদিও এইবোৰত ব্যৱহাৰ হোৱা মূল প্ৰযুক্তি কিন্তু একেই ৷ মাত্ৰ নতুন নতুন উন্নত মানৰ ’ছফ্টৱেৰ’ৰ আৱিষ্কাৰে ইয়াৰ ‘জেনেৰেচন’বোৰ সলনি কৰি গৈ আছে ৷ সকলোবোৰ ফোনতে প্ৰযুক্তিৰ এক বিস্তৃত শৃংখলৰ সংমিশ্ৰণ ঘটিছে আৰু ডিভাইচসমূহৰ কাৰ্য্যক্ষমতা সম্প্ৰসাৰিত হৈছে ৷ পূৰ্বৰ চিপ আৰু ট্ৰেঞ্জিষ্টৰৰ আকাৰ যথেষ্ট সৰু, শক্তিশালী আৰু দ্ৰুততৰ হৈ পৰিছে ৷ ইয়াত টৰ্চ, কেমেৰা, ব্লুটুথ, জি পি এছ, ইণ্টাৰনেট ব্ৰাউজাৰ, কেলকুলেটৰ, ৰেডিঅ’, এক্সিলেৰ’মিটাৰ, জাইৰ’স্কোপ, বেৰ’মিটাৰ, থাৰ্মোমিটাৰ, মেগনেটোমিটাৰ, ইনফ্ৰা-ৰেড আৰু ফিংগাৰপ্ৰিণ্ট আদিৰ দৰে বিভিন্ন চেন্সৰ সংলগ্ন কৰা হৈছে । প্লেষ্টোৰত গৈ হোৱাটছ্‌এপ, ফেচবুক, ইন্ষ্টাগ্ৰাম, টুইটাৰ, এক্স হেণ্ডেল, ইউ টিউব, টেলিগ্ৰাম, বিভিন্ন ইউ পি আই আদি  এপ্‌বোৰ ডাউনলোড কৰি তাৰ জৰিয়তে বিভিন্ন প্ৰকাৰৰ সুবিধা নিজে লাভ কৰাৰ উপৰিও নিজৰ বিভিন্ন পাৰদৰ্শিতাৰো ৰেকৰ্ডিং (ৰীল) বনাই আপলোড কৰি ৰাইজক দেখুৱাব পৰা হৈছে ৷ গুগলৰ দৰে চাৰ্চ ইউজাৰবোৰ ব্যৱহাৰ কৰি পঢ়া-শুনাৰো সকলো তথ্য আজিকালি মোবাইল ফোনটোতে পোৱাৰ সুবিধা হৈছে ৷ ইন্টাৰনেটৰ দ্ৰুত সেৱাৰ বাবে ইতিমধ্যে স্মাৰ্ট ফোন 5Gলৈ পৰিবৰ্তন কৰা হৈছে আৰু অনতি পলমে 6G অন্তৰ্ভুক্ত কৰাৰ চিন্তা চৰ্চাও চলি আছে ৷

