মহাত্মা গান্ধী সত্য আৰু অহিংসাৰ প্ৰতীক
যি সময়ত ব্ৰিটিছ দলে দুৰ্দমনীয় শক্তিৰে পৃথিৱীৰ বুকুত প্ৰভুত্বৰ অপ্ৰতিহত ৰাজত্ব চলাই নিৰ্মম শাসন আৰু শোষণ জিঞ্জিৰিৰে ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ সমৃদ্ধিশালী দেশসমূহক গচকি ৰাখিছিল; নিঃসহায়, দুৰ্বল জাতিসমূহে অত্যাচাৰ আৰু নিৰ্যাতনত আৰ্তনাদ কৰি উঠিছিল; সেইসময়তে ১৮৬৯ চনৰ ২ অক্টোৱৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামে ঠাইত জন্ম গ্ৰহণ কৰিছিল ভাৰতৰ ত্ৰাণকৰ্তা মহামানৱ মহাত্মা গান্ধী -- যাৰ সম্পূৰ্ণ নাম আছিল মোহনদাস কৰমচাঁদ গান্ধী।
তেওঁ সোণৰ চামুচ লৈ জন্মগ্ৰহণ কৰা নাছিল । ছাত্ৰ হিচাপে কোনো মেধা বা দক্ষতাৰ পৰিচয় দিবলৈও সক্ষম হোৱা নাছিল তেওঁ । এটা ধাৰ্মিক পৰিয়ালত জন্মগ্ৰহণ কৰা গান্ধীয়ে অতি সাধাৰণ অৱস্হাৰ পৰা অনেক দুৰ্যোগৰ মাজেৰে জীৱনৰ বাটত সফলতাৰে নৈতিক আৰু আধ্যাত্মিক শক্তিৰ বলত বলীয়ান হৈ 'মহাত্মা' ৰূপে প্ৰসিদ্ধি লাভ কৰিছিল ।
গান্ধীয়ে পিতৃৰপৰা সত্যপৰায়ণতা আৰু মাতৃৰ পৰা ধৰ্মপৰায়ণতা , দয়া, ক্ষমা, কৰ্তব্যবোধ আদি সজগুণবোৰ লাভ কৰিছিল । মাক পুতুলীবাঈ এগৰাকী অতি ধৰ্মভীৰু আৰু ভক্তিপ্ৰাণ নাৰী আছিল । ঈশ্বৰৰ প্ৰতি থকা অচলা ভক্তিৰ বীজ ৰোপণ হৈছিল তেওঁৰ মাকৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা আৰু প্ৰেমৰ মাজেদিয়েই । 'প্ৰেমেই ভগৱান ' বুলি তেওঁ দৃঢ়ভাৱে ক'ব পাৰিছিল । সত্য আৰু অহিংসাৰ পূজাৰী বুলিলে আমাৰ মনৰ মাজলৈ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবি ভাঁহি আহে । গান্ধীজীৰ মতে ' Love is the strongest force the world possesses and yet it is the humblest. Where, there is love, there is life, hatred leads to destruction. ' প্ৰেম অবিহনে আমাৰ এই সুন্দৰ পৃথিৱীখন বিষময় হৈ উঠিব ।'
বিদেশৰ পৰা জ্ঞান আৰু প্ৰজ্ঞাৰ মুকুতা লৈ সত্য আৰু অহিংসাক অস্ত্ৰৰূপে লৈ মহাত্মাই ভাৰতবাসীৰ অন্তৰত জাতীয় চেতনা জগাই তুলিলে আৰু এই মহামন্ত্ৰৰেই ভাৰতৰ স্বাধীনতাৰ ৰণত তেওঁ জঁপিয়াই পৰিছিল । এখন দেশৰ শুই থকা এটা জাতিক জাগ্ৰত কৰি এটা মহা পৰাক্ৰমী জাতিৰ বিৰুদ্ধে যুঁজ দিবলৈ যোৱাটো কিমান কঠিন সেই কথা মহাত্মা গান্ধীয়ে ভালদৰে অনুধাৱন কৰিছিল। তেওঁ ইয়াকো ভালদৰে বিশ্বাস কৰিছিল যে হিংসাতকৈ অহিংসা বহু গুণে শক্তিশালী ।
