বিহুৰ হুঁচৰি
অসমীয়া সংস্কৃতি আৰু সমন্বয়ৰ প্ৰতীক বিহু। অসমীয়া জাতীয় কৃষ্টি হিচাপে বিহুৱে যুগে যুগে বহন কৰি আহিছে স্বকীয়তা।
বিহু উৎসৱ মূলতঃ ঋতু উৎসৱ আৰু ই প্ৰধানকৈ জড়িত কৃষিৰ লগত। অধিক শস্য উৎপাদন আশা কৰি চহা লোকসকলে এনেবোৰ উৎসৱ পালন কৰে। ইয়াৰ ভিতৰত ডেকা -বুঢ়া, গাভৰু-তিৰোতাসকলৰ মন উত্ৰাৱল কৰা বসন্তকালীন উৎসৱ হ'ল ৰঙালী বিহু।
ব'হাগ বিহুৰ অন্যতম অংগ হুঁচৰি। ব'হাগ মানেই উলাহ-আনন্দ,ৰং-ৰহইচ। গতিকে নতুন বছৰৰ প্ৰথম দিনটোত গাঁৱৰ ৰাইজে মাৰ বান্ধি একেলগ হৈ গৃহস্থৰ চোতাল গচকে। ঢোল, পেঁপা,তাল, নাচনী সমন্বিতে গাঁৱৰ মূখিয়াল বা প্ৰতিপত্তিশালী লোকজনৰ ঘৰত আৰম্ভ কৰা হুঁচৰিয়ে গৃহস্থক আমোদ দিয়াৰ লগতে গৃহস্থৰো মনৰ হাবিয়াস নতুন বছৰটো মংগলৰ হকে ৰাইজৰ পৰা এধানি আশীৰ্বাদ লোৱাৰ।
গহীন-গম্ভীৰ ভাবৰ, যৌনভাৱহীন হুঁচৰি গীতবোৰ আৰম্ভ হয় ঈশ্বৰৰ নামেৰে-
"কৃষ্ণাইৰ মূৰৰে বকুল ফুল এপাহি
নিয়ৰ পাই মুকলি হ'ল ঐ
গোবিন্দাই ৰাম।"
আহোম ৰজাঘৰীয়া আমোলত প্ৰাণ পাই উঠা হুঁচৰি গীতবোৰে পুৰণি অসমীয়া আভিজাত্যপূৰ্ণ সমাজ ব্যৱস্থাক প্ৰতিনিধিত্ব কৰে। বুৰঞ্জীমতে ব'হাগৰ বিহুত হুঁচৰি গাই আহোম উচ্চ পদস্থ ডা-ডাঙৰীয়াসকল সম্বৰ্ধনা জনোৱা হৈছিল। পৰবৰ্তী সময়ত এই প্ৰথা অনুসাৰেই সমাজৰ ক্ষমতাশালী, প্ৰতিপত্তিশালী লোকজনৰ ঘৰতেই হুঁচৰি আৰম্ভ কৰা ৰীতি বাহাল থাকিল। সেয়ে 'স্বৰ্গদেউ', 'দেউতা' আদি সম্বোধন হুঁচৰি গীতত লক্ষ্য কৰা যায় -
'স্বৰ্গদেউ ওলালে বাটচ'ৰাৰ মূখলৈ
দুলীয়াই পাতিলে দোলা,
কাণত জিলিকিছে ধৰা জাঙেফাই
গাতে গোমচেঙৰ চোলা।'
আকৌ -
'দেউতাৰ পদূলি গোন্ধাইছে মাধুৰী
কেতেকী মলেমলাই ঐ গোবিন্দাই ৰাম।'
কৃষিজীৱী অসমীয়াই প্ৰকৃতিৰ লগত সংগতি ৰাখি ঋতু উৎসৱ পাতি নৃত্য-গীতেৰে নতুন বছৰক আমন্ত্ৰণ জনায়। সেয়ে মুকলি পথাৰত যৌৱনৰ উদ্দাম বাসনাৰে, যৌৱনৰ উন্মাদনাৰে গোৱা বিহুগীতৰ বিপৰীতে হুঁচৰি গীতত পৰিস্ফুট হয় লঘু ধেমালি, ঘৰুৱা মাৰ্জিত ৰূপ।
'নঘৰ এই পুৰণি কামি
হুঁচৰি গাবলৈ আহিছোঁ আমি।
তেনেদৰে -
হুঁচৰি ঐ চ'ত
আমি বিহু মাৰো য'ত
দূবৰি নিজে ত'ত।
নিৰ্দোষ ধেমালি, আমোদজনক, ৰুচিসন্মত হুঁচৰি গীতবোৰৰ ইটো গীতৰ লগত সিটো গীতৰ কোনো সামঞ্জস্য নাই।মাত্ৰ ঢোলৰ চুটি চুটি চেৱৰ লগত মিলাকৈ এইবোৰ ৰচিত।
হুঁচৰিৰ অন্যতম অংগ নাচনী।ছাঁতে শুকোৱা, মুঠিতে লুকোৱা হেপাহৰ মুগাৰ সাজ পিন্ধি, খোপাত কপৌফুল গুজি, কঁকালৰ খোঁচনিত হাঁচতি বান্ধি বিহুলৈ অহা নাচনী জনী হুঁচৰিৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু।
'হাঁচতি ৰটঙে টং
হাঁচতি আনিছে লুকুৱাই থৈছে
নাচনী চাবৰে মন।'
তেনেদৰে -
'উঘাতকৈ চেৰেকী ঘূৰে
আমাৰ নাচনী নাচিব লাগিলে
টাকুৰি ঘূৰাদি ঘূৰে।'
এনেধৰণৰ নামেৰে নাচনীক আঁজুৰি নাচিবলৈ আমন্ত্ৰণ জনোৱা হয়। হুঁচৰি গীতবোৰত সৰু-সুৰা ধেমালিৰ বাহিৰে নাচনীক জোকাবলৈ যৌন ভাবৰ গোন্ধ থকা গীত মুঠেই গোৱা নহয়।।
'চকলা টেঙাটি অকলে নাখাবা
আমাকো এচকল দিবা।
বিহু মাৰিবলৈ অকলে নাযাবা
আমাকো লগতে নিবা।'
আকৌ -
'আহা নাচনী বিহু মাৰো
একতাৰ ডোলেৰে
তোমাক আমি নচুৱাম
অতি মৰমেৰে
নহয় আমাৰ চেঙেলীয়া মন
তোমাক আমি নকৰো হৰণ।'
অসমীয়া শিপিনীৰ তাঁতশালৰ কাপোৰ গোটেই পৃথিৱীতে উচ্চভাৱে প্ৰশংসিত। বছৰেকৰ বিহুটিত হুঁচৰিৰ
আগত সেৱা ল'বলৈ গৃহস্থই আগবঢ়াই দিয়া শৰাইখনিত মাননিৰ লগত এখন চেলেং চাদৰ বা ফুলাম গামোছা গিৰিহঁতনীয়ে উলিয়াই দিয়াটো পৰম্পৰা। যদি ইয়াৰ ব্যতিক্ৰম ঘটে, তেনেহলে হুঁচৰি দলৰপৰা গিৰিহঁতনী শিপিনীক জুৰি জাউৰিয়ে জাউৰিয়ে নাম ধৰে-
'খুটিতে পৰিলে জিঞা ঐ আইদেউ
খুটিতে পৰিলে জিঞা
গুণা কটা খনীয়া ফুলাম গামোচা
হুঁচৰিক উলিয়াই দিয়া।'
তেনেদৰে -
'কেলেই সাঁচিলা জপাৰ বৰে কাপোৰ
কেলেই সাঁচিলা ধন,
জপাৰ বৰে কাপোৰ জপাতে পচিব
হাড়তো গজিব বন।'
ৰাইজলৈ আগবঢ়োৱা শৰাইৰ মাননি যদি গৃহস্থৰ আৰ্থিক অৱস্থাৰ তুলনাত কম হয়, তেতিয়াও গৃহস্থ সাৰি নাযায়। শৰাই গ্ৰহণ নকৰি চিধাই খুহুতীয়া নাম বিহুৱাৰ মুখেৰে বাগৰিবলৈ ধৰে-
