header ads

কোভিড-১৯, লকডাউন আৰু আমিবোৰ | An Article by Mousumi

কোভিড-১৯, লকডাউন আৰু আমিবোৰ


যোৱা কিছুমাহ ধৰি সমগ্ৰ বিশ্বতে আতংকই বিৰাজ কৰিছে। ক'ৰ'ণাএতিয়া সৰ্বত্ৰ বিৰাজমান।আপোনজনক হেৰুওৱাৰ প্ৰক্ৰিয়া শেষ হৈ অহা নাই। অৱশ্যে ক'ভিড জয় কৰিবলৈ মনোবল দৃঢ় কৰাৰ মানসিকতাও আছে  বহুতৰে। উপৰ্যুপৰি বেমাৰে গ্ৰাস কৰি থকা সকল গ'লগৈ। এতিয়া আমিবোৰৰ  ভূমিকা আৰু কৰ্তব্যৰ ক্ষেত্ৰত সৰ্বপ্ৰথম প্ৰত্যেকেই ধনাত্মক ৰূপত নিজকে  প্ৰস্তুত কৰিব লাগিব আৰু মানসিক  শক্তি প্ৰবল কৰি তোