সুকুমাৰ বৈভৱ
সুকুমাৰ মেধি অসমবাসীৰ এটি পৰিচিত নাম । তেওঁ আছিল বহুমুখী প্রতিভাধৰ ব্যক্তি । তেওঁৰ প্ৰতিভাৰ আলোকতে তেওঁ আলোকিত হৈ উঠিছিল । তেওঁক ক্রীড়া সংগঠক, সাংবাদিক আৰু লোক শিল্পী আদি বিভিন্ন অভিধাৰে অভিহিত কৰিব পৰা যায় ।
দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ ভিতৰুৱা গাঁও সাপৰটাৰীত তেওঁৰ জন্ম । গুমী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ হৈ গুৱাহাটীলৈ উচ্চ শিক্ষাৰ বাবে যায় আৰু কলেজত খেলা-ধূলাত বিশেষ দক্ষতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয় । তেতিয়াৰ পৰাই হয়তো তেওঁৰ মনটো ক্রীড়াৰ প্রতি বিশেষ ভাবে আকৃষ্ট হয় আৰু পৰৱর্তী সময়ত এগৰাকী ক্রীড়া সংগঠক হিচাপে অসমৰ বিভিন্ন ঠাইলৈ যোৱাৰ লগতে বিভিন্ন প্রতিযোগিতাত বিভিন্ন দল সংগঠিত কৰি অংশগ্রহণ কৰাইছিল । অকল সেয়াই নহয় ক্রীড়াৰ বিকাশৰ বাবে দক্ষিণ কামৰূপত বিশেষ ভাবে কাম কৰি থৈ যায় । দক্ষিণ কামৰূপ জিলা ক্রীড়া সন্থা, ছয়গাঁও ক্রীড়া সন্থা আদিৰ তেওঁ বিষয়বাবতো আছিল।
বৃহত্তৰ ছয়গাঁও অঞ্চলত ক্রীড়াৰ উন্নয়নৰ বাবে চৰকাৰৰ দৃষ্টি আকর্ষণ কৰাৰ বাবে টেলিভিচনৰ সাংবাদিক মাতি আনি তথ্যচিত্র আদি নির্মাণৰ যোগেদি সেই অনুষ্ঠান সম্প্রচাৰৰ ব্যয়স্থাও কৰিছিল । বিভিন্নজন বিশিষ্ট ব্যক্তিতৰ সাক্ষাতকাৰ পর্যন্ত গ্রহণ কৰাই দূৰদৰ্শনত সম্প্রচাৰ কৰিছিল । তেনে এটি অনুষ্ঠানলৈ আমাকো মাতি নি টেলিভিচনৰ সাংবাদিকৰ সৈতে মুখামুখি কৰাই দিছিল । এইবোৰ কাম কিন্তু সুকুমাৰ মেধিয়ে কাৰো পৰা কোনো ধৰণৰ আৰ্থিক সাহায্য নোহোৱাকৈয়ে কৰিছিল ।
এই ক্ষেত্রত উল্লেখযোগ্য আন এটি কথা হ'ল অভিৰুচি ক্ৰীড়া দিৱসৰ বিয়াল্লিচ বছৰীয়া পৰিক্ৰমাৰ সৈতে সুকুমাৰ মেধি ওত:প্ৰোতভাৱে সাঙোৰ খাই আছিল । অভিৰুচি ক্ৰীড়া দিৱস অনুষ্ঠিত কৰা মূল ব্যক্তি গৰাকী হ'ল শ্ৰীযুত বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী । এই ক্ষেত্ৰত সুকুমাৰ মেধি শ্ৰী চক্ৰৱৰ্তীৰ সোঁহাত স্বৰূপ আছিল । অভিৰুচি ক্ৰীড়া দিৱসৰ অনুষ্ঠান ছয়গাঁৱতো অনুষ্ঠিত কৰা হৈছিল । অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজা দিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদযাপিত হয় । এই দিনটো হ'ল তিনি ছেপ্টেম্বৰ । উক্ত দিনা গুৱাহাটীত কেন্দ্ৰীয়ভাৱে এই দিৱসৰ বিভিন্ন কাৰ্যসূচীৰ লগতে সমূহীয়া দৌৰ অনুষ্ঠানৰো আয়োজন কৰা হয় । সুকুমাৰ মেধিৰ উদ্যোগত আৰু ছয়গাঁও ক্ৰীড়া সন্থাৰ সহযোগত সমূহীয়া দৌৰ কাৰ্য্যসূচী ছয়গাঁৱতো আয়োজন কৰা হৈছিল ।