নিৰৱচ্ছিন্নভাৱে সত্যৰ অন্বেষণত থকা মহাত্মা গান্ধী এজন কৰ্মযোগী ব্যক্তি আছিল । তেওঁ তথাকথিত ধৰ্মত বিশ্বাসী নাছিল ; কিন্তু পৰম ঈশ্বৰ বিশ্বাসী এক মহান আত্মাৰ ব্যক্তি আছিল । তেওঁ মন্দিৰ, মছজিদ, গীৰ্জা ঘৰত ঈশ্বৰক উপাসনা বা ঈশ্বৰক বিচাৰি যোৱা নাছিল । প্ৰতি গৰাকী হৃদয়বান মানুহৰ অন্তৰত পৰম ঈশ্বৰ- আল্লা- যীচু সংপৃক্ত হৈ থাকে বুলি তেওঁৰ দৃঢ় বিশ্বাস আছিল । তেওঁ বিশ্বাস কৰিছিল এজন পৰম শক্তিশালী সৃষ্টিকৰ্তাক, যি প্ৰতি পদতেই তেওঁক পথ প্ৰদৰ্শন কৰি গৈছিল । সকলো ধৰ্মকেই তেওঁ সন্মান প্ৰদৰ্শন কৰিছিল । 'প্ৰকৃত ধৰ্মই সকলোকে একতাৰ এনাজৰীৰে বান্ধি ৰাখিব পাৰে' ----- এইধৰণৰ আদৰ্শবাদত বিশ্বাসী আছিল মহামানৱ মহাত্মা গান্ধী । ১৯২০ চনত হিন্দু - মুছলমানৰ সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হোৱাত গান্ধীয়ে অন্তৰত তীব্ৰ আঘাত পাইছিল । ইয়াৰ প্ৰতিবাদত তেওঁ অনিৰ্দিষ্ট কাললৈ অনশনত বহিছিল ।
ভাৰতবৰ্ষৰ জনগণৰ দৰিদ্ৰতা দূৰ কৰি, জাতীয় সংহতি সুদৃঢ় কৰি, সাম্প্ৰদায়িক সম্প্ৰীতিৰ মহামেল ৰচনা কৰি, সুবিশাল ভাৰতক সুখ ,শান্তি আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ এখন মনোৰম ৰামৰাজ্য গঢ়ি তোলাৰ সপোন দেখিছিল গান্ধীয়ে । তাৰেই ফলশ্ৰুতিত দেশক স্বাৱলম্বী কৰি তুলিবলৈ খদ্দৰৰ প্ৰচলন , কুটীৰ শিল্পৰ উন্নয়ন, স্বাস্থ্যৰ উন্নয়ন, অস্পৃশ্যতা দূৰীকৰণ, মাদকদ্ৰব্য নিবাৰন আদি বিভিন্ন কাৰ্য্যসূচী তেওঁ জনসাধাৰণৰ মাজত দাঙি ধৰিছিল । দেশৰ হৰিজন আৰু নিৰক্ষৰ সকলৰ উন্নয়নৰ বাবে লোৱা বলিষ্ঠ পদক্ষেপৰ বাবেই তেওঁ জনতাৰ হিয়াৰ আমঠু হৈ পৰিছিল । এইজনেই মোহন দাস কৰমচাঁদ গান্ধী যাৰ সপোন আছিল ভাৰতবৰ্ষক ৰামৰাজ্য হিচাপে গঢ়ি তোলাৰ।
ভাৰতবৰ্ষৰ দৰে বৈচিত্ৰ্যপূৰ্ণ দেশ এখনত আধা শতিকা জুৰি নেতৃত্বত থাকিও এদিনলৈকো তেওঁ পাহৰি যোৱা নাছিল ৰাজহুৱাকৈ প্ৰাৰ্থনা কৰিবলৈ । মানুহৰ জীৱনত শৃংখলা আৰু সমন্বয় অনাৰ গুৰিতে হ'ল প্ৰাৰ্থনা । Prayer was his food for soul . প্ৰাৰ্থনা আছিল তেওঁৰ জীৱনৰ মূল চালিকাশক্তি। দৈনন্দিন জীৱনৰ শৃংখলা আৰু সমন্বয়ৰ সেঁতু বহন কৰে প্ৰাৰ্থনাই। তাহানিৰেপৰা এতিয়ালৈকে আমাৰ বিদ্যালয়বোৰত আৰম্ভণিতে বা অন্তত এখন প্ৰাৰ্থনা সভা অনুষ্ঠিত হৈ আহিছে । এই পৰম্পৰা আজিও বিদ্যমান । গান্ধীৰো প্ৰত্যেক দিনৰ ৰাজহুৱা সভাৰ আৰম্ভণি বা অন্তত এখন সৰ্বধৰ্ম প্ৰাৰ্থনা আছিল অপৰিহাৰ্য ।
