অলকানন্দৰ ঠিকনা
উৎসৱৰ দিনটোৰ অন্ততঃ এই ক’লা ড্ৰেইনটোলৈ চাই নিজকে কষ্ট নিদিবা দেউতা। ব’লা, ভিতৰলৈ ব’লা।"— বোৱাৰীয়েক নম্ৰতাই চাহৰ কাপটো হাতত দি নীলমাধৱক ক’লে।
আশী বছৰীয়া নীলমাধৱে খিৰিকীৰ কাষৰ আৰাম চকীখনৰ পৰা চকুহাল আঁতৰাই আনিলে। গুৱাহাটীৰ অনিল নগৰৰ এই পুৰণি ঘৰটোৰ ঠিক সন্মূখেদিয়েই বৈ গৈছে চহৰৰ আটাইতকৈ ডাঙৰ ক’লা পানীৰ সুঁতিটো, যাক আধুনিক গুৱাহাটীয়ে ‘ভৰলু নলা’ বুলি জানে। প্লাষ্টিকৰ বটল, ডাইপাৰ, পঁচা আৱৰ্জনা আৰু কল-কাৰখানাৰ ৰাসায়নিক ক’লা পানী-বোকাৰে ওপচি থকা এই সুঁতিটোৰ পৰা অহা দুৰ্গন্ধই চৌপাশ চানি ধৰিছে।
কিন্তু নীলমাধৱৰ বাবে ই নলা নাছিল। তেওঁ চকু মুদিলেই সত্তৰৰ দশকৰ সেই দিনটোলৈ ঘূৰি যায়, যেতিয়া মেঘালয়ৰ পাহাৰৰ পৰা কাঁচৰ দৰে স্বচ্ছ পানী লৈ ভৰলু বৈ আহিছিল। সেই ভৰলুৰ পাৰতে তেওঁ লগ পাইছিল জীৱনৰ প্ৰথম প্ৰেম ‘অলকানন্দা’ক। ভৰলুৰ বুকুত হাত বুলাই অলকানন্দাই কৈছিল— "নীল, নদী যিদৰে চিৰকাল বৈ যায়, আমাৰ মৰমবোৰোও সেইদৰে বৈ থাকিব।" কিন্তু এক ভয়াৱহ দুৰ্ঘটনাত অলকানন্দাই অকালতে প্ৰাণ হেৰুৱালে। কিছুদিন পাছত নীলমাধৱে বিয়া কৰালে, সংসাৰ কৰিলে, চহৰখন কংক্ৰীটৰ অৰণ্য হ’ল, কিন্তু তেওঁ ভৰলুৰ পাৰ এৰি কতো নগ’ল। তেওঁ ভাবিছিল, ভৰলু জীয়াই থকা মানেই অলকানন্দা জীয়াই থকা ।
কিন্তু বিগত ত্ৰিশ বছৰত চহৰৰ মানুহে ভৰলুক মৰিয়াই মৰিয়াই হত্যা কৰিলে। ঘৰুৱা লেতেৰা পানী, হস্পিতালৰ আৱৰ্জনা আৰু ফেক্টৰীৰ বিষাক্ত কেমিকেলে নদীখনক এটা ক’লা নলা কৰিলে। নদীৰ দুই কাষ দখল কৰি অট্টালিকা সজা হ’ল। ভৰলু এতিয়া মৃত। নীলমাধৱৰ ডায়বেটিছ আৰু হৃদৰোগী শৰীৰটোৱে এই দৃশ্য সহ্য কৰিব নোৱাৰা হ’ল।
ঠিক তেনেতে, দেউতাকৰ এই মানসিক যন্ত্ৰণা দূৰ কৰিবলৈ তেওঁৰ একমাত্ৰ পুত্ৰ অনির্বাণে এক ডাঙৰ সিদ্ধান্ত ল’লে। অনিৰ্বাণ চহৰৰ এজন প্ৰতিষ্ঠিত বিল্ডাৰ (Builder)। সি দেউতাকক ক’লে, "দেউতা, মই তোমাক এই দুৰ্গন্ধৰ মাজত থাকিবলৈ নিদিওঁ। মই গুৱাহাটীৰ আটাইতকৈ অভিজাত এপাৰ্টমেণ্ট 'গ্ৰীন ভ্যালী'ত তোমাৰ বাবে এটা আলহী কোঠা কিনিছোঁ। তাত চৌপাশে কেৱল প্ৰকৃতি, বাগিচা আৰু চাফ-চিকুণ পৰিৱেশ। কাইলৈয়ে আমি তালৈ স্থানান্তৰিত হ’ম।"
নীলমাধৱে আপত্তি কৰিব নোৱাৰিলে। পুত্ৰৰ মৰমৰ আগত তেওঁ হাৰ মানিলে।
পিছদিনা তেওঁলোক নতুন আলহী ঘৰটোলৈ গ’ল। সঁচাকৈয়ে, সোটেই ঘৰটো কাঁচৰ দেৱালেৰে ঘেৰা, চাৰিওফালে আধুনিকতাৰ চমক, তগৰ ফুলৰ সুগন্ধি। নীলমাধৱক তেওঁৰ কোঠাটো দেখুৱাই অনিৰ্বাণে গৌৰৱেৰে ক’লে, "চোৱা দেউতা, খিৰিকীখন মেলি চোৱা। ইয়াত কোনো দুৰ্গন্ধ নাই, কোনো ক’লা পানী নাই।"
নীলমাধৱে কঁপা কঁপা হাতেৰে বিলাসী কাঁচৰ ডাঙৰ খিৰিকীখন মেলি দিলে। তললৈ চাই তেওঁ স্তব্ধ হৈ পৰিল। তেওঁৰ ভৰিৰ তলৰ মাটিখিনিয়ে যেন নাটকীয়ভাৱে সলনি হৈ গ’ল।
খিৰিকীৰ ঠিক তলেদিয়েই বৈ গৈছে এটা সংকীৰ্ণ, সম্পূৰ্ণ ক’লা আৰু প্লাষ্টিকেৰে বন্ধ হৈ পৰা জলধাৰা। তাত বিষাক্ত ফেন উটলি উঠিছে। এইয়া আন একো নহয়, ভৰলু নদীৰেই আন এটা অংশ!
