মহামাৰী ক'ৰ'না
হঠাৎ, হঠাৎ ক'ৰপৰাযে ধুমুহাৰ দৰে
গৰজি উঠিল ক'ৰ'না ভাইৰাছ।
নাজানো এই ধুমুহাজাকে আমালৈ
কিহৰ সন্ধান আনিছে !
কিন্ত এই ধুমুহাজাক অহাৰে পৰা
সকলোৰে চকুত দেখোন কেৱল বিভীষিকা
কাঢ়ি লৈ গৈছে মুখৰ মিঠা হাহি, মিঠা কথা
কাঢ়ি নিছে অজশ্ৰ জনৰ সুন্দৰ জীৱন।
এই ভয়ানক ধুমুহাজাকে দিনক-দিনে
মহামাৰীৰ ৰূপ লৈছে
যেন শদাশিৱৰ তাণ্ডৱ হে ।
সামান্য এজাক বৰষুণত তিতিয়েই যে
মৃত্যুক সাৱটি লৈছে ।
কাৰবাবে, কিহৰ কাৰনে আজি এনে দুৰ্গতি
সকলোতে যে কেৱল মৃত্যুৰ কিৰিলি ?
গভীৰ দায়িত্ব আহি পৰিছে
চিকিৎসালয়ৰ চিকিৎসক সকলৰ
নিজকে মৃত্যুৰ মুখলৈ ঠেলি দি বহুতো লোকক
দিছে নতুন জীৱন দান ।
আমাৰ বাবে তেওলোক কেৱল
এজন সাধাৰন মানুহেই নহয়
তেওলোক একো একোজন ভগৱানহে।
পুলিচ বিষয়াসকলে আৰু কিমান নিৰ্দেশ দিব
কৈ কৈ ভাগৰি পৰিছে প্ৰশাসন,
তোমালোক সজাগ তথা সচেতন হোৱা
কাৰন ধুমুহাজাক বৰ নিষ্ঠুৰ, অ' বৰ ভয়ানক।
নাম- টিনামনি হাজৰিকা
শ্ৰেণী- দশম
বিদ্যালয়ৰ নাম- শৰাইঘাট হাইস্কুল
শিক্ষাখণ্ডৰ নাম- কৰৰা