header ads

অসমীয়া প্ৰবন্ধ, সুকুমাৰ কলাৰে সমৃদ্ধ সুকুমাৰ মেধি, জ্যোতি কুমাৰ দাস, ৬ষ্ঠ বছৰৰ ৩য় সংখ্যা,

 সুকুমাৰ কলাৰে সমৃদ্ধ সুকুমাৰ মেধি




লোক কৃষ্টিৰ সাধক সুকুমাৰ মেধিৰ বিয়োগৰ লগে লগে কৰবাত যেন মৰহি গল লোক কৃষ্টিৰ সেউজীয়া পথাৰখন । লোক কৃষ্টিৰ ক্ষেত্ৰত বিগত ৪ টা দশক ধৰি ছয়গাঁও তথা দক্ষিণ কামৰূপক প্ৰতিনিধিত্ব কৰা সুকুমাৰ মেধিৰ বিয়োগত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰাৰ লগতে কৃষ্টিৰ ক্ষেত্ৰখনৰ বাবে এইয়া এক বৃহৎ ক্ষতি । সুকুমাৰ মেধিৰ কৰ্মৰাজিক বৰ্তমানৰ নৱ প্ৰজন্মই সংৰক্ষণ কৰি চৰ্চা কৰি নগলে আমাৰ বাবে এইয়া হব এক চৰম ব্যৰ্থতা । ১৯৮১ চনৰ পৰাই সুকুমাৰ মেধি ছয়গাঁও শ্ৰীমন্ত শঙ্কৰদেৱ কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ লগত জড়িত হৈ নিজৰ কৃষ্টিৰ চৰ্চা চলাই গৈছিল । প্ৰথম বাৰৰ বাবে ২০০৫ চনত ছয়গাঁও শ্ৰীমন্ত শঙ্কৰদেৱ কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ ৰূপালী জয়ন্তী উদযাপনৰ বাবে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত দক্ষিণ কামৰূপৰ পৰম্পৰাগত লোক কৃষ্টিক তেওঁ মঞ্চত পৰিবেশন কৰিছিল । এয়াই আছিল তেওঁৰ প্ৰথম আনুষ্ঠানিক প্ৰকাশ । ইয়াৰ পিছত তেওঁ ছয়গাঁওৰ লোক কৃষ্টিক ভালকৈ প্ৰতিষ্ঠা কৰিবৰ বাবে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ তত্বাবধানত অনুষ্ঠান পৰিৱেশন কৰি বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল । তেওঁ চৈতেলি নাম ,নাওখেলৰ গীত , ঝেজেৰা নৃত্যকে ধৰি বহুতো লোক কৃষ্টিৰ লগত জৰিত দিশ সমূহ চৰ্চা কৰি নৱপ্ৰজন্মৰ সন্মুখত চিনাকি কৰি দিয়ে ।

তেওঁৰ মতে 'চৰ্চা নহলে কোনো কৃষ্টিয়েই আগবাঢ়িব নোৱাৰে' । তেওঁৰ কৃষ্টিৰ চৰ্চাত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হৈছে যিকোনো ধৰ্ম বা জাতিৰ মানুহেই ভাগ লব পাৰিছিল । গতিকে সুকুমাৰ মেধি এগৰাকী শিল্পীয়েই নহয় তেওঁ আছিল এগৰাকি সমন্বয়ৰ সাধক । তেওঁ ক্ৰমে পৰম্পৰাগত সংকৃতি আৰু পৰম্পৰাগত খেলৰ সংমিশ্ৰণত উদ্ভৱ হোৱা নাওখেলৰ গানৰ লগত ওতঃপ্ৰোত ভাবে জড়িত আছিল । ২০১৬ চনত North east zone cultural centre য়ে চৰকাৰী ভাবে আয়োজিত কৰা এক সাক্ষাৎকাৰত প্ৰায় ৮ খন ৰাজ্যৰ ৪৭জন কৃষ্টিৰ সাধকৰ ভিতৰত তেতিয়াৰ ৰাজ্যপাল পি ভি আচাৰ্যই সুকুমাৰ মেধিক নিৰ্বাচন কৰি 'গুৰু ' উপাধিৰে স্বীকৃতি দিয়ে । এইয়া আছিল তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তি আৰু আমাৰ বাবে গৌৰৱ । মৃত্যু পৰ্যন্ত তেওঁ দক্ষিণ কামৰূপ তথা ছয়গাঁওৰ লোক কৃষ্টিৰ বাবে যি অৱদান আগবঢ়াই থৈ গল সেইয়া পিছৰ প্ৰজন্মৰ বাবে সদায় আপুৰুগীয়া সম্পদ হৈ ৰ'ব । 



