সাম্প্ৰতিক সময়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ প্ৰাসংগিকতা
অসমৰ ইতিহাসত বিষ্ণুপ্ৰসাদ ৰাভা আছিল এজন অসমীয়া সংস্কৃতিৰ পূজাৰী । তেখেত একাধাৰে এগৰাকী কবি, গীতিকাৰ, নাট্যকাৰ, নৃত্যবিদ, মুক্তি যুঁজাৰু আছিল । তেখেতে গীতৰ মাধ্যমেৰে সমাজক সচেতন কৰাৰ উপৰিও জাতিটোলৈ সজাগতা আনি দিয়াত যথেষ্ট অৰিহণা যোগালে । অসমীয়া জাতি, ধৰ্ম, উচ্চ -নীচ ভেদাভেদে এখন বৃহত্তৰ অসমীয়া সমাজ গঠনৰ বাবে প্ৰয়োজন হোৱা বিপ্লৱৰ সুৰ তেখেতৰ গানৰ মাজেদি প্ৰতিধ্বনিত হোৱা দেখা যায় । সেয়ে তেওঁ গীতৰ যোগেদি প্ৰকাশ কৰিছে -
'ব'ল ব'ল ব'ল ব'ল
কৃষক শক্তি দল
অ' বনুৱা অসমীয়া
আগবাঢ়ি যাওঁ ব'ল.....'
তেখেতৰ গীতসমূহে বিপ্লৱী আদৰ্শ আৰু প্ৰকৃত স্বাধীনতাৰ বাবে দেশৰ সংগ্ৰামৰ প্ৰতিফলনৰ পৰিচয় দিছে---
' স্বাধীনচিতীয়া হালোৱা ডেকা ৰণুৱা
পঞ্চায়তী যুগৰ ন মনৰে মনুৱা...'
তেখেতৰ 'অ অসমীয়া ডেকাৰ দল' , 'সুৰৰে দেউলৰে' , 'আজি মন্দিৰৰ দুৱাৰ খোলা' , 'দুখীয়া কলিজা নিঙাৰি ল'ব ' আদি অনেক গীতত স্বদেশ প্ৰেমৰ সুৰ প্ৰত্যক্ষ কৰা যায় ।
দেশপ্ৰেমিক বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতত আকৌ প্ৰেমৰ আবেগ মন কৰিবলগীয়া । তাৰে ভিতৰত -
' নাহৰ ফুলে নুশুৱাই,তগৰ ফুলে শুৱাব
তগৰ ফুলে নুশুৱাই, কপৌ ফুলে শুৱাব....'
আন এটি গীত -
' মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগে নে ...'
সেইদৰে ব্যৰ্থ প্ৰেমৰ সুৰো প্ৰকাশ পাইছিল -
'পৰজনমৰ শুভ লগনত, যদিহে আমাৰ হয় দেখা,
পূৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা
পৰজনমৰ শুভ লগনত .....'
তেখেতে আন এটি গীতত আহোম বুৰঞ্জীৰ মহীয়সী নাৰী জয়মতীৰ আত্মত্যাগক লৈ দুখ অনুভৱ কৰি লিখিছিল --
'জয় সাগৰৰ বুকুৰ মাজত
উঠে চকুলোৰে ঢল,
মলিয়াই তোলে
হিয়াভগা সুৰ,
কৰুণ বিননি ৰোল
জয়া নাই জয়া নাই '....
তেখেতৰ অন্তিম তথা কালজয়ী গীত, যিটো ১৯৬৯ চনত মৃত্যুৰ আগে আগে তেওঁ লিখি থৈ গৈছে-
'এয়ে মোৰ শেষ গান
মোৰ জীৱন নাটৰ
শেষ ৰাগিনী
কল্যাণ খৰমান
এয়ে মোৰ শেষ গান......'
বিষ্ণু প্ৰসাদ ৰাভাৰ গীতত সামাজিক শোষণৰ বিৰুদ্ধেও প্ৰতিবাদী কণ্ঠ শুনিবলৈ পোৱা গৈছিল আৰু এই গীতৰ মাধ্যমেৰে জনতাৰ মাজত সমাজ সচেতন শিল্পীৰূপে তেওঁ পৰিচিত হৈ আহিছে । সেয়ে তেখেতৰ মৃত্যু তিথি ২০ জুন তাৰিখটো 'ৰাভা দিৱস' হিচাপে পালন কৰি অহা হৈছে । কিন্তু আমি প্ৰতি বছৰে কেৱল তেখেতলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি জনাই 'ৰাভা দিৱস' পালন কৰিলেই নহ'ব , তেখেতৰ সৃষ্টিৰাজিক চৰ্চাও কৰি যাব লাগিব ।
তেখেতৰ স্মৃতিত তিলক দাসে ' বিষ্ণু প্ৰসাদ এতিয়া কিমান ৰাতি ' আৰু বিষ্ণু ৰাভা পুনৰ আহিব উভতি ' শীৰ্ষক দুখন জীৱনী লিখি উলিয়াইছিল । সাম্প্ৰতিক সময়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ গীতৰ অধ্যয়নৰ যথেষ্ট প্ৰাসংগিকতা আছে আৰু এই সন্দৰ্ভত বিস্তৃত আলোচনা -বিলোচনা কৰাৰ উপৰিও গৱেষণা কৰাৰো থলো আছে ।
ৰাজশ্ৰী বুঢ়াগোহাঁই
সহকাৰী শিক্ষয়িত্ৰী
কস্তুৰবা গান্ধী বালিকা বিদ্যালয়
শিক্ষাখণ্ড : ছমৰীয়া


0 Comments