header ads

অসমীয়া কবিতা, জন্মাষ্টমী, পুষ্পাঞ্জলি পাংগিং গাম, ষষ্ঠ বছৰৰ-৪ৰ্থ সংখ্যা,


 


হে প্ৰাণ বন্ধু, কৃপাৰ ঠাকুৰ

তুমি মোৰ আজন্ম প্ৰেমিক;

তোমাৰ মায়ায়ে জগত জিনিছে

ৰাখা হে মোক বাঁহীবাদক।


প্ৰবল ধুমুহা বৰষুণৰ মাজতে

কাৰাগাৰত জন্মী বসুদেৱ দৈৱকীৰ অষ্টম পুত্ৰ হ'লা

মথুৰাত আহি নন্দ যশোদাক পুত্ৰ হৈ শিশুৰ নানা লীলা কৰিলা, যশোদাক মাতৃসুখৰে মহীয়ান কৰিলা ।


মামা কংসৰ মৃত্যুদূত হৈ বহু অসুৰ বধিলা

পাপক নাশ কৰি ধৰ্মক উদ্ধাৰিলা;

মাখন চুৰ কৰি যশোদা আইক কোলা

"মই মাখন চুৰ কৰা নাই"।


তোমাৰ বাঁহীৰে গোপিনীক মোহিলা

ৰাধাই যমুনা ঘাটত তোমাৰ বাবে ৰৈ আছে;

তোমাৰ বাঁহীৰ সুৰত গছ-গছনি, চৰাই-চিৰিকতি 

গৰুৱে সুৰতে বিভোৰ হৈ আপোন পাহৰা হয় ।


আজি কৃষ্ণ জন্মাষ্টমী তিথিত , তোমাৰ নাম চৌদিশে বিৰাজমান কলিয়া কানাই;

শংকৰ মাধৱ বিৰচিত নামেৰে নামঘৰৰ গুমগুমণি

যাদৱ যদু নন্দন, মাধৱ মধুসূদন।


চাৰি যুগৰ যুগে যুগে তুমিয়ে শ্ৰেষ্ঠতম । 

অৰ্জুনক সাৰথি কৰি পাণ্ডৱৰ হৈ কৌৰৱক ধৰ্ম যুদ্ধত পৰাস্ত কৰিলা ; কিমতে ভকতি কৰিম তোমাক তোমাৰ মায়া মন মুহি আছে, তুমি অপাৰ ।


যাৰ নাম কৃষ্ণ, নাম তোমাৰ চৰণত 

বাৰম্বাৰ শতকোতি প্ৰণাম ভগৱান ;

হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নন্দন হৰি

তোমাৰ নামতে সুখ আছে, তোমাতেই মুক্তি আছে ।


মৎস্য, কূৰ্ম ,বৰাহ, নৰসিংহ, বামন, পৰশুৰাম

শ্ৰীৰাম, বলৰাম, শ্ৰীকৃষ্ণ আৰু কল্কি।

তোমাক জনালোঁ 

লক্ষ লক্ষ নমস্কাৰ ।






পুষ্পাঞ্জলি পাংগিং গাম

সহকাৰী শিক্ষয়িত্ৰী 

বৰপতিমা প্ৰাথমিক বিদ্যালয়

শিক্ষাখণ্ড : ৰাণী

Post a Comment

1 Comments