আন এটা উল্লেখযোগ্য দিশ হ'ল অভিৰুচি ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ প্ৰত্যেক বছৰে প্ৰকাশ পাই আহিছে । এইখনৰ সৈতেও সুকুমাৰ মেধি মৃত্যুৰ সময়লৈ জড়িত হৈ আছিল । সুকুমাৰ মেধিয়ে এই স্মৃতি গ্ৰন্থখনৰ দুটামান সংখ্যাৰ সম্পাদনাৰ দায়িত্বতো আছিল । ছয়গাঁৱৰ পৰা গৈ ক্ৰীড়া বিষয়ক আলোচনী এখনৰ সম্পাদক হ'ব পৰাটো কম কথা নহয় ।
ক্ৰীড়াৰ সৈতে জড়িত হোৱা বাবেই ক্ৰীড়া সাংবাদিক হিচাপেও তেওঁ অৰিহণা যোগাই গৈছে । দক্ষিণ কামৰূপৰ ক্ৰীড়াজগতৰ বিভিন্ন বাতৰি তেওঁ বিভিন্ন কাকতত প্ৰকাশ কৰিছিল ।
ছয়গাঁও মহাবিদ্যালয়লৈকো সুকুমাৰ মেধিয়ে ক্ৰীড়া সাংবাদিক সুবোধ মল্লবৰুৱাৰ দৰে বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি আনি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মুখামুখি কৰাই দি ছাত্ৰ-ছাত্ৰীসকলক ক্ৰীড়াৰ প্ৰতি আকৃষ্ট কৰাৰ প্ৰচেষ্টাৰ কথা শলাগিবলগীয়া ।
ক্ৰীড়া সাংবাদিকৰ উপৰিও বৃহত্তৰ ছয়গাঁও অঞ্চলৰ ' দৈনিক অসম ' কাকতৰ প্ৰতিবেদক হিচাপেও তেওঁ অঞ্চলটোৰ বিভিন্ন অভাৱ-অভিযোগ চৰকাৰৰ দৃষ্টিগোচৰ হ'ব পৰাকৈ বাতৰি পৰিৱেশন কৰিছিল ।
লোক সংস্কৃতিৰ সাধক হিচাপেও দক্ষিণ কামৰূপত সুকুমাৰ মেধিৰ বিশেষ নাম আছে । দক্ষিণ কামৰূপৰ লুপ্ত হ'বলৈ ধৰা বিভিন্ন লোক-কৃষ্টিসমূহক পোহৰলৈ অনাৰ ক্ষেত্ৰত সুকুমাৰ মেধিৰ অৰিহণা উল্লেখনীয় । মহোহো, জেজেৰা আদি কৃষ্টিসমূহক পুণৰ উজ্জিৱীত কৰাৰ ক্ষেত্ৰত সুকুমাৰ মেধিক শলাগিবলগীয়া । দক্ষিণ কামৰূপৰ নাওখেলৰ গীতক সুকুমাৰ মেধিয়ে পৰিৱেশ্য কলাৰ ৰূপত দাঙি ধৰাৰ ক্ষেত্ৰত সফল হৈছে ।
সুকুমাৰ মেধিয়ে প্ৰায়ভাগ লোকবাদ্য বজাবলৈ সক্ষম হৈছিল । খোল, তাল, নাগাৰা কোনোবিধ বাদ্য বাদ পৰা নাছিল ।
ছয়গাঁও হৰি মন্দিৰ আৰু ছয়গাঁও শ্রীমন্ত শংকৰদেৱ কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ শংকৰদেৱৰ জন্ম আৰু তিৰোভাৱ তিথিত প্ৰভাত ফেৰীৰ দায়িত্বও মেধিয়ে পালন কৰি গৈছিল । সুন্দৰ কণ্ঠৰ অধিকাৰী মেধিৰ কণ্ঠৰ বৰগীতত প্রভাতে প্ৰভাতে আটাইকে মুগ্ধ কৰিছিল ।