       কৃষ্টিৰ উপৰিও সুকুমাৰ মেধি আছিল এগৰাকী ক্ৰীড়া সাংবাদিক । প্ৰায় 3 টা দশক ধৰি নতুন দৈনিক আৰু পিছত দৈনিক অসমত ছয়গাঁওৰ ক্ৰীড়া সাংবাদিক হিচাপে ২০১৬ চনলৈ সেৱা আগবাইছিল । অৱশ্যে সাংবাদিকতাৰ পথাৰত সুকুমাৰ মেধিয়ে প্ৰথম খোজ দিছিল ১৯৮৪ চনত অভিৰুচি ক্ৰীড়া আলোচনীৰ জৰিয়তে। এই আলোচনীৰ জৰিয়তেই অসমৰ ক্ৰীড়া সাংবাদিকতাৰ জন্ম হৈছিল । পিছত এই অভিৰুচি গোষ্ঠীৰ মুখ্য সম্পাদক হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল । 


ছয়গাঁৱৰ সাপৰটাৰি গাঁৱত ১৯৬৪ চনৰ জানুৱাৰীৰ ৭ তাৰিখে সুকুমাৰ মেধি তথা আমাৰ সকলোৰে পৰিচিত সুকুমাৰ দাৰ জন্ম হৈছিল । জীৱন্ত কালত তেওঁৰ সানিধ্য নোপোৱাত নিজকে ব্যৰ্থ অনুভৱ কৰিছো । দক্ষিণ কামৰূপৰ যিকোনো অনুষ্ঠানতে সুকুমাৰ দাই অতি আন্তৰিকতাৰে অংশগ্ৰহণ কৰিছিল । ইয়াৰ ভিতৰত আমাৰ দক্ষিণ কামৰূপ কুইজ ফ'ৰামো অন্যতম । যোৱা 20 মাৰ্চ তাৰিখে কিবা এটা বিশেষ কাৰণত সৰস্বতী পাব্লিক একাডেমীলৈ যাওঁতে তেওঁৰ লগত চিনাকি হওঁ । তেওঁ তাত উপ- অধ্যক্ষৰ পদত নিয়োজিত হৈ আছিলে । এক হাঁহিমুখীয়া আৰু নিষ্প্ৰভ মনৰ মানুহ । মোৰ পৰিচয় দিয়াৰ পিছত মানুহজনে মোৰ ফোন নাম্বাৰটো ছেভ কৰি লৈ হাঁহি হাঁহি কলে 'আকৌ পিছত কথা হম ভালকৈ ।'  এইয়াই আছিল মোৰ তেওঁৰ সৈতে প্ৰথম আৰু শেষ লগপোৱা । হঠাৎ ১৩ এপ্ৰিলত পোৱা খবৰটোৱে মোৰ লগতে সমগ্ৰ দক্ষিণ কামৰূপক মৰ্মাহত কৰিলে । সেইদিনা কোৱা কথা খিনি বাৰে বাৰে কাণত বাজি থাকিল 'আকৌ পিছত কথা হম ভালকৈ' কিন্তু আৰু যে কেতিয়াও পিছত কথা পতা নহ'ব । 




জ্যোতি কুমাৰ দাস

সহকাৰী শিক্ষক 

পূৰ্ণ চন্দ্ৰ দাস প্ৰাথমিক বিদ্যালয়, জাৰাপাৰা 

শিক্ষাখণ্ড : বকো

Post a Comment

0 Comments