এক অদৃশ্য যুদ্ধ
১৯৪৫ চনৰ মাৰ্চ মাহ ।
গুৱাহাটী চহৰ।
সেমেকা পুৱাৰ বুকুত ব্ৰহ্মপুত্ৰই আজিও সেই পুৰণি উদাসীনতাৰে চহৰখনৰ কাষেৰে বৈ গৈছিল । তাৰ বিশাল, ধূসৰ জলৰাশিয়ে পাৰৰ পাহাৰবোৰৰ চূড়া আৰু মাছমৰীয়া নাওবোৰৰ প্ৰতিবিম্ব সদায়ৰ দৰে আজিও নিজৰ বুকুত সুমুৱাই লৈছিল ।
কিন্তু তাৰ বাহিৰে সকলো সলনি হৈ গৈছিল । পুৰাণত ‘পুৱৰ পোহৰৰ চহৰ’ বুলি বন্দিত প্ৰাগজ্যোতিষপুৰৰ জ্যোতি আজি এক ভয়াৱহ যুদ্ধৰ ধুমুহা-বতাহত নিৰ্বাপিত হ'বলৈ উপক্ৰম হৈছে- এনে এখন যুদ্ধ, যাৰ অংশ হ’বলৈ চহৰখনে কাহানিও বিচৰা নাছিল ।
পানবজাৰৰ আহল-বহল গলিকেইটা এতিয়া ব্ৰিটিছ সাম্ৰাজ্যৰ ঘাই পথলৈ ৰূপান্তৰিত হৈছে । আমেৰিকান জীপবোৰে যেতিয়া এক বেপৰোৱা গতিৰে বাটৰ মানুহ আৰু কুকুৰৰ মাজৰ তফাৎ নোহোৱা কৰি ধূলি উৰুৱাই গৰ্জন কৰি পাৰ হৈ যায়, মানুহবোৰে নিজৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে পথৰ দাঁতিলৈ দৌৰাৰ বাহিৰে একো উপাই নাথাকে । কোনোবা দুৰ্ভগীয়াৰ বাবে এই জীপবোৰৰ গতি স্তিমিত হ'লে মিত্ৰ শক্তিৰ সৈনিকৰ বজ্ৰ প্ৰহাৰত কোনোমতেহে সি-ফলীয়া নোহোৱাকৈ থাকে ।
মূৰৰ ওপৰত আকাশখনে অবিৰতভাৱে গৰ্জন কৰি থাকে । বৈমানিকসকলে ইয়াক ‘দা হাম্প’ (The Hump) বুলি কয় । মিত্ৰবাহিনীৰ এই বিশাল পৰিবাহী বিমানবোৰে হিমালয়ৰ ওপৰেৰে চীন দেশৰ অভিমুখে কৰে অবিৰত যাত্ৰা । মাধ্যাকৰ্ষণ, বতৰ আৰু ভাগ্যৰ সৈতে যুঁজি ইঞ্জিনবোৰে বিকট চিঞৰ মাৰে । এই কাণ তাল মৰা আৱাজ লাহে লাহে চহৰখনৰ বাবে সাধাৰণ কোলাহল যেনেই হৈ পৰিছিল । মুঠৰ ওপৰত প্ৰাগজ্যোতিষপুৰৰ জ্যোতি এতিয়া ঢিমিক-ঢামাকৈহে জ্বলি আছিল ।
ব্ৰিটিছসকলে ভাবিছিল অসম কেৱল এক সীমান্ত, জাপানৰ বিৰুদ্ধে এখন ঢাল । তেওঁলোকে বুজা নাছিল যে ই আচলতে ভাৰত নামৰ এটা বিশাল বাৰুদৰ দ'মৰ শলিতা, য'ত ফিৰিঙতি এটা পৰা মানেই পুৰি ছাৰখাৰ হ'ব পাৰে কাহানিও সূৰ্যাস্ত নোহোৱা ব্ৰিটিছ সাম্ৰাজ্য ।
সদ্য সমাপ্ত ভাৰত ত্যাগ আন্দোলনে শিকাইছিল ধৈৰ্য আৰু মৌনতাৰে কেনেদৰে ধোঁৱাৰ দৰে নিঃশব্দে চৌপাশে বিয়পি পৰিব লাগে আৰু এই শিক্ষা ভাল দৰে আয়ত্ত কৰিছিল অসমৰ সাহসী ডেকা-গাভৰুবোৰে ।
