header ads

শ্ৰেষ্ঠ উপহাৰ | An Assamese Poem by Rupjyoti Das

শ্ৰেষ্ঠ উপহাৰ



হে গুণীজন ,

কিদৰে নো জনাও তোমাক ?

মোৰ চিৰনমন |

তোমাৰ দুহাতত ধৰি ,

জ্ঞানৰ জগতখনত  ,

পাতনি মেলো আমি |

কেতিয়াবা দিয়া যদি তুমি ,

শাসনৰ দাবী ধমকি |

কেতিয়াবা  আকৌ,

প্ৰশংসাৰ হাত চাপৰি |

বন্ধুত্বসুলভ মনেদি ,

আমাৰ সৈতে কৰা তুমি ,

হাঁহি আৰু ধেমালি|

হে মহান মনীষী ,

ওৰেটো জীৱনত যদিওবা নোৱাৰি ,

পৰিশোধ কৰিব |

তুমি কৰা উপকাৰৰ ধাৰটি |

শেষ উশাহলৈকে ,

অন্তৰত ৰাখো যে সাঁচি ,

তোমালৈ বুলি সন্মানৰ শ্ৰেষ্ঠ উপহাৰটি...||



ৰূপজ্যোতি দাস
চৌৰাকাৰা  বালক প্ৰাথমিক বিদ্যালয়
চৌৰাকাৰা (সোণেশ্বৰ)
কমলপুৰ শিক্ষাখণ্ড