সতী জয়মতী
অসমীয়া নাৰীৰ স্বামীৰ প্ৰতি যি অগাধ প্ৰেম,ভালপোৱা,ত্যাগ
,দায়িত্ববোধ এইসকলোবোৰৰ এক নিদৰ্শন ইতিহাসে দাঙি ধৰিছিল আহোম যুগৰ শেষৰ পিনৰ সময়ছোৱাত৷যাৰ
নাম ল’লেই যেন অসমীয়া নাৰীৰ স্বাভিমান বৃদ্ধি পায়,সাহস দুগুণ
বাঢ়ি যায়৷
হয়,মই সেইগৰাকী নাৰীৰ বিষয়েই ক’বলৈ গৈছোঁ যাৰ নাম জয়মতী৷সেয়া ১৬৭০-৮১ খ্ৰীষ্টাব্দৰ সময়ছোৱাৰ কথা অৰ্থাৎ স্বৰ্গদেউ চ্যুকাফাই একতাৰ ডোলেৰে নিৰ্মাণ কৰা আহোম সাম্ৰাজ্যৰ ঘূণেধৰা সময়ৰ কথা৷ এই ১১ বছৰীয়া সময়ছোৱাত আহোম সাম্ৰাজ্যত বিশৃঙ্খলতাই গা কৰি উঠিছিল৷এই সময়ত লালুকসোলা বৰফুকন নামৰ এজন কু- অভিপ্ৰায়ৰ আৰু স্বাৰ্থপৰ ব্যক্তি আছিল৷১৬৭৯ চনত লালুকসোলাই ১৪ বছৰীয়া চ্যুলিক্ফা কোঁৱৰক ৰজা পাতিছিল । লালুকসোলা বৰফুকনে সেই সময়ৰ জনপ্ৰিয় আৰু ক্ষমতাশালী আতন বুঢ়াগোহাঁইক হত্যা কৰি সেই সময়ৰ স্বৰ্গদেৱ ছ্যু-দৈয়-ফাকো হত্যা কৰি ৰাজমন্ত্ৰীৰ সকলো ক্ষমতা নিজৰ হাতলৈ আনিছিল৷
আহোমৰ প্ৰথামতে কোনো অঙ্গক্ষত কোঁৱৰেই ৰাজসিংহাসনত বহিব
নোৱাৰিছিল৷গতিকে লালুকসোলাই ৰজা হোৱাৰ যোগ্যতা থকা ৰাজকোঁৱৰসকলক যিকোনো উপায়েৰে অঙ্গক্ষত
কৰাৰ চেষ্টা কৰিছিল৷
জয়মতীৰ স্বামী গদাপাণি কোঁৱৰক অঙ্গক্ষত কৰাৰ বাবে
লালুকসোলা বৰফুকনে মানুহ পঠিয়াইছিল৷এই কথা জয়মতীয়ে আগতীয়াকৈ গম পাই স্বামী গদাপাণিক
পলাই গৈ আত্মগোপন কৰিবলৈ হাতজোৰ কৰিছিল৷ নিজ পত্নীৰ বুজনিত অনিচ্ছা সত্বেও নগা পৰ্বতৰ
ফালে পলাই গৈ আত্মগোপন কৰিছিল৷ল’ৰা ৰজাৰ মানুহে গদাপাণিক নাপাই
তেওঁৰ পত্নী জয়মতীক ধৰি ৰাজসভাত গদাপাণিৰ বিষয়ে প্ৰশ্ন কৰি কোনোধৰণৰ সম্ভেদ উলিয়াব
নোৱাৰি বৰ্তমানৰ শিৱসাগৰ জিলাৰ জেৰেঙা পথাৰত কোটকোৰা গছত বান্ধি শাৰীৰিক নিৰ্যাতন
চলাইছিল৷ চাওদাঙে জয়মতীক বুজাই, ভয় দেখুওৱাৰ পিছতো যেতিয়া জয়মতী কুঁৱৰীৰ মুখৰপৰা গদাপাণি
কোঁৱৰৰ বিষয়ে একো তথ্য উলিয়াব নোৱাৰিলে তেতিয়া চাওদাঙে কুঁৱৰীক নানা প্ৰকাৰৰ শাস্তি
দিয়ে ৷কিন্তু জয়মতী কুঁৱৰীয়ে সকলো অত্যাচাৰ নীৰৱে সহ্য কৰি নিজৰ মতত দৃঢ়প্ৰতিজ্ঞ
থাকে ৷চাওদাঙে কুঁৱৰীৰ পৰা কোনো পধ্যেই গদাপাণিৰ সম্ভেদ উলিয়াব নোৱাৰিলে৷
গদাপাণিয়ে কাৰোবাৰ মুখত এই সংবাদ পাই ছদ্মবেশ
ধৰি জয়মতীক বান্ধি ৰখা ঠাইলৈ আহি স্বামীৰ কথা কৈ দিবলৈ ইংগিতেৰে কৈছিল ৷কিন্তু জয়মতীয়ে
তেওঁক চিনিব পাৰিও নিজ স্বামীৰ প্ৰাণ ৰক্ষাৰ্থে নিচিনাৰ ভাও ধৰি গুচি যাবলৈ কৈছিল৷এইদৰে
চৈধ্য দিন অত্যাচাৰ সহ্য কৰি অৱশেষত ১৬৭৯ চনৰ ২৭ মাৰ্চৰ দিনা জেৰেঙা পথাৰতেই জয়মতীয়ে
চিৰদিনৰ বাবে চকু মুদিলে৷
ল’ৰা ৰজাৰ অত্যাচাৰত সাধাৰণ প্ৰজাই ক্ষুণ্ণ হৈ গদাপাণি
কোঁৱৰক নগা পৰ্বতৰ পৰা মতাই আনি ৰজা পাতিলে ৷ সিংহাসনত বহি গদাপাণিয়ে গদাধৰ সিংহ নাম
ল’লে আৰু ৰাজ্যত আগৰ দৰে শান্তি শৃংখলা ঘূৰাই আনিলে৷ ইয়াৰ পাছত ১৬৯৬ চনত গদাধৰ
সিংহৰ মৃত্যু হোৱাত তেওঁৰ পুত্ৰ লাইয়ে ৰুদ্ৰ সিংহ নাম লৈ ৰাজসিংহাসনত বহে৷ ৰাজপাট গ্ৰহণ
কৰিয়ে মাকৰ স্মৃতিত কীৰ্তিস্তম্ভস্বৰূপে জয়সাগৰ পুখুৰী, জয়দৌল, তদুপৰি বৰ আলি আৰু পুৰণি
আলিৰ মাজত মাতৃৰ মৈদাম নিৰ্মাণ কৰাইছিল৷
এইগৰাকী মহান নাৰী মহাসতীৰ মৃত্যু দিনটো অৰ্থাৎ ২৭ মাৰ্চ
দিনটো জয়মতী দিৱস হিচাপে অসমত পালন কৰা হয়৷
******************************
গিৰিন দাস
সহ শিক্ষক
৩২৭
নং লেজা প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড
- কমলপুৰ
অলংকৰণ :- সংগীতা কাকতি
0 Comments