কটন কলেজৰ পৰা ওলাই আহিয়েই নয়নে নিজৰ চশমাযোৰ ঠিক কৰি চৌপাশে নজৰ দিলে । বিয়লি বেলাৰ সূৰ্যৰ পোহৰত ঐতিহাসিক অট্টালিকাটো শেঁতা দেখাইছিল ।
নিৰ্জন বাট। কলেজখনত বাহৰ পতা আমেৰিকান আৰু ব্ৰিটিছ সৈনিকৰ উশৃংখল শব্দৰ বাহিৰে সকলো নিমাত । বাহ্যিক দৃষ্টিত শান্ত নয়নৰ বুকুৰ ভিতৰত কিন্তু দুইধৰণৰ ধুমুহা বলি আছিল । উত্তেজনা লুকুৱাই সি বুকুত যোৰকৈ সাৱটি ধৰিছিল সদ্য প্ৰকাশিত 'অসীমত যাৰ হেৰাল সীমা'ৰ এটা কপি । দেখাত এক অতি সাধাৰণ, নিৰীহ ৰূপ ।
কিন্তু ইয়াৰ ফোপোলা মলাটৰ ভিতৰত লুকুৱাই থোৱা আছিল ব্ৰিটিছ খাৰঘৰত থকা যিকোনো গোলা-বাৰুদতকৈও অধিক বিস্ফোৰক বস্তু ।
‘দ্য ফ্ৰী ইন্দিয়া’ (The Free India) নামৰ নিষিদ্ধ ইস্তাহাৰৰ তিনিটা কপি । প্ৰতিটো পৃষ্ঠা লণ্ডনৰ মচনদ কঁপাবলৈ সামৰ্থবান, প্ৰতিটো শব্দ অবৈধ, প্ৰতিটো বাক্য যেন জুইৰ লেলিহান শিখা ।
ডিগবৈৰ ওচৰত আছাম-বেংগল ৰেলপথ ধ্বংস কৰাৰ এক মুকলি আহ্বান । ব্ৰিটিছ সাম্ৰাজ্যৰ ডিঙি চেপি ধৰাৰ সংকল্প । এক গণ-বিদ্ৰোহৰ হুংকাৰ । ধৰা পৰিলে ইয়াৰ শাস্তি অনিবাৰ্য মৃত্যু ।
আৰু আনফালে যৌৱনৰ দাওদাওকৈ বাঢ়ি অহা জুইকুৰা । কলেজত নতুনকৈ নাম লগোৱা মৰমলগা ছোৱালীজনী:
সাধনা ।
পৰাধীনতাৰ শিকলি ভঙাৰ কুচকাৱাজ কৰি কৰি সি অনুভৱ কৰিছে প্ৰেমৰ শিকলিয়ে লাহে লাহে মেৰিয়াই ধৰিছে তাৰ হৃদয় ।
নাই সি প্ৰকাশ নকৰে হৃদয়ৰ গোপন কথা । অগ্নিপথৰ পথিক সি, লক্ষ্য যাৰ স্বৰাজ ।
প্ৰেমৰ বাবে অৱকাশ নাই, মাতৃভূমিয়ে যৌৱনৰ বলিদান বিচাৰে আৰু সি তাৰ বাবে সাজু ।
নয়ন অতি স্বাভাৱিকভাৱেই আগবাঢ়ি গৈ থাকিল ।
লতাশিল পথাৰখন ৰূপান্তৰিত হৈছিল আধা খেলপথাৰ আৰু আধা সামৰিক ছাউনিলৈ । জলফাইৰঙী তম্বুবোৰ শাৰী শাৰীকৈ থিয় হৈ আছিল । সেইবোৰ পহৰা দি থকা ভাৰতীয় চিপাহীসকলৰ চকুত আনুগত্যতকৈ ক্লান্তিহে বেছি ফুটি উঠিছিল । নয়নে তেওঁলোকৰ ফালে নোচোৱাকৈয়ে পাৰ হ’ল । সেই ফালে চোৱাটোও আছিল বিপজ্জনক ।
কোনেও গ'ম নোপোৱাকৈ সি ভোলাকাইৰ চাহৰ দোকানখনৰ ভিতৰলৈ সোমাই গ'ল । কাঠৰ ভঙা-চিঙা দোকানখন এনেকৈ হালি আছিল যেন দোকানখনো থিয় হৈ হৈ ভাগৰি পৰিছে । বুঢ়া মানুহজনে তাক একো সোধা নাছিল । গুৰুত্বপূৰ্ণ মুহূৰ্তবোৰত তেওঁ কেতিয়াও একো নোসোধে ।