নীলমাধৱে আচৰিত হৈ পুত্ৰ অনিৰ্বাণলৈ চালে। অনিৰ্বাণে বৰ অহংকাৰেৰে হাঁহি ক’লে, "দেউতা, এই ক’লা ড্ৰেইনটোলৈ নাচাবা। আচলতে এই গোটেই এপাৰ্টমেণ্টটো যিখন মাটিৰ ওপৰত থিয় হৈ আছে, সেইয়া পূৰ্বতে ভৰলু নদীৰেই বহল বুক আছিল! মই আৰু মোৰ কোম্পানীয়ে চৰকাৰী মানুহক টকা দি নদীৰ আধা অংশ মাটিৰে পুতি, পানী শোধন নকৰাকৈয়ে এই বিল্ডিংটো তুলি দিলোঁ। আমাৰ বিল্ডিঙৰ হাজাৰটা ফ্লেটৰ সকলো শৌচাগাৰ আৰু লেতেৰা পানী পাইপেৰে পোনপটীয়াকৈ এই তলৰ সুঁতিটোত পেলাই দিয়াৰ সুব্যৱস্থা কৰিছোঁ। ফলত আমাৰ এপাৰ্টমেণ্ট সদায় চাফা থাকে!"
পুত্ৰৰ মুখৰ এই স্বীকাৰোক্তি শুনি নীলমাধৱৰ বুকুখনত যেন এটা ডাঙৰ শিল লাগাযেন লাগিল । তেওঁ বুজি পালে, যিজন পুত্ৰক তেওঁ ইমান মৰমেৰে ডাঙৰ-দীঘল কৰিছিল, সেই পুত্ৰই নিজেই তেওঁৰ প্ৰাণপ্ৰিয় ভৰলুৰ হত্যাকাৰী! চহৰৰ উচ্চবিত্ত ফ্লেটবাসীয়ে নিজৰ ঘৰটো ধুনীয়া কৰিবলৈ নদীখনক উশাহ বন্ধ কৰি হত্যা কৰিছে।
নীলমাধৱৰ চকুৰ আগত আকাশখন ঘূৰিবলৈ ধৰিলে। তেওঁ খিৰিকীৰ আইনাখনত ধৰি তলৰ ক’লা পানীডোখৰলৈ চালে। হঠাৎ তেওঁৰ এনে লাগিল, যেন সেই প্লাষ্টিক আৰু বিষাক্ত কেমিকেলৰ ক’লা সোঁতৰ মাজৰ পৰা অলকানন্দাই হাত দুখন মেলি তেওঁক চিঞৰি মাতিছে— "নীল, তোমাৰ চহৰে মোক হত্যা কৰিলে... তোমাৰ আপোন মানুহবোৰেই মোক ধৰ্ষণ কৰিলে...!"
বুকুৰ এক অসহ্য বিষত নীলমাধৱ মজিয়াত ঢলি পৰিল। তেওঁৰ চকুৰ কোণেৰে বৈ অহা শেষ চকুলোটো খিৰিকীৰে গৈ তলৰ ক’লা ভৰলুৰ বুকুত বিলীন হৈ গ’ল। সদায়ৰ বাবে শান্ত হৈ পৰিল এজন নদী-প্ৰেমীৰ হৃদয়।
বাহিৰত তেতিয়াও ভৰলুৰ ক’লা পানীখিনে চহৰীয়া মানুহৰ পাপবোৰ বুকুত বান্ধি অলকানন্দাৰ বিননি হৈ লুইতৰ পিনে বৈ গৈ আছিল।
মৃদুল বৰকাকতি
একাদশ শ্ৰেণী
ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়

0 Comments