এক বিৰল ব্যক্তিত্ব হেৰাই গ'ল
ছয়গাঁও তথা সমগ্ৰ দক্ষিণ কামৰূপৰ এক পৰিচিত নাম সুকুমাৰ মেধি । অকল পৰিচিতই নহয় প্ৰত্যেক গৰাকী ছয়গঞাৰ আপোন মানুহ আছিল সুকুমাৰ মেধি ডাঙৰীয়া । ছয়গাঁও তথা দক্ষিণ কামৰূপৰ প্ৰায় সকলো সামাজিক সংস্থা, সংগঠনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত এইগৰাকী অতিকৈ সমাজ হিতৈষী ব্যক্তিক হঠাৎ হেৰুৱাব লগা হোৱাটোৱে প্ৰতিগৰাকী ছয়গঞাক যথেষ্ট আঘাত দিছে।তেখেত শিক্ষা সাহিত্য, সংস্কৃতি, ক্ৰীড়া, স্বাস্থ্য, সংবাদ মাধ্যম এই সকলোবোৰৰে লগত জড়িত আছিল । এক কথাত কবলৈ গলে তেখেতৰ জীৱন টোৱেই আছিল মানুহৰ মাজত, মানুহৰ বাবে । একেখন ঠাইতে হোৱা হেতুকে ব্যক্তিগত ভাৱে তেখেতৰ সৈতে প্ৰায়ে ছয়গাঁৱত দেখা হৈছিল,বিশেষকৈ বহু কেইটা সামাজিক অনুষ্ঠানৰ জৰিয়তে তেখেতৰ লগত সম্পৰ্কটো বেছি গাঢ় হৈ পৰিছিল । কলেজত পঢ়ি থকা সময়ৰে পৰা তেখেতে সমাজ আৰু বিভিন্ন অনুষ্ঠানত আগবঢ়োৱা তেখেতৰ সেৱা সমূহ ভালকৈ দেখি আহিছিলো । তেখেতে বিভিন্ন সভা বা অনুষ্ঠানত আগবঢ়োৱা ভাষণ, আৰু নৱ প্ৰজন্মক আগবঢ়াই যোৱাৰ বাবে যি প্ৰেৰণা দিছিল, সেইবোৰে আমাকো বিভিন্ন ক্ষেত্ৰত আগবাঢ়িবলৈ যথেষ্ট উৎসাহ দিছিল । 2019 চনৰ কথা, মই তেতিয়া দক্ষিণ কামৰূপ কুইজ ফ'ৰামৰ এজন সাধাৰণ সদস্য হিচাপে আছিলোঁ, ছয়গাঁও মহাবিদ্যালয়ত আয়োজন কৰা এটা কুইজৰ অনুষ্ঠানত তেখেতক ফ'ৰামৰ তৰফৰ পৰা অভিনন্দন জনোৱা হৈছিল, সেই সময়তে তেখেতে ভাৰত চৰকাৰৰ পৰা লোক-কৃষ্টিৰ গুৰু উপাধি লাভ কৰিছিল । আৰু এয়াই আছিল তেখেতৰ দক্ষিণ কামৰূপ কুইজ ফ'ৰামৰ সৈতে এক বৰ্ণিল যাত্ৰাৰ আৰম্ভণি । ইয়াৰ পিছৰে পৰা ফ'ৰামে আয়োজন কৰা সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতাই হওঁক বা দক্ষিণ কামৰূপ কুইজ মহোৎসৱেই হওঁক, প্ৰতিটো অনুষ্ঠানত ৰাতিপুৱাৰ আৰম্ভণিৰ অনুষ্ঠানৰ পৰাই শেষলৈ তেখেতে মুখ্য উপদেষ্টা হিচাপে আমাক সাহস দি গৈছিল । অৱশ্যে ব্যক্তিগত ভাৱে কিন্তু তেখেতৰ সৈতে মোৰ সু-সম্পৰ্কটো অলপ বেলেগ এটা কাৰণতহে বেছি হৈছিল বুলি মই ভাবো । তেতিয়া ক'ভিদ মহামাৰীৰ সময়,2020 চন । ছয়গাঁও অঞ্চলৰ এই বিৰল যোদ্ধা গৰাকীয়ে মানুহক ক'ভিদৰ ভয়াৱহতাৰ পৰা ৰক্ষা কৰাৰ বাবে যি ধৰণে ছয়গাঁও তথা দক্ষিণ কামৰূপ বাসীৰ হৈ যুঁজিছিল,আজিও ভাবিলে আচৰিত লাগে । ক'ভিদৰ প্ৰথম সন্ত্ৰাস কিছু সাম কটাৰ পিছতে যেতিয়া ভেকচিন প্ৰক্ৰিয়া আৰম্ভ হৈছিল,তেতিয়া সুকুমাৰ মেধি ডাঙৰীয়াই অশেষ কষ্ট,ত্যাগ আৰু চেষ্টাৰে গোটেই ছয়গাঁও সমষ্টি বাসিক ভেকচিন পোৱাৰ ব্যবস্থা কৰাই দিছিল, সেই প্ৰচেষ্টাৰ সহযোগী হোৱাৰ সুযোগ ময়ো লাভ কৰিছিলো । স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ নাটনি হোৱা বাবে ছয়গাঁও শিক্ষা খণ্ডৰ অন্তৰ্গত প্ৰায় 20 গৰাকী মান শিক্ষকক এই ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়াত নিয়োজিত কৰা হৈছিল । তেখেতে প্ৰত্যেক খন গাৱঁৰ প্ৰত্যেক গৰাকী ব্যক্তিয়ে যাতে ঘৰৰ ওচৰতে আৰু অতি সহজতে ভেকচিন লাভ কৰে তাৰ বাবে স্বাস্থ্য আৰু শিক্ষা বিভাগক একলগ কৰি গাঁৱে গাঁৱে গৈ গৈ ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছিল । এই গোটেই প্ৰক্ৰিয়াটো সুকুমাৰ মেধি ডাঙৰীয়াই ছয়গাঁও ৰাজহ চক্ৰ বিষয়া, ছয়গাঁও স্বাস্থ্য কেন্দ্ৰৰ তত্বাৱধায়ক আৰু ছয়গাঁও শিক্ষা খণ্ডৰ খণ্ড বিষয়া মহোদয়ৰ লগত যোগসূত্ৰ স্থাপন কৰি আগুৱাই নিছিল। ক'ত , কেতিয়া ,কেনেকৈ,কিমান মানুহক ভেকচিন দিয়া হব তাৰ সমগ্ৰ পৰিকল্পনা আৰু ব্যৱস্থাপনা তেওঁ কৰিছিল । তেওঁ যে অকল পৰিচালনাই কৰিছিল তেনে নহয়, তেখেতে নিজৰ চাইকেল খন লৈ 10-15 কিলোমিটাৰ দূৰৰ প্ৰতিটো চেণ্টাৰত উপস্থিত হৈ নিজেই গোটেই প্ৰক্ৰিয়াটো পৰ্যালোচনা কৰিছিল । আজিও অনুভৱ কৰোঁ সেই বিভীষিকাময় পৰিৱেশত কেনেকৈ তেখেতৰ সাহস আৰু উৎসাহৰ বাবে আমিও একেলগে ছয়গাঁও সমষ্টিৰ প্ৰতিখন গাঁৱৰ প্ৰত্যেক গৰাকী ব্যক্তিক ভেকচিন দিয়াৰ দৰে এক বৃহৎ প্ৰক্ৰিয়া সফল কৰিবলৈ সক্ষম হৈছিলো । কোনো ব্যক্তিগত স্বাৰ্থ আৰু লাভালাভৰ কথা নাভাবি এই মহামাৰীৰ মাজত নিজৰ জীৱনৰ কথাও নাভাবি সমাজৰ হৈ এনেদৰে কামকৰা মানুহজন এনেকৈ হঠাৎ গুচি যাব বুলি কাহানিও ভাবিব পৰা নাছিলো । যুৱ সমাজে সুকুমাৰ মেধি দাদাৰ পৰা অনুকৰণ কৰিব লগা বহুত গুণ তেখেতৰ আছিল । তাৰ ভিতৰত তেখেতৰ দুটামান গুণে মোৰ মনত সাঁচ বহুৱাই থৈ গৈছে । তাৰ ভিতৰত এটা হল তেখেতৰ যিকোনো অনুষ্ঠানত এক মিনিটত পলম নকৰাকৈ সময় মতে উপস্থিত হোৱাৰ সেই বিৰল গুণটো,যিটো প্ৰতিজন অসমীয়াই হৃদয়ংগম কৰা উচিত । দুই এটা অনুষ্ঠানত তেখেতক নিমন্ত্ৰণ কৰাৰ পিছত তেখেত নিৰ্দিষ্ট সময়ত উপস্থিত হোৱাৰ পিছতো আমি সময়মতে অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰি কেতিয়াবা লাজত পৰিব লগাও নোহোৱা নহয় । আনহাতে তেখেতক প্ৰায়ে কিতাপ দোকানত লগ পাইছিলো, তেখেতৰ এটা অভ্যাস আছিল বিবাহ বা অন্য তেনেকুৱা অনুষ্ঠানত তেওঁক নিমন্ত্ৰণ দিলে তেওঁ উপহাৰ হিচাপে কিতাপ দিছিল, আমাৰ আগত প্ৰায়েই কৈছিল বেলেগ উপহাৰ দিলে পৰি থাকিব,কিন্তু কিতাপ যুগ যুগ ধৰি থাকি যাব,কোনোবাই হলেও এদিন পঢ়িব, কেতিয়াও পেলাই নিদিয়ে । তেখেতৰ এই গুণটোৱে মোক বাৰুকৈয়ে চুই গৈছিল, আৰু কিছু কিছু নিজৰ ক্ষেত্ৰত এই গুণটো গঢ় দিবলৈ চেষ্টা কৰি আহিছো।তেখেত যদিও বয়সত আমাতকৈ যথেষ্ঠ জ্যেষ্ঠ আছিল, তথাপি সদায় তেখেতক আমাৰ মাজৰ এজন যেনেই লাগিছিল, তেখেতে সকলোৰে লগত এনেকৈ মিলি গৈছিল যে তাত বয়সৰ কোনো বান্ধোন নাই । যোৱা বছৰ যেতিয়া অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা হেৰাই গৈছিল, তেতিয়া দক্ষিণ কামৰূপ কুইজ ফ'ৰাম আৰু কৃষ্ণৰাম দাস শিক্ষণ মহাবিদ্যালয়ে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত তেখেতে পৰিৱেশন কৰা প্ৰাৰ্থনাটো এতিয়াও কাণত বাজি উঠে। পাহৰিব নোৱাৰা এক বিৰল ব্যক্তিত্ব,সেই সুমধুৰ মাতটো আমাৰ মাজৰ পৰা হেৰাই গ'ল । আমি তেওঁৰ পৰা বহুত পাবলৈ,বহুত জানিবলৈ বাকী থাকি গ'ল । তেখেত আঁতৰি গল যদিও তেখেতে আমাক বাট দেখুৱাই থৈ গল, ছয়গাঁও তথা দক্ষিণ কামৰূপক এটা নাম দি গ'ল যিটো নাম সদায় আমাৰ মাজত সু...কুমাৰ হৈ থাকিব ।
কমল দাস
সহকাৰী শিক্ষক,
হাতীপাৰা আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়
শিক্ষাখণ্ড : ছয়গাঁও


0 Comments