নয়ন বহিল, কিতাপখন মেজৰ ওপৰত থ’লে আৰু সৰু মাতেৰে ক’লে, “ৰঙা চাহ । আদা অলপ সৰহকৈ ।”
ভোলাকাইয়ে অতি লাহেকৈ চাহ কাপ ঢালিলে । আইনাৰ গিলাচটো কাঠৰ মেজখনত অলপ শব্দ কৰি থ'লে, যি শব্দ নয়নৰ কাণত বৰ ডাঙৰকৈ বাজিল । তাৰ ফালে নোচোৱাকৈয়ে ভোলাকায়ে ক’লে, “আঁৰ কাপোৰখন বহুপৰলৈ নাথাকিব যেন লাগিছে ।" কথা কেইটা আদা কটা কটাৰীখনৰ দৰেই চোকা । নয়নে মুখলৈ নিব খোজা চাহৰ গিলাচটো পুনৰ মেজখনত থ'লে ।
ভোলাকায়ে ফুচফুচাই ক’লে, “দুঘণ্টা আগৰ কথা । উজান বজাৰৰ ছাইক্ল’ষ্টাইল(cyclostyle) মেচিনটো জব্দ কৰিলে ।"
অলপ ৰৈ আকৌ ক’লে, “ইমানকৈ অত্যাচাৰ কৰিলে যে ৰমেশে মুখ মেলিবলৈ বাধ্য হ’ল ।”
নয়নৰ চকুৰ সন্মুখত পৃথিৱীখন যেন কঁপি উঠিল । “নামবোৰ?” নয়নে ফুচফুচালে ।
ভোলাকায়ে মূৰ জোকাৰিলে । “এতিয়াও কোৱা নাই, কিন্তু কিমানলৈ সহিব, হয়তো আজি নহয় কাইলৈ মুখ খুলিব ।”
বাহিৰত দুজন চিপাহী পাৰ হৈ গ’ল ।
ভোলাকায়ে আৰু অলপ কাষ চাপি ক’লে,
“তেওঁলোকে পৰিচয়-পত্ৰ চাই ফুৰিছে । বেগবোৰ খানাতলাচ কৰিছে । আন্ধাৰ হোৱাৰ পাছত যিয়েই বাহিৰ ওলাব...”
তেওঁ কথাষাৰ শেষ নকৰিলে ।
শেষ কৰাৰ প্ৰয়োজনো নাছিল। নয়নে বুজি পাইছিল ।
বেলিটো পাহাৰৰ আঁৰত লুকাই যোৱাৰ লগে লগে গুৱাহাটীৰ ৰূপ সলনি হৈ গ’ল । নিশা নহয় যেন এক ঘোপমৰা অন্ধকাৰ ।
ব্লেকআউট ।
দোকানৰ দুৱাৰবোৰ বন্ধ হৈ পৰিল । চাকিৰ পোহৰ নাইকিয়া হ’ল । ব্ৰিটিছসকলৰ ভয় আছিল যে জাপানী বোমাৰু বিমানবোৰে ব্ৰহ্মপুত্ৰ নদীৰ ৰূপালী সোঁতটোক অনুসৰণ কৰি বাট বিচাৰি পাব । গতিকে, তেওঁলোকে পোহৰ মচি পেলালে । সকলো পোহৰ । প্ৰাচীন প্ৰাগজ্যোতিষপুৰত আধুনিক অন্ধকাৰ বিয়পি পৰিল ।
এই অন্ধকাৰৰ বেহু ফালি ভোলাকাইৰ নিৰ্দেশমতে চোতালৰ সোঁমাজত শেৱালি গছ থকা ঘৰটো বিচাৰি নয়নে উজান বজাৰৰ ঠেক গলি এটাত ভৰি থৈছিল মাথোঁ ।
হঠাৎ এক দীঘলীয়া বিকট যান্ত্ৰিক চিঞৰ,
উউউউউউউউউইইইইইইইইইইইই—
তাৰ শৰীৰৰ প্ৰতিটো শিৰা-উপশিৰা সজাগ হৈ উঠিল ।
“ব্লেকআউট! ক্লায়াৰ দি ৰড!”
