header ads

অস্ত্ৰবিহীন যোদ্ধা | An Article by Jayanta Lahkar

অস্ত্ৰবিহীন যোদ্ধা 



সময় ২০১৯ বৰ্ষৰ নৱেম্বৰ মাহ। বিশ্বৰ প্ৰথম জনবহুল দেশ চীনত প্ৰথম আক্ৰান্তৰ ঘটনা। মূহুৰ্তত সাত হাজাৰৰো অধিক জনৰ জীৱন কাঢ়ি লৈ যায়। ৰৈ  নাথাকি কম দিনৰ ভিতৰতে বিশ্বৰ প্ৰায়বোৰ দেশলৈ বিয়পি পৰে। আমাৰ দেশ ভাৰতবৰ্ষও পিচপৰি থকা নাই। প্ৰথমে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা আমাৰ ৰাজ্য অসমত আগমন ঘটিল চীনৰ য়ুহানত উৎপত্তি হোৱা ক'ভিড-১৯ৰ। লাহে লাহে প্ৰতিখন জিলালৈ ঢাপলি মেলিলে মাৰাত্মক ক’ৰ'ণা ভাইৰাছে। ২০২০ বৰ্ষৰ ২৪ মাৰ্চৰ পৰা লক্‌ডাউন আৰম্ভ হ'ল। প্ৰতিকাৰৰ উপায় হিচাপে সঘনাই হাত ধোৱা, সামাজিক দূৰত্ব ৰক্ষা কৰা,জন সমাৱেশ বৰ্জন কৰা, য'তে-ত'তে থু-খেকাৰ নেপেলোৱা,নাক মুখ আৱৰি মাক্স পৰিধান কৰি আবদ্ধ কোঠাত দিন অতিবাহিত কৰা।

       ২০২০ বৰ্ষৰ ১৬ জুনৰ ২২ ঘণ্টা আগত এখনি পত্ৰই আবদ্ধ কোঠাৰ পৰা মুকলি মঞ্চ ৰঙিয়া জংচনলৈ যাব লাগে বুলি বাধ্য কৰালে। মুখত মাক্স, হাতত হাতমোজা, বুকুত বেজ পৰিধান কৰি দক্ষিণ ভাৰতৰ পৰা অহা শ্ৰমিক ৰেলৰ পৰা নমা যাত্ৰীসকলৰ নাম-ঠিকনা সংগ্ৰহ কৰাৰ বাবে ১৬ জুন (দিনৰ ২ বজাৰ পৰা নিশা ১০ বজালৈ) ৰ ২৫ জুনলৈ ১০ দিন কোনো ক্ষয়-ক্ষতি নোহোৱাকৈ যুদ্ধবিহীন যুদ্ধ কৰিলো। ১০ দিন কেনেদৰে কটাইছিলো তাৰবাবে কোনো বিৰক্তি বোধ নাছিল। ২৫ জুনৰ নিশা এনেকুৱা লাগিল যেন পিতৃ-মাতৃক এৰি ছোৱালীবোৰে লোকৰ ঘৰলৈ বুলি গমন কৰিছে।

               অস্ত্ৰ নোহোৱাকৈ যুদ্ধ কৰা অসম্ভৱ। কিন্তু এতিয়া সম্ভৱ। অস্ত্ৰবিহীন যোদ্ধা হ'ল ক'ভিড যোদ্ধা। সঁচাকৈ ১৬ জুনৰ সময় ক্ষণ মনত ভয় সংকোচ ভাবে পাৰ কৰি ২৫ জুনৰ নিশা ভাবিলো ম‌ই গৰ্বিত ক’ৰ'ণা যুঁজাৰু ৰূপে।

**************************



শ্ৰী জয়ন্ত লহকৰ
২নং গোপালপুৰ প্ৰাঃ বিদ্যালয় 
শিক্ষাখণ্ড ৰঙিয়া।