'জেউৰাত বগালে বিছা ঐ দেউতা
জেউৰাত বগালে বিছা ,
শৰাইৰ লগতে শ টকা নিদিলে
ভঁৰালৰ জপা ধান মিছা।'
একেদৰে -
'গেলা কোমোৰাৰে পানী
চাৰি অনা পইচা কেলেই লাগিছে
শিয়ালে লৈ যক টানি।'
এনেদৰে মৃদু ধেমালি, হুঁচৰিৰ ৰং-ৰহইচৰ মাজেৰে ৰাইজ-গৃহস্থ উভয়েই অপাৰ আনন্দ লাভ কৰে। পুনৰাই ঘৰৰ গিৰিহঁতনীয়ে তামোল-পাণ লগত লৈ,পিতলৰ শৰাইত বিহুৱান, মাননি ভৰাই লৈ, মূৰত ওৰণি টানি আথে-বেথে ৰাইজৰ আগত আঁঠু লয়হি।গঞা ৰাইজে বছৰটোলৈ গৃহস্থৰ সৰ্বতোপ্ৰকাৰে মংগল কামনা কৰি গাবলৈ লয় -
'এটা বাটিত নহৰু
এটা বাটিত পনৰু
এটা বাটিত খুটৰা শাক,
মূৰৰ চুলি চিঙি
আশীৰ্বাদ কৰিছোঁ
গৃহস্থ কুশলে থাক।'
- গৃহস্থৰ কুশলৰ অৰ্থে, "জয় হৰি বোলা,জয় ৰাম বোলা।"
বছৰৰ প্ৰথম দিনটোত পৰা পাতনি মেলা হুঁচৰি গোটেই ব'হাগৰ মাহটোতে চলে। হুঁচৰিয়ে যে কেৱল বছৰেকৰ মূৰত গৃহস্থক আমোদ দিবলৈহে আহে এনে নহয়, হুঁচৰি হ'ল সমূহীয়া সজ প্ৰচেষ্টাৰ ফলশ্ৰুতি। ৰাইজে ঘৰে ঘৰে হুঁচৰি গাই তোলা টকাৰে গাঁৱৰ নামঘৰ নিৰ্মাণ বা মেৰামতি, পুথিভঁৰাল নিৰ্মাণ, আচবাব মেৰামতি, ৰাজহুৱা পুখুৰী খন্দা আদি মহৎ উদ্দেশ্য সমূহ সাধন কৰা দেখা যায় আৰু সেই সুযোগতে ৰাইজে লগে-ভাগে এসাঁজ খায়।
বিহু অসমীয়াৰ বাপতি-সাহোন। তেনেদৰে হুঁচৰি অসমীয়াৰ বৰঘৰ। কিন্তু যুগৰ পৰিৱৰ্তন আৰু শিল্প যুগৰ চাকনৈয়াত হুঁচৰিৰ অৱস্থা আজি যেনেই নিশকতীয়া। কৃষিজীৱী লোকৰ শস্য ছটিওৱা বা চপোৱাৰ অন্তত প্ৰাণচঞ্চল আনন্দৰ যি বন্যা বিহু উৎসৱে বহন কৰিছিল, শিল্প যুগৰ সূচনাই তাক ম্লান কৰি পেলাইছে।যুগ বিৱৰ্তনক যিদৰে বাধা নোৱাৰি, সেইদৰে সংস্কৃতিৰ পৰিবৰ্তনকো আমি ৰুধিব নোৱাৰোঁ। সেয়ে সময় সলনি হ'লেও যাতে অসমীয়াৰ প্ৰাণৰ বিহুটিত সকলোৱে হুঁচৰিৰ চলেৰে একগোট হৈ আনন্দ উপভোগ কৰা, সমূহীয়া লক্ষ্য আগত লৈ মাৰ বন্ধাৰ প্ৰচেষ্টা হুঁচৰিয়ে কথমপি জীয়াই ৰাখক এয়ে আমাৰ চিৰ কাম্য ।
পুতলা বৰা
সহকাৰী শিক্ষয়িত্ৰী
পলাশবাৰী বয়জ হাইস্কুল
শিক্ষাখণ্ড : ৰামপুৰ


0 Comments