header ads

তত্বাৱধায়িকাৰ একলম, ৬ষ্ঠ বছৰৰ ৩য় সংখ্যা,

 তত্বাৱধায়িকাৰ একলম



           শৈক্ষিক গোট 'জ্ঞানম' কামৰূপৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা , কামৰূপৰ সহযোগত প্ৰকাশিত ই-আলোচনী “জ্ঞানম” ৰ ষষ্ঠ বৰ্ষৰ তৃতীয় সংখ্যাটো কামৰূপ জিলাৰ ছয়গাঁও চৌধুৰীপাৰা নিবাসী অসমৰ জ্যেষ্ঠ সাংবাদিক, বিশিষ্ট লোক-সংস্কৃতিৰ সাধক সদ্য প্ৰয়াত সুকুমাৰ মেধি দেৱৰ স্মৃতিত উচৰ্গা কৰিলোঁ । 

১৩ এপ্ৰিল ২০২৬ তাৰিখে  ৰাতিপুৱাই আৰু এটা অনাকাঙ্খিত দুখৰ খবৰটো পালো যে, কামৰূপৰ সাংস্কৃতিক ৰত্ন, লোক সংস্কৃতিৰ সাধক, ক্ৰীড়া সংগঠক, বিশিষ্ট সমাজকৰ্মী আৰু শৈক্ষিক গোট , জ্ঞানম কামৰূপৰ শুভাকাঙ্খী তথা লেখক সুকুমাৰ মেধিদেৱে GMCH ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে । অত্যন্ত মৰ্মাহত হলোঁ ।  তেখেতেৰ পৰলোক প্ৰাপ্তি কামৰূপৰ সাংস্কৃতিক জগতখনত অপুৰণীয় ক্ষতি । অতি শান্ত, অমায়িক, মৃদুভাষী সুকুমাৰ মেধি ডাঙৰীয়াই দক্ষিণ কামৰূপৰ লোক সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অগ্ৰগণী ভূমিকা গ্ৰহন কৰিছিল । তেখেতৰ অক্লান্ত চেষ্টা, সাধনাৰ ফলশ্ৰুতিত নাও খেলৰ গীতৰ চৰ্চা কৰি সমাজত বিয়পাই দিবলৈ সক্ষম হৈছিল ।               তাৰোপৰি দক্ষিণ কামৰূপৰ ক্ৰীড়া আৰু সমাজ সংগঠক হিচাপে বিভিন্ন সামাজিক অনুস্থান- প্ৰতিষ্ঠানৰ লগত জড়িত আছিল । 

                 তেখেতৰ সাংস্কৃতিক সৃষ্টিৰাজী সমাজৰ মাজত চিৰযুগমীয়া কৰি ৰখাৰ মানসেৰে এই সংখ্যাটো তেখেতৰ বিষয়ে বিভিন্ন লেখা সন্নিবিষ্ট কৰাৰ লগতে উন্মোচনী অনুষ্ঠানৰ লগত সংগতি ৰাখি ২৩ মে, ২০২৬ তাৰিখে ছয়গাঁওস্থিত সাতগাঁও আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয় প্ৰাঙ্গনত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত “সুকুমাৰ মেধিৰ ডাঙৰীয়াৰ স্মৃতিত নাও খেলৰ গীতৰ কৰ্মশালা” আয়োজন কৰা হৈছে ।  তেখেতৰ বিষয়ে লিখা লেখনিসমূহত অজানিতে হৈ যোৱা ভুল-ক্ৰটিৰ মাৰ্জনা বিচাৰিছোঁ । 

               সুকুমাৰ মেধিদেৱলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ ।  আপুনি য'তেই আছে শান্তিৰে থাকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ । তেখেতৰ একমাত্ৰ পুত্ৰৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি তত্বাৱধায়িকাৰ একলম সামৰণি মাৰিব বিচাৰিছোঁ ।           

                 শৈক্ষিক গোট 'জ্ঞানম' কামৰূপৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা , কামৰূপৰ সহযোগত প্ৰকাশিত ই-আলোচনী “জ্ঞানম” ৰ ষষ্ঠ বৰ্ষৰ তৃতীয় সংখ্যাৰ সম্পাদনা সমিতিৰ সন্মানীয় সদস্য-সদস্যাসকলে লেখাসমূহ সম্পাদনা আৰু অলংকৰণ কৰা, প্ৰকাশৰ বাবে ৱেবচাইটত আপলোড কৰা, পি ডি এফ সংস্কৰণ আদি কাৰ্য সমূহ সমাপন কৰাৰ ক্ষেত্ৰত সুচাৰুৰূপে নিজৰ নিজৰ দায়িত্ব পালন কৰি যথা সময়ত আলোচনীখন প্ৰকাশৰ কাৰণে সাজু কৰি তোলাৰ বাবে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনালোঁ । 

                    



ফুলপাহি নাথ, তত্বাৱধায়িকা, ই-আলোচনী, 'জ্ঞানম' ।

শৈক্ষিক গোট 'জ্ঞানম', কামৰূপ

Post a Comment

0 Comments