header ads

অৰ্পণ | চুটিগল্প A Short Story

অৰ্পণ


  হাতত কিতাপৰ টোপোলাটো লৈ দুচকু বহু দূৰলৈ প্ৰসাৰিত কৰি জপং জপং কৈ গৈ থকা মানুহ জনেই হৃদয়ানন্দ বৰুৱা। ৰাস্তাৰে গৈ থাকোঁতে তেওঁৰ ওচৰেৰে পাৰ হৈ যোৱা প্ৰতি গৰাকী মানুহকে মুখত হাঁহিটো লৈ তেওঁ সোধে-----
ভালে আছেনে,
খেতি কেনে হৈছে,
ল'ৰাই ভালকৈ পঢ়ি আছেনে ইত্যাদি..ইত্যাদি।

    আচলতে গাঁওখনৰ প্ৰতিঘৰৰ যিকোনো সমস্যা মানেই যেন বৰুৱাৰ সমস্যা। গাঁওখনত অৱস্থিত একমাত্ৰ বেচৰকাৰী স্কুলখনৰ একমাত্ৰ শিক্ষক তেওঁ। বহুত দায়িত্ব তেওঁৰ। জ্ঞানৰ বাট বিচাৰি অহা ল'ৰা ছোৱালী কেইটাৰ উপৰিও নিৰক্ষৰ অথচ সৰল গাঁওবাসীৰ যিকোনো সমস্যাৰ একমাত্ৰ সমাধান বৰুৱা। জীৱনৰ  ডেৰকুৰি বছৰ এই বিদ্যালয়খনত পাৰ কৰা বৰুৱাৰ বিদ্যালয়- চৰকাৰীকৰণৰ নিমিত্তে চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিবলৈ সময় ক'ত!! 
বিদ্যালয়খন চৰকাৰে ল'ব নে নাই সেয়া তেওঁ কেতিয়াও চিন্তা কৰা নাই, নাইবা তাৰ কাৰণে তেওঁ ঘূৰিও  ফুৰা নাই ফাইল হাতত লৈ।

       টকা পইচাৰ অভাৱে জুৰুলা কৰা মানুহজনৰ মুখত সদায় বিয়পি থাকে এক প্ৰশান্তিৰ হাঁহি। কণ কণ ল'ৰা ছোৱালীবোৰৰ মৰম আৰু গাঁওখনৰ মানুহবোৰৰ হেঁপাহ---- আৰু একোৱেই বিচৰা নাছিল তেওঁ। পোৱাও নাছিল বাৰু একো। তথাপিও একনিষ্ঠভাৱে সেৱা আগবঢ়াই যোৱা মানুহজনক কোনোধৰণৰ চৰকাৰী মৰ্য্যদাই ঢুকি পোৱা নাছিল কাহানিও। আক্ষেপ নাছিল তেওঁৰ। নাছিল কোনো আশা। 

      তেওঁৰেই প্ৰাক্তন ছাত্ৰ দ্বীপম আৰু বৰ্ণিত জিলিকি উঠিছিল মেডিকেলৰ বাচনি পৰীক্ষাত উত্তৰ-পূর্বাঞ্চলৰ ৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় হৈ। ভীষণ সুখী হৈছিল তেওঁ। বাতৰি-কাকতত সাক্ষাৎকাৰ দি দুয়োৱে নাম লৈছিল অখ্যাত বিদ্যালয়খনৰ অখ্যাত শিক্ষকজনৰ। নিজৰ শ্ৰমৰ মূল্য পাইছিল তেওঁ। 

   চৰকাৰে স্কুলখন ল'ব বিচাৰিছিল। গাঁওখনৰ মানুহবোৰৰ মুখত হাঁহি ফুটি উঠিছিল----"হঁওক তেউ ছাৰৰ ভাল দিন আহিল পলমকৈ হ'লেও!! সকাহ অকণ পাব তেওঁ.. "

    শিক্ষাদান ত নিজকে ব্ৰতী কৰি ৰখা মানুহজনে পলমকৈ হ'লেও বুজি পাইছিল যে চৰকাৰী চাকৰিৰ নিৰ্দিষ্ট হৈ থকা বয়সৰ সীমাৰএকেবাৰে শেষৰ ঘৰটোত তেওঁ। মাথোঁ এটা বছৰ চৰকাৰী শিক্ষক হিচাবে দায়িত্ব পালন কৰিব পাৰিব তেওঁ। তাৰ পিছতেই তেওঁ ল'ব লাগিব অৱসৰ।  তথাপিও সুখী তেওঁ । অন্ততঃ তেওঁৰ পিছত কোনোবা থাকিব নিজে গঢ়া এই জ্ঞানৰ মন্দিৰটো আগুৱাই নিবলৈ। 

    চাকৰিকালৰ আজি অন্তিমটো শিক্ষক দিৱসৰ দিন।  তেওঁৰ চৌপাশে কণ কণ ল'ৰা ছোৱালী বোৰৰ নিৰ্ভেজাল মৰমে তেওঁক বুৰাই পেলালে। তেওঁ বুকু ভৰাই ল'লে সিহঁতৰ হেঁপাহৰ সুবাস। স্মৃতি হৈ থাকিব সকলো।  নিজৰ জীৱনটো  জ্ঞানৰ পথাৰত অৰ্পণ কৰা মানুহজনৰ ওচৰত আছিল সাঁচতীয়া এমুঠি সোণগুটি, যাৰ গজালিয়ে তেওঁক কৰি ৰাখিব চিৰদিন তৰুণ । 



প্ৰাঞ্জলি ভট্ট, 

চি আৰ চি চি, 
ৰাণী ব্লক, কামৰূপ