header ads

শিশু নাট

 বাপুৰ চোলা




-বাপুৰ চোলা---------

( মহাত্মা গান্ধীৰ বাস্তৱ জীৱনক লৈ)

(মঞ্চত অকণমান ওখ পীৰা এখনত মহাত্মা গান্ধীৰ ৰূপ সজ্জাৰে এজনে সন্মুখত যঁ‌তৰ এটা লৈ সূতা কাটি থাকিব। কাষত দুই এখন কিতাপ থাকিব। তেনেতে সৰু ল'ৰা এজন প্ৰায় ১০|১২ বছৰীয়া মঞ্চত প্ৰৱেশ কৰিব)

ল'ৰা:- " বাপু, নমস্কাৰ " (গান্ধীলৈ হাতযোৰ কৰি)

গান্ধী :- (মূৰ তুলি চাই) " অ', তুমি আহা । "

(ল'ৰাজন গান্ধীৰ ওচৰলৈ আগুৱাই আহিব)
গান্ধী :- " বহা, ইয়াতে বহা, (তেওঁৰ কাষতে বহিব দিব) এতিয়া কোৱাচোন কি কামত আহিলা ? "

ল'ৰা :-" বাপু, আচলতে এটা কথা মোৰ মনত সদায় উদিত হৈ আছে। "

গান্ধী :- " কিনো কথা ? কোৱাচোন বাৰু । "

ল'ৰা :-" ‌বাপু, আপুনি ইমান ডাঙৰ মানুহ ! আপোনাৰ গাত পিন্ধিবলৈ চোলা এটাও নাইনে ?
মই সদায় আপোনাক অৰ্ধ বস্ত্ৰৰে দেখি আহিছোঁ । "

বাপু :- (মৰমেৰে) " মই বৰ দুখীয়া মানুহ অʼ ! মোৰ হাতত চোলা কিনিবলৈ পইচা নাই। চোলা কিনিবলৈ মই ক'ত পইচা পাম ? "

ল'ৰা :- (মনটো সেমেকা কৰি) " মোৰ মায়ে কাপোৰ চিলাই কৰে। এয়া চাওঁক মই পিন্ধি থকা চোলাটো । এইটো মায়ে মোক চিলাই দিছে। মই গৈ মাক ক'ম , আপোনাকো চোলা চিলাই দিবলৈ। আপুনি সেয়া গ্ৰহণ কৰিবনে ? "

বাপু :- " তোমাৰ মায়ে মোক কেইটা চোলা দিব ? "

ল'ৰা ;- " আপোনাক কেইটা চোলা লাগে বাপু ? এটা-দুটা নে তাতকৈ বেছি ? যিমান লাগে মায়ে চিলাই দিব । "

বাপু :- (কিবা এটা ভাবি) " মোক অকলে দিলেতো নহ'ব । মোৰ পৰিয়ালৰ সকলোকে চোলা দিব লাগিব । মোৰ পৰিয়ালৰ চোলা নোহোৱাকৈ মই অকলে কেনেকৈ চোলা পিন্ধিম ? "

ল'ৰা :- " বাৰু কওঁক, মুঠতে কিমানটা চোলা হ'লে আপোনাৰ হ'ব ? সিমানটা চোলাই মই মাৰ হতুৱাই চিলাই আনিম । বাপু,কওঁক আপোনাক মুঠ কিমানটা চোলা লাগিব ? "

বাপু :- (ল'ৰাটোৰ পিঠিত পিহিদি) " বাচা, মোৰ পৰিয়ালটো ইমান সৰু নহয় যে মাৰাই সকলোকে চোলা চিলাই দিব পাৰিব ; আৰু মোৰ পৰিয়ালৰ সকলোৱে একো-একোটাকৈ চোলা পিন্ধিবলৈ নাপালে মই কেনেকৈ চোলা পিন্ধো বাৰু ? "

ল'ৰা :- " আপোনাৰ পৰিয়ালতনো ইমান মানুহ নে বাপু ? "

বাপু :- " এৰা, গোটেই দেশখনেই মোৰ পৰিয়াল। ইয়াত মোৰ ৪০ কোটি ভাই-ভনী আছে আৰু এই সকলোৱে একোটা চোলা পিন্ধিব নোপোৱাকৈ মইনো কেনেকৈ চোলা পিন্ধো ? তোমাৰ মাৰাই জানো এই সকলোকে একোটাকৈ চোলা দিব পাৰিব ? " (গান্ধীয়ে ল'ৰাটোৰ মূৰত মৰমেৰে হাত বুলাই দিব)

ল'ৰা :- " বাপু মোৰ ভুল হৈ গ'ল । আচলতে আপুনি চোলা নিপিন্ধাৰ প্ৰকৃত কাৰণ মই আজিহে বুজিলোঁ । "

এনেতে আঁৰ কাপোৰ পৰিব

------------সমাপ্ত----------

কৃষ্ণ কলিতা
মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক
ৰঙিয়া আৰ্বান
ৰঙিয়া শিক্ষাখণ্ড

Post a Comment

0 Comments