header ads

স্বাধীনতা দিৱস | An Article by Jinti Saikia

স্বাধীনতা দিৱস



1947 চনৰ 15 আগষ্টৰ দিনটো ভাৰতৰ ইতিহাসৰ আটাইতকৈ মহত্বপূৰ্ণ আৰু গৌৰৱৰ দিন।এই বিশেষ দিনটোতেই ভাৰতবৰ্ষই প্ৰায় 200 বছৰীয়া ইংৰাজ শাসন আৰু শোষণৰ পৰা মুক্তি লাভ কৰে।সেয়েহে প্ৰতিবছৰে 15 আগষ্টৰ দিনটো স্বাধীনতা দিৱস হিচাপে সমগ্র ভাৰতবাসীয়ে উদযাপন কৰে।ই আমাৰ সৰ্বশ্ৰেষ্ঠ তথা পবিত্ৰতম ৰাষ্ট্ৰীয় উৎসৱ।

স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচী দেশৰ ৰাজধানী দিল্লীত পালন কৰা হয়।লালকিল্লাত পালন কৰা এই অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে আৰু বক্তৃতা প্ৰদান কৰে।এই দিৱসত দেশৰ সমগ্ৰ শিক্ষানুষ্ঠান তথা কাৰ্যালয়ত পতাকা উত্তোলন কৰা হয় আৰু ৰাষ্ট্ৰীয় সংগীত গোৱা হয় তথা পেৰেড , দেশভক্তিমূলক গীত নৃত্য ইত্যাদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে এই দিনটো উদযাপন কৰা হয়।

যেতিয়া আমাৰ দেশ ইংৰাজৰ অধীনত আছিল , তেতিয়া ভাৰতীয় সকলে বহুত অত্যাচাৰ সহ্য কৰিব লগা হৈছিল। তেওঁলোকৰ ভয়ত মানুহে ঘৰৰ বাহিৰ ওলাবলৈ ভয় কৰিছিল। কিন্তু বহুত দীঘলীয়া সংগ্ৰাম, সহস্ৰজনৰ ত্যাগ, বলিদান তথা কঠোৰ পৰিশ্ৰমৰ বিনিময়তহে আমি স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছোঁ।  লক্ষ্মীবাই, মঙ্গল পাণ্ডে, ভগৎ সিং, মহাত্মা গান্ধী, নেতাজী, জৱাহৰলাল নেহৰু, চৰ্দাৰ পেটেল, আব্দুল কালাম আজাদ আদিৰ লগতে গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, কুশল কোঁৱৰ, কনকলতা আৰু বহুতো খ্যাত অখ্যাত দেশপ্রেমিকে ৰোপণ তথা প্ৰতিপালন কৰা 'বীজৰ ফল' আমি ভোগ কৰিবলৈ সক্ষম হৈছোঁ। তেখেত সকলৰ ত্যাগ আৰু বলিদানৰ বাবে আমি চিৰকৃতজ্ঞ। 

স্বাধীনতা দিৱসৰ দিনটোক আমি কেৱল এটা গতানুগতিক চৰকাৰী দিৱস বুলি নাভাবি নমস্য মুক্তি যুঁজাৰুসকলক শ্ৰদ্ধাৰে সুঁৱৰি, কৃতজ্ঞতা জনাই, তেখেতসকলৰ পথ অনুসৰণ কৰি প্ৰতিটো কাম নিষ্ঠা আৰু সততাৰে সম্পাদন কৰাৰ সংকল্প কৰা উচিত।

********************************************************************************************


জিন্তি শইকীয়া
সহকাৰী শিক্ষয়িত্ৰী
২০০ নং শিমলুৱা প্ৰাথমিক বিদ্যালয়
শিক্ষাখণ্ড - ৰঙিয়া