header ads

আই | An Assamese Poem by Namrata Das

"আই"


তোৰ বুকুত ফুলা ফুলপাহি

আজিও সজীৱ কৰি ৰাখিছোঁ

মোৰ হিয়াৰ উমেৰে

হ'বলৈ নিদিও ম্লান কাহানিও...

তোক শুৱনি কৰি ৰাখিবলৈ 

কত কি যে কৰা নাই,

কত বীৰ শ্বহীদৰ কেঁচা তেজৰ বলীদানেৰে

পূজিলোঁ তোক আই ।

কণ কণ শিশুৰ খিলখিলনিৰে

আজি তোৰ ভৰা চোতাল

মুকলি মন মুকলি প্ৰাণ আমাৰ

আকাশে বতাহে আজি তোৰ জয়গান

বাজক ডবা বাজক শংখ বাজক আজি চৌদিশে তোৰেই জয়ধ্বনি...

নহ'বি তই দুৰ্বল

নকৰিবি কালৈকো ভয়

আজি তোৰ বুকুত আছে

অদম্য শক্তিৰ জুই

বিশাল বুকুৰ বিকশিত সাহেৰে জিলিকিছে সন্তান আজি তোৰ

আই তোক লৈ এয়াই যে মধুৰ সপোন মোৰ


*******************************


নম্ৰতা দাস 
(সহকাৰী শিক্ষয়িত্ৰী)
উত্তৰ দেহৰ কুৰিহা প্ৰাথমিক বিদ্যালয়, 
শিক্ষাখণ্ড- হাজো, ক্লাষ্টাৰ- শনিয়াদি
ম'বাইল নং: ৭০০২৯১৪৩৯৩