নতুনকৈ সংযোগ হোৱা “কৃত্ৰিম বুদ্ধিমত্তা’’ চমুকৈ এ আই (Artificial Intelligence : AI) ৰ ব্যৱহাৰে গোটেই বিশ্বতে আকৌ এক নতুন যুগৰ সৃষ্টি কৰিছে ৷ এ আই ব্যৱহাৰে  বহু অসাধ্য সাধন কৰি তুলিলে ৷ এ আই প্ৰযুক্তি  মোবাইল ফোনতো ব্যৱহাৰ হ’ল ৷ মৃত মানুহ এগৰাকীকো জীৱিত যেন কৰি তোলাৰ চমক দেখুৱাব পৰা হ’ল ৷ গায়ক অবিহনে সুৰীয়া গানৰ সৃষ্টি কৰিব পৰা হ’ল । কম শ্ৰমতে মুহূৰ্তৰ ভিতৰতে একো একোটা জটিল আৰু ডাঙৰ কাম সম্পন্ন কৰিব পৰাৰ ব্যৱস্থা হ’ল ৷ কোনো এটা লিখনি এটা ভাষাৰ পৰা আন এটা ভাষালৈ চেকেণ্ডৰ ভিতৰতে অনুবাদ কৰাৰ সুবিধাও হ’ল ৷ অৱশ্যে এইবোৰ সম্পূৰ্ণ শুদ্ধৰূপত এতিয়াও হৈ উঠা নাই ৷ ব্যৱহাৰকাৰীয়ে মোবাইলৰ স্ক্ৰীণত আঙুলি থ’লেই কি ভাৱিছে তাকো এ আইয়ে বুজি লৈ তাক স্বতঃস্ফূৰ্তভাৱে স্ক্ৰীনত উপলব্ধ কৰাই দিব পৰা হ’ল ৷ চাট্‌জিপিটি, ডীপছিক, জেমাইনি আদিৰ দৰে এপ্লিকেচন সমূহে বিশ্বৰ সকলো ধৰণৰ তথ্যৰ যোগান চেকেণ্ডৰ ভিতৰতে সংগ্ৰহ কৰি বিচৰাজনক যোগান দিব পৰাৰ ব্যৱস্থাও হ’ল ৷ আনকি প্ৰৱন্ধ, গল্প, কবিতা, জীৱনী, আৱেদন পত্ৰ আদিও এই এপ্‌সমূহৰ জৰিয়তে লিখাই ল’ব পৰা হ’ল ৷

এ আইয়ে মানুহৰ নিজৰ মগজুৰ ব্যৱহাৰ ক্ৰমান্বয়ে কমাই অনাৰ লগতে কৰ্মচাৰীৰ  কৰ্মস্থলী সংকুচিত কৰি আনিবলৈ ধৰিলে ৷ যিটো ভৱিষ্যতে মানুহৰ বাবে এক ভয়াবহ সমস্যাৰূপে দেখা দিয়াৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পাঠ্যক্ৰমৰ পাঠ্যপুথি পুংখানুপুংখভাৱে নপঢ়ি, আনকি শিক্ষক-শিক্ষয়িত্ৰীৰ উপদেশকো আওকাণ কৰি মোবাইল, টেব্‌লেট বা লেপ্‌টপত গুগল চাৰ্চ কৰি প্ৰশ্নোত্তৰ লিখি লোৱাৰ ব্যৱস্থা কৰিবলৈ ল’লে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ সিংহভাগে বাবে বাৰে কিতাপখন ওলোটাই-পালোটাই পঢ়ি নিজৰ মস্তিস্কৰ কৰ্ষণৰ দ্বাৰা প্ৰশ্ন প্ৰস্তুত আৰু সেইবোৰৰ উত্তৰ লিখাৰ মানসিকতাকে ত্যাগ কৰিবলৈ ধৰিলে । ছাত্ৰ-ছাত্ৰীৰ এই অভ্যাস কিম্বা মনোভাৱ কিন্তু এক ভয়ানক ব্যাধিস্বৰূপ ।  

মোবাইল ফোনটো সম্প্ৰতি বিশ্বৰ প্ৰায়ভাগ মানুহৰ বাবে এক অপৰিহাৰ্য্য আহিলা হৈ পৰিছে ৷ ফোনটো জিউটো সদৃশ হৈ পৰিছে ৷ জীৱনৰ আয়-ব্যয়ৰ হিচাব, লিখা, পঢ়া, খেলা, মনোৰঞ্জন, গান শুনা, চিনেমা-চিৰিয়েল আদি চোৱাৰ উত্তম আহিলা হৈ পৰিছে ৷ বজাৰ বা দোকানত নগদ টকাৰ সলনি ‘কিউ আৰ’ কোড স্কেন কৰি অনলাইনেৰে টকা দিয়াৰ ব্যৱস্থা হৈ উঠিছে ৷ এক অৰ্থত এতিয়া এনালগ বিশ্ব  ডিজিটেল বিশ্বলৈ পৰিবৰ্তন হোৱাৰ বাটত ৷  মোবাইল স্মাৰ্ট ফোন অকল কিশোৰ, যুৱা, প্ৰাপ্তবয়স্ক আৰু বৃদ্ধৰ হাততে সীমিত হৈ থকা নাই ৷ মোবাইল স্মাৰ্ট ফোন এতিয়া শিশুৰো এক খেলৰ সামগ্ৰী হৈ পৰিছে ৷ পৰম্পৰাগত খেলনাৰ সামগ্ৰীসমূহ একাষৰীয়া কৰি থৈ পৃথিৱীৰ চুকেকোণে থকা অঞ্চলৰ  বহু শিশুৱে খাওঁতে-শোওঁতে কেৱল মোবাইলটোকে বিচৰা হৈছে ; যিটো আচলতে শিশুসকলৰ স্বাভাৱিক বিকাশ আৰু জীৱন পৰিক্ৰমাৰ একেবাৰে  পৰিপন্থী ৷ অনলাইন ব্যৱস্থাসমূহেও মানুহক টকা পইচাৰ লেনদেন, দোকান-বজাৰ আৰু বাণিজ্য-ব্যৱসায়, ৱৰ্ক ফ্ৰম হোম (ঘৰৰ পৰাই চাকৰি কৰা) আদিৰ সুবিধা কৰি দিছে ৷ 