পৃথিৱীত এতিয়া হিংসাৰ দাবানল । এই অশান্ত নিৰ্মূল কৰিবলৈ আমি শান্তিৰ কপৌ চৰাই উৰুৱাব লাগিব । অহিংসাৰে আমি বীজ সিঁচি শান্তি আৰু প্ৰগতিৰ জয়গান গাব লাগিব । গান্ধীয়ে বিশ্বাস কৰিছিল যে শান্তিৰ মাজেদি হোৱা প্ৰগতিহে চিৰস্থায়ী হ'ব । আজিৰ নতুন প্ৰজন্মই গান্ধীৰ নীতি আৰু আদৰ্শক অনুকৰণ কৰিব লাগিব । তেওঁৰ জীৱনশৈলীৰ বিষয়ে বিস্তৃতভাৱে অধ্যয়ন কৰিব লাগিব । দেশ এখন শৃংখলাবদ্ধভাৱে আৰু সুন্দৰকৈ পৰিচালনা কৰিবলৈ হ'লে আমাৰ ৰাজনৈতিক নেতাবোৰে গান্ধীজীৰ আদৰ্শ আন্তৰিকতাৰে আৰু সহৃদয়তাৰে গ্ৰহণ কৰিলে সকলোৰে জীৱন মধুময় হ'ব , দেশ তথা জাতিয়ে সৰ্বাংগীণ উন্নতিৰ সুউচ্চ শিখৰত আৰোহণ কৰিব পাৰিব ।
গান্ধীয়ে শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছিল । ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগীণ উন্নতিৰ ক্ষেত্ৰত বহুমূলীয়া পৰামৰ্শ আগবঢ়াইছিল । শিক্ষাৰ উদ্দেশ্য মন প্ৰশস্ত কৰা , চিন্তা শক্তি বঢ়োৱা আৰু শিক্ষাৰ্থীক ন ন চিন্তাৰ খোৰাক দি দেশ তথা দহৰ মংগলৰ বাবে কাম কৰা -- এয়াই তেওঁৰ প্ৰকৃত শিক্ষাৰ মূলবাণী আছিল । শিক্ষাৰ আমূল পৰিৱৰ্তন আৰু সংস্কাৰৰ ক্ষেত্ৰত অহিংসাৰ পূজাৰী গৰাকীৰ অনবদ্য বৰঙণিৰ বাবে বৌদ্ধিক মহলতো তেওঁৰ নাম সদায়ে চিৰস্মৰণীয় হৈ থাকিব ।
মহাত্মা গান্ধীয়ে অস্পৃশ্যতাৰ বিৰুদ্ধে গোটেই জীৱন যুঁজ দিছিল । সমাজৰ পৰা সামাজিক বৈষম্য, উচ্চ - নীচৰ বিভেদৰ প্ৰাচীৰ ভাঙি সাম্য-মৈত্ৰীৰ সেঁতু নিৰ্মাণ কৰিছিল । সমাজৰপৰা অস্পৃশ্যতা দূৰীকৰণ তেওঁৰ প্ৰধান লক্ষ্য আছিল । তাৰ উপৰিও নাৰী-সৱলীকৰণৰ ক্ষেত্ৰত তেওঁ দৃঢ় পদক্ষেপ লৈ নাৰী আৰু পুৰুষৰ বৈষম্যৰ, বিভেদৰ প্ৰাচীৰ ভাঙি দিছিল । তেওঁ দেশত নাৰী আৰু পুৰুষক সম-মৰ্যাদা আৰু সম-অধিকাৰ দিবলৈ সক্ষম হৈছিল । আমাৰ সমাজৰ এতিয়াও এচাম মানুহে পুত্ৰ আৰু কন্যাৰ মাজত পাৰ্থক্য ৰাখে বা সম-অধিকাৰৰপৰা নিজৰ সন্তানক বঞ্চিত কৰে । এয়া বাস্তৱ সত্য ।গান্ধীৰ মতে পুত্ৰ আৰু কন্যাক সদায় সম দৃষ্টিৰে চাব লাগে ।
মানৱ প্ৰেম, মানৱ সেৱা, আৰু ঈশ্বৰ পৰায়ণতাত গান্ধীৰ তুলনা পাবলৈ টান । জীৱনৰ প্ৰতিটো স্তৰতে সত্যৰ অন্বেষণ আছিল তেওঁৰ জীৱনৰ লক্ষ্য। এই গৰাকী মহামানৱৰ বৰ্ণিল জীৱনৰ কথা কৈ বা লিখি শেষ কৰিব নোৱাৰি । সত্য, অহিংসা আৰু বিশ্বপ্ৰেমৰ প্ৰতীক, জাতিৰ পিতা বাপুজীৰ ১৫০ সংখ্যক জন্ম দিৱসত মহান আত্মাৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ । সত্যমেৱ জয়তে ।।
*******************************
প্ৰদীপ কলিতা
শিক্ষক,
হাজো উ: মা: বিদ্যালয়
0 Comments