হেৰাই যাবলৈ ধৰা এই কৃষ্টিসমূহৰ প্ৰতি উঠি অহা চামক আকৰ্ষিত কৰাৰ বাবে সুকুমাৰ মেধিয়ে বিভিন্ন শিক্ষানুষ্ঠানলৈ গৈ ছাত্ৰ-ছাত্ৰীৰ মাজত কৰ্মশালা অনুষ্ঠিত কৰিছিল । দক্ষিণ কামৰূপ হৈছে লোক-কৃষ্টিৰ মেটমৰা ভঁৰাল । ২০০৫ চনত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ তদানীন্তন সচিব গৌতম শৰ্মাৰ আহ্বানত দক্ষিণ কামৰূপৰ কেবাটাও লোক-কৃষ্টি প্ৰদৰ্শন কৰা হৈছিল । কলাক্ষেত্রৰ মঞ্চত প্রদর্শন কৰিবলৈ নিয়া কৃষ্টিদলসমূহ সংগঠিত কৰাত সুকুমাৰ মেধিৰ অৰিহণা আছিল উল্লেখনীয় ।
সুকুমাৰ সেধিয়ে লোক সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক 'গুৰু' উপাধি প্রদান কৰাৰ লগতে মণিপুৰ আন্তঃ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ে মেধিক প্ৰফেছাৰ অব প্ৰেকটিচ উপাধি প্ৰদান কৰে । এয়া কম ডাঙৰ স্বীকৃতিনে ।
২০১৫ চনত জন্মলাভ কৰা ছয়গঞা লোক উৎসৱৰ জন্মলগ্নৰে পৰা সুকুমাৰ মেধিয়ে বিভিন্ন সাংস্কৃতিক দল সংগঠিত কৰাৰ লগতে আর্থিক দিশটো কেনেকৈ যোৰা মাৰিব পাৰি সেই দিশতো চিন্তা কৰিছিল । সুকুমাৰ মেধিয়ে প্ৰতিভাক স্বীকৃতি প্ৰদানৰ ক্ষেত্ৰত বিশেষ ভাবে কাম কৰি গৈছিল । অঞ্চলটোত আজীৱন লোক-কৃষ্টি সাধনা কৰি থকা শিল্পীসকলক চৰকাৰী স্বীকৃতি দিয়াৰ বাবে প্রতিবছৰে শিল্পী পেঞ্চনৰ বাবে ছয়গঞা লোক উৎসৱৰ যোগেদি আবেদন কৰাই অনেকজন শিল্পীক শিল্পী পেঞ্চন প্ৰাপ্তিত সহায় কৰিছিল । প্ৰথমতে নাম ল'ব লাগিব মাৰে গানৰ ওজা স্বৰ্গীয় চমন ৰাভাৰ । দ্বিতীয় বৰ্ষত শিল্পী পেঞ্চন পাবলৈ সক্ষম হয় স্বৰ্গীয় ৰুহিন ৰাভাই । তাৰ পৰৱৰ্তী বছৰত ওজাপালিৰ শিল্পী শ্রীকমলেশ্বৰ কলিতা আৰু শেহতীয়াকৈ কালীবাদক কমিছন ৰাভাৰ নাম উল্লেখ কৰিবলগীয়া ।
সুকুমাৰ মেধিয়ে ৰাইজৰ হ'কে কাম কৰোঁতে নিজৰ ঘৰখনৰ কথাই পাহৰি আছিল । এই গৰাকী সমাজ হিতৈষীৰ কথা কৈ শেষ কৰিব নোৱাৰি ।
সুকুমাৰ মেধিৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰেই কামনা কৰিলোঁ ।
ড° নগেন কলিতা
অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক,
অসমীয়া বিভাগ, ছয়গাঁও মহাবিদ্যালয় ।


0 Comments