ইয়াকো আমি নুই কৰিব নোৱাৰোঁ যে অনুসন্ধিৎসু জীৱশ্ৰেষ্ঠ মানৱে ন ন আৱিষ্কাৰৰ দ্বাৰা অত্যাধুনিক জীৱন যাপনৰ চিন্তা-চৰ্চাৰ লগতে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ ৰহস্য ভেদ কৰাৰ প্ৰয়াসত ব্যস্ত থাকিবই ৷

এইটো স্বীকাৰ কৰিবই লাগিব যে মানুহৰ শত-সহস্ৰ আৱিষ্কাৰৰ ভিতৰত কম্পিউটাৰ আৰু স্মাৰ্ট মোবাইল ফোন উল্লেখনীয় আৱিষ্কাৰ ৷ এই প্ৰযুক্তিৰ সদ্ব্যৱহাৰে  মানৱজাতিক উন্নত জীৱন ধাৰণত নিশ্চিতভাৱে সহায় কৰিছে ৷ সম্প্ৰতি কালত কম্পিউটাৰ আৰু স্মাৰ্ট মোবাইল ফোন অবিহনে বিশ্ব অচল হৈ পৰিব ৷ কিন্তু এয়াও ঠিক যে ইয়াৰ অপব্যৱহাৰে  মানুহক বিভ্ৰান্তও কৰিছে ৷ গতিকে কিছু কিছু ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰত নীতি-নিয়ম, আইন-কানুন, প্ৰতিবন্ধকতা আদিৰো নিশ্চয় প্ৰয়োজন আহি পৰিছে ৷ আন কথাত ই সমাজত এক Necessary Evil ৰূপে যেন দেখা দিছে ৷ 

নকৈ নোৱাৰি যে নানান ধৰণৰ এপ্‌ সংযোগী স্মাৰ্ট মোবাইল ফোনৰ অপব্যৱহাৰে মানুহৰ মন, মগজু আৰু শাৰীৰিক শ্ৰমক বহুল পৰিমাণে প্ৰভাৱিত কৰিবলৈ ধৰিছে ৷ এয়াই যদি হয়, স্মাৰ্ট ফোন মানুহৰ বাবে আশীৰ্বাদ নহৈ অভিশাপ হৈ নপৰিবনে ? পৰমাণু বোমাৰ মূল তত্ত্বৰ আৱিষ্কাৰক মহান বিজ্ঞানী আইনষ্টাইনে নিজৰ আৱিষ্কাৰৰ ওপৰত খেদ প্ৰকাশ কৰাৰ দৰে, মোবাইল ফোন আৱিষ্কাৰ কৰি কুপাৰেও হেনো নিজেই সন্দিহান হৈছে - কামটো ভাল কৰিলে নে বেয়া কৰিলে বুলি !




ড° হুপেশ চৌধুৰী

অৱসৰপ্ৰাপ্ত অধ্যাপক

পদাৰ্থ বিজ্ঞান বিভাগ

উত্তৰ গুৱাহাটী মহাবিদ্যালয়

Post a Comment

0 Comments