লোক-কৃষ্টিৰ সাধকলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি
আমাৰ পৰিয়ালৰ সৈতে প্ৰয়াত সুকুমাৰ মেধিৰ এক তেজৰ সম্বন্ধ আছিল । তেখেতৰ মাক (মোৰ জেঠী) দেউতাহঁতৰ সম্পৰ্কীয় বাইদেউ । সেই সূত্ৰে তেখেতক দাদা বুলিয়ে মাতো আৰু তেখেতে মোক নিজৰ ভাইটি বা মামাৰ ল'ৰা বুলি যথেষ্ট মৰম কৰিছিল । হঠাৎ সেইদিনাখন অৰ্থাৎ ১৩ এপ্ৰিল, ২০২৬ ইং তাৰিখে মই খবৰ এটা পাই থমকি ৰলো আৰু ঘৰৰ আটাইকে চিঞৰি কলো যে সুকুমাৰ দা ঢুকাল । ঘৰৰ সকলোৱে একেমুখে "কি?" বুলি আচৰিত হৈ সুধিলে ।
যিয়েই নহওঁক "বিধিৰ বিধান" মানুহ জন্মিলে এদিনটো মৰিবই । এই কঠোৰ কষ্টকৰ চিৰসত্য ঘটনা আমি মানি লৈছোঁ । কিন্তু এটি বিষয় ছয়গাঁও তথা দক্ষিণ কামৰূপৰ সচেতন মহলত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে যে এই অঞ্চলৰ যি চহকী লোক-কলা-সাহিত্য আৰু ঐতিহ্য, তাক কোনে চৰ্চা কৰিব বা বিশ্বৰ বুকুত তুলি ধৰিব? প্ৰয়াত সুকুমাৰ মেধি দেৱে এই ছয়গাঁও তথা দক্ষিণ কামৰূপৰ লোক- কৃষ্টিৰ সাধক হিচাপে যথেষ্ট খ্যাতি অৰ্জন কৰিছিল । এতিয়া প্ৰশ্ন হল তেখেতৰ এই আধৰুৱা হৈ ৰোৱা কৰ্মৰাজিখিনি কোনে আৰু অধিক আগুৱাই নিব ? নিশ্চয়কৈ এই অঞ্চলৰ নৱপ্ৰজন্ম, গৱেষক আৰু সৰ্বস্তৰৰ ৰাইজ আগবাঢ়ি আহিলে তেখেতৰ আধৰুৱা হৈ ৰোৱা সপোন বাস্তৱত ৰূপায়িত হ'ব আৰু দক্ষিণ কামৰূপৰ যি এক সুকীয়া তথা চহকী সাংস্কৃতিক বৈচিত্ৰতা সেয়া বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হ'ব বুলি আশা কৰিব পাৰি । শ্ৰদ্ধাৰ প্ৰয়াত সুকুমাৰ মেধিয়ে হেৰাই যাবলৈ ধৰা অথবা ইতিমধ্যে হেৰাই যোৱা কিছু লোক-কৃষ্টি যেনে জেজেৰা নৃত্য, মহো-হো, নাওখেল সম্বন্ধীয় গীত, হোলী গীত আদি উদ্ধাৰৰ লগতে পৰম্পৰাগত কিছু খেল-ধেমালী আদিও বিভিন্ন মাধ্যমৰ জৰিয়তে সংৰক্ষণ আৰু সংবৰ্ধনৰ ব্যবস্থা গ্ৰহণ কৰিছিল ।
ছয়গাঁৱৰ ধোৱাৰগাঁৱত তেখেতৰ মোমায়েকৰ ঘৰ সূত্ৰে এই গাঁওখনৰ লগতো প্ৰয়াত সুকুমাৰ দেৱৰ সম্বন্ধ বহু পুৰণি আৰু এৰাব নোৱাৰা ধৰণৰ । আমি গাওঁখনৰ প্ৰতিটো অনুষ্ঠানতে তেখেতৰ উপস্থিতি আৰু সহযোগিতা সদায়েই প্ৰত্যক্ষ কৰি আহিছোঁ । বিশেষকৈ ধোৱাৰগাঁও শ্ৰী শ্ৰী কৃষ্ণৰ দৌল আৰু সাংস্কৃতিক প্ৰকল্পৰ উদ্যোগত আয়োজিত দৌল উৎসৱত তেখেত আৰু তেখেতৰ সহযোগীৰ দ্বাৰা পৰিৱেশিত হোলী গীত ধোৱাৰগাঁও বাসুদেউ নামঘৰ সত্ৰৰ বিভিন্ন অনুষ্ঠানত তেখেতৰ অংশগ্ৰহণ আৰু সহযোগিতাই গাঁওখনৰ ৰাইজক মুগ্ধ কৰি আহিছে । গাওঁখনৰ এজন নেতৃস্থানীয় ব্যক্তি শ্ৰী যুত দিলীপ সাউদ ডাঙৰীয়াই জনোৱা মতে প্ৰয়াত মেধি ডাঙৰীয়াই ইয়াত অনুষ্ঠিত জিলাভিত্তিক সত্ৰীয় অনুষ্ঠানত ঊষা কীৰ্তনৰ দৰে একক আৰু অনন্য অনুষ্ঠান পৰিৱেশন কৰিছিল যিটো আজিও ধোৱাৰগাঁও ৰাইজে শলাগ লয় ।
অৱশেষত এইটোৱেই ক'ব বিচাৰো যে প্ৰয়াত সুকুমাৰ মেধি সঁচা অৰ্থত এজন লোক-কলা-সংস্কৃতিৰ সাধক, গৱেষক আৰু সাংস্কৃতিক কৰ্মী ।তেখেতৰ সাংস্কৃতিক জগতখনতেই যে কেৱল মাত্ৰ অৰিহণা আছিল এনে নহয় । বৰং শৈক্ষিক, সংবাদ মাধ্যম তথা সামাজিক অনুষ্ঠান সমূহৰ উৎকৰ্ষ সাধনৰ উপৰিও এইসমূহৰ সংস্কাৰৰ বাবেও তেখেতে আগভাগ লৈছিল । তেখেতৰ মৃত্যু ছয়গাঁও তথা দক্ষিণ কামৰূপৰ লগতে সামগ্ৰিকভাৱে অসমৰ সাংস্কৃতিক তথা শৈক্ষিক জগতখনৰ বাবে এক পূৰাব নোৱাৰা বৃহৎ ক্ষতি । সামৰণিত তেখেতৰ আত্মাৰ সদগতি কামনা কৰি তেখেতে দি থৈ যোৱা সাকাৰাত্মক সামাজিক-সাংস্কৃতিক বৰঙণিসমূহ উঠি অহা নৱপ্ৰজন্মই আগুৱাই নিব বুলি আশা ৰাখিলোঁ ।
ড° ফণীন্দ্ৰ কলিতা
অধ্যাপক, ৰাজনীতি বিজ্ঞান বিভাগ, ছয়গাঁও মহাবিদ্যালয়


0 Comments