সুকুমাৰ কলাৰে সমৃদ্ধ সুকুমাৰ মেধি
লোক কৃষ্টিৰ সাধক সুকুমাৰ মেধিৰ বিয়োগৰ লগে লগে কৰবাত যেন মৰহি গল লোক কৃষ্টিৰ সেউজীয়া পথাৰখন । লোক কৃষ্টিৰ ক্ষেত্ৰত বিগত ৪ টা দশক ধৰি ছয়গাঁও তথা দক্ষিণ কামৰূপক প্ৰতিনিধিত্ব কৰা সুকুমাৰ মেধিৰ বিয়োগত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰাৰ লগতে কৃষ্টিৰ ক্ষেত্ৰখনৰ বাবে এইয়া এক বৃহৎ ক্ষতি । সুকুমাৰ মেধিৰ কৰ্মৰাজিক বৰ্তমানৰ নৱ প্ৰজন্মই সংৰক্ষণ কৰি চৰ্চা কৰি নগলে আমাৰ বাবে এইয়া হব এক চৰম ব্যৰ্থতা । ১৯৮১ চনৰ পৰাই সুকুমাৰ মেধি ছয়গাঁও শ্ৰীমন্ত শঙ্কৰদেৱ কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ লগত জড়িত হৈ নিজৰ কৃষ্টিৰ চৰ্চা চলাই গৈছিল । প্ৰথম বাৰৰ বাবে ২০০৫ চনত ছয়গাঁও শ্ৰীমন্ত শঙ্কৰদেৱ কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ ৰূপালী জয়ন্তী উদযাপনৰ বাবে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত দক্ষিণ কামৰূপৰ পৰম্পৰাগত লোক কৃষ্টিক তেওঁ মঞ্চত পৰিবেশন কৰিছিল । এয়াই আছিল তেওঁৰ প্ৰথম আনুষ্ঠানিক প্ৰকাশ । ইয়াৰ পিছত তেওঁ ছয়গাঁওৰ লোক কৃষ্টিক ভালকৈ প্ৰতিষ্ঠা কৰিবৰ বাবে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ তত্বাবধানত অনুষ্ঠান পৰিৱেশন কৰি বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল । তেওঁ চৈতেলি নাম ,নাওখেলৰ গীত , ঝেজেৰা নৃত্যকে ধৰি বহুতো লোক কৃষ্টিৰ লগত জৰিত দিশ সমূহ চৰ্চা কৰি নৱপ্ৰজন্মৰ সন্মুখত চিনাকি কৰি দিয়ে ।
তেওঁৰ মতে 'চৰ্চা নহলে কোনো কৃষ্টিয়েই আগবাঢ়িব নোৱাৰে' । তেওঁৰ কৃষ্টিৰ চৰ্চাত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হৈছে যিকোনো ধৰ্ম বা জাতিৰ মানুহেই ভাগ লব পাৰিছিল । গতিকে সুকুমাৰ মেধি এগৰাকী শিল্পীয়েই নহয় তেওঁ আছিল এগৰাকি সমন্বয়ৰ সাধক । তেওঁ ক্ৰমে পৰম্পৰাগত সংকৃতি আৰু পৰম্পৰাগত খেলৰ সংমিশ্ৰণত উদ্ভৱ হোৱা নাওখেলৰ গানৰ লগত ওতঃপ্ৰোত ভাবে জড়িত আছিল । ২০১৬ চনত North east zone cultural centre য়ে চৰকাৰী ভাবে আয়োজিত কৰা এক সাক্ষাৎকাৰত প্ৰায় ৮ খন ৰাজ্যৰ ৪৭জন কৃষ্টিৰ সাধকৰ ভিতৰত তেতিয়াৰ ৰাজ্যপাল পি ভি আচাৰ্যই সুকুমাৰ মেধিক নিৰ্বাচন কৰি 'গুৰু ' উপাধিৰে স্বীকৃতি দিয়ে । এইয়া আছিল তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তি আৰু আমাৰ বাবে গৌৰৱ । মৃত্যু পৰ্যন্ত তেওঁ দক্ষিণ কামৰূপ তথা ছয়গাঁওৰ লোক কৃষ্টিৰ বাবে যি অৱদান আগবঢ়াই থৈ গল সেইয়া পিছৰ প্ৰজন্মৰ বাবে সদায় আপুৰুগীয়া সম্পদ হৈ ৰ'ব ।
কৃষ্টিৰ উপৰিও সুকুমাৰ মেধি আছিল এগৰাকী ক্ৰীড়া সাংবাদিক । প্ৰায় 3 টা দশক ধৰি নতুন দৈনিক আৰু পিছত দৈনিক অসমত ছয়গাঁওৰ ক্ৰীড়া সাংবাদিক হিচাপে ২০১৬ চনলৈ সেৱা আগবাইছিল । অৱশ্যে সাংবাদিকতাৰ পথাৰত সুকুমাৰ মেধিয়ে প্ৰথম খোজ দিছিল ১৯৮৪ চনত অভিৰুচি ক্ৰীড়া আলোচনীৰ জৰিয়তে। এই আলোচনীৰ জৰিয়তেই অসমৰ ক্ৰীড়া সাংবাদিকতাৰ জন্ম হৈছিল । পিছত এই অভিৰুচি গোষ্ঠীৰ মুখ্য সম্পাদক হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল ।
ছয়গাঁৱৰ সাপৰটাৰি গাঁৱত ১৯৬৪ চনৰ জানুৱাৰীৰ ৭ তাৰিখে সুকুমাৰ মেধি তথা আমাৰ সকলোৰে পৰিচিত সুকুমাৰ দাৰ জন্ম হৈছিল । জীৱন্ত কালত তেওঁৰ সানিধ্য নোপোৱাত নিজকে ব্যৰ্থ অনুভৱ কৰিছো । দক্ষিণ কামৰূপৰ যিকোনো অনুষ্ঠানতে সুকুমাৰ দাই অতি আন্তৰিকতাৰে অংশগ্ৰহণ কৰিছিল । ইয়াৰ ভিতৰত আমাৰ দক্ষিণ কামৰূপ কুইজ ফ'ৰামো অন্যতম । যোৱা 20 মাৰ্চ তাৰিখে কিবা এটা বিশেষ কাৰণত সৰস্বতী পাব্লিক একাডেমীলৈ যাওঁতে তেওঁৰ লগত চিনাকি হওঁ । তেওঁ তাত উপ- অধ্যক্ষৰ পদত নিয়োজিত হৈ আছিলে । এক হাঁহিমুখীয়া আৰু নিষ্প্ৰভ মনৰ মানুহ । মোৰ পৰিচয় দিয়াৰ পিছত মানুহজনে মোৰ ফোন নাম্বাৰটো ছেভ কৰি লৈ হাঁহি হাঁহি কলে 'আকৌ পিছত কথা হম ভালকৈ ।' এইয়াই আছিল মোৰ তেওঁৰ সৈতে প্ৰথম আৰু শেষ লগপোৱা । হঠাৎ ১৩ এপ্ৰিলত পোৱা খবৰটোৱে মোৰ লগতে সমগ্ৰ দক্ষিণ কামৰূপক মৰ্মাহত কৰিলে । সেইদিনা কোৱা কথা খিনি বাৰে বাৰে কাণত বাজি থাকিল 'আকৌ পিছত কথা হম ভালকৈ' কিন্তু আৰু যে কেতিয়াও পিছত কথা পতা নহ'ব ।
জ্যোতি কুমাৰ দাস
সহকাৰী শিক্ষক
পূৰ্ণ চন্দ্ৰ দাস প্ৰাথমিক বিদ্যালয়, জাৰাপাৰা
শিক্ষাখণ্ড : বকো


0 Comments