"ন' লাইটচ... ইটচ্ এন অৰ্দাৰ"
এদল সৈন্যৰ মিচিল পাৰ হৈ গ'ল ।
তাৰ পাছত কেৱল অন্ধকাৰ । এক নিৰৱ, সৰ্বগ্ৰাসী অন্ধকাৰ । ধুমুহাৰ আগৰ নিৰৱতা
নয়নে নিজকে দেৱাল এখনৰ সৈতে গুজি দিলে, বুকুখন ইমান জোৰেৰে ধপ্ধপাইছিল যে সি ভাবিছিল সেই শব্দতেই ধৰা পৰি যাব ।
ঠিক তেনেতে আন্ধাৰ ফালি চোকা টৰ্চৰ পোহৰ আহি পৰিল তাৰ সন্মুখত, সেই পোহৰে তাক যাতে ঢুকি নাপায় সেয়ে সি আৰু কেইখোজমান পিছুৱাই গ'ল ।
"হুজ দিয়াৰ? ইউ ব্লাডি ৰাছকেলচ্ গেট ইনচাইড ইয়ৰ হাউচেচ অৰ পেৰিচ”
এজন ব্ৰিটিছ বিষয়াই গৰ্জন কৰি উঠিল । একেবাৰে ওচৰত পাইছিল । সি কথমপি ধৰা নপৰাকৈ সাৰি গ'ল । গলিটো তন্ন তন্নকৈ পৰীক্ষা কৰিছিল । সুপৰিকল্পিতভাৱে । ধৈৰ্য্যৰে । চিকাৰ কৰাৰ দৰে ।
যদি তেওঁলোকে কিতাপখন বিচাৰি পায়...
নয়নে চিন্তা কৰিবলৈ সময় নাপালে । খৰকৈ খোজ দিলে ।
আন্ধাৰতে খেপিয়াই খেপিয়াই সি অৱশেষত বাঁহৰ জেওৰা এখন পাৰ হৈ আহিল । মুহূৰ্ততে গোটেই পৃথিৱীখন সলনি হৈ গ’ল । ৰাস্তাৰ চিঞৰ-বাখৰ নাইকিয়া হ’ল । ভয়াৱহ বতাহজাক যেন থমকি ৰ’ল । উশাহটো চুটি কৰি সি মাটিত কুঁচি-মুঁচি বহিল। পহৰাদাৰী দলটো বেৰৰ সিপাৰেৰে পাৰ হৈ গ’ল ।
টৰ্চৰ চোকা পোহৰ আৰু বুটৰ শব্দ লাহে লাহে ম্লান হৈ পৰিল । স্বস্তিৰ নিশ্বাস এৰি সি চকু দুটা মুদিলে
"উফ্!!! এইবাৰলৈ ৰক্ষা"
এটা মৃদু সুবাস তাৰ নাকত লাগিল । মিঠা, নিৰ্মল, এই পৰিৱেশৰ সৈতে অমিল । শেৱালি ফুল ।
সি ওপৰলৈ চালে । চোতালৰ মাজত শেৱালি গছ এজোপা, তাৰ বগা ফুলবোৰ আন্ধাৰতো সৰি পৰা তৰাৰ দৰে জিলিকি আছিল । সি ঈশ্বৰক ধন্যবাদ দিলে অজানিতে ইমান বিপদ সংকুল পথেৰে হ'লেও লক্ষ্য স্থানলৈ পৌচাই দিয়াৰ বাবে ।
অলপ দূৰৈত থকা ঘৰটোৰ ওচৰলৈ নয়ন আগুৱাই গ'ল । দুৱাৰত টোকৰ মাৰিব খুজোঁতেই দুৱাৰখন খোল খালে । এটা ছায়ামূৰ্তি আগবাঢ়ি আহিল, ভিতৰৰ পোহৰ যাতে বাহিৰলৈ নোলায়, তাৰ বাবে কাপোৰ এখন ধৰি ৰাখিলে । জোনৰ পোহৰত মুখখন স্পষ্ট হৈ পৰিল ।
সাধনা ।
মুহূৰ্তৰ বাবে নয়নৰ বিশ্বাস নহ’ল । তাই ইয়াত!! তাইৰ স্থান আছিল শ্ৰেণীকোঠাত, কিতাপৰ মাজত,লাইব্ৰেৰীত । ইয়াত নহয় । এই আন্ধাৰত নহয় । এই যুদ্ধত নহয় ।
“জাপানী আক্ৰমণৰ ভুৱা বাতৰিৰ বাবে জাৰি কৰা এই ব্লেক আউটৰ কাৰণেই তোমাৰ পলম হ’ল চাগে ।”
সকলো নিস্তব্ধতা ভেদি ওলাই আহিল তাইৰ কণ্ঠস্বৰ । শান্ত, স্পষ্ট, নিয়ন্ত্ৰিত । আচৰিত হোৱাৰ কোনো চিন নাই ।
নয়নে একেথৰে চাই ৰ’ল । “তুমি...?”
“সময় নাই,” তাই খৰখেদাকৈ ক’লে আৰু হাতখন আগবঢ়াই দিলে । “ইস্তাহাৰখিনি দিয়া ।”
তাইৰ বিষয়ে নয়নে যি ভাবিছিল সকলো এক মুহূৰ্ততে থানবান হৈ গ’ল । কঁপি থকা হাতেৰে তেওঁ কিতাপখন মেলিলে আৰু কাগজকেইখন উলিয়াই দিলে । তাই কোনো দ্বিধা নোহোৱাকৈ সেইবোৰ চাদৰৰ আচলেৰে ঢাকি ভিতৰলৈ সোমাই গ'ল ।
নয়নেও পিছ ল'লে ।
"উজান বজাৰৰ ছপাশালটো আজি জব্দ কৰিলে লগতে সেইটোৰ গৰাকী ৰমেশকো ধৰি নিলে ।"
সাধনা নিশ্চুপ হৈ থাকিল ।
"এই ইস্তাহাৰ কেইখন যিকোনো উপায়েৰে ছপা কৰি বিলাব লাগিবই নহ'লে..."
"নহ'লে কি?" হঠাৎ ৰৈ সাধনাক ঘূৰি তাৰ ফালে চালে ।
"নহ'লে কি তুমি নাজানা ?"
"নয়ন" তাই প্ৰথমবাৰলৈ তাক নাম কাঢ়ি মাতিলে, বিপ্লৱৰ সহযোদ্ধাক নাম কাঢ়ি মতাতো নিয়ম । "আমাৰ এই যুদ্ধ অত্যাচাৰৰ বিৰুদ্ধে, এটা মাত্ৰ মেচিনৰ অভাৱে ইয়াক নিস্তেজ কৰিব নোৱাৰে । লাগিলে আমি হাতেৰে লিখিম ।"
তাইৰ দৃঢ় সংকল্প দেখি নয়নেও বুকুত অদম্য সাহস অনুভৱ কৰিলে ।
"অ' আমি হাতেৰে লিখিম ।"
এইবাৰ তাই ওচৰ চাপি আহি ক'লে, "লিখিম যেতিয়া প্ৰয়োজন হ'ব, এতিয়া প্ৰয়োজন নাই। আন এটা ছপাশাল আছে আমাৰ এইটো ঘৰতে, উজান বজাৰৰটোতকৈ দুগুণ কাগজ ছপা কৰিবলৈ সমৰ্থৱান ।"
নয়ন হতবাক হ'ল ।
“ৰাতিপুৱাৰ ভিতৰত,” তাই কৈ গ’ল, “এইবোৰ আমাৰ প্ৰতিটো সদস্যৰ হাতে হাতে হ'ব ।”
তাই আৰু অলপ কাষ চাপি আহিল, মাতটো আৰু সৰু কৰি ক’লে,
“তুমি এতিয়া যোৱাগৈ, মোৰ বহুত কাম আছে । সময় একেবাৰে কম । এই ৰাতিটোৱে দেশৰ ভবিষ্যৎ নিৰ্ণয় কৰিব ।”
আজলী যেন লগা এই ছোৱালীজনীৰ কৰ্ম আৰু সাহস দেখি শ্ৰদ্ধাত তাৰ মূৰ দো খাই গ'ল ।
তাই পুনৰ লাহেকৈ ক’লে— “সাৱধানে যোৱা । দেশে আমাৰ দৰে ডেকা শক্তিৰ বলিদান বিচাৰে । মনত ৰাখিবা এই বলিদান যাতে সৰল নহয় ।”
তাৰ পিছত অলপ নিস্তব্ধতা । দুয়োৰে মাজত এক অব্যক্ত ভাষা পাৰ হৈ গ’ল । চিনাকি । ক্লাছৰ লগৰীয়া হিচাপে নহয়, বৰঞ্চ দুজন সমান সহযোদ্ধা হিচাপে । সহ-বিপ্লৱী হিচাপে ।
নয়নে এবাৰ মূৰ জোকাৰিলে ।তাৰ পাছত ঘূৰি খোজ ল’লে ।
নদীৰ পাৰৰ বাটটো উকা আছিল । চহৰখনে আকৌ উশাহ ল’বলৈ চেষ্টা কৰিছিল ভয়াল পৰিৱেশত কেইজনমান মৃত্যুঞ্জয় ডেকা-গাভৰুৰ বুকুৰ অদম্য সাহসক সাৰথি কৰি…
ৰাকেশ দাস
কাহিলিপাৰা, গুৱাহাটী-১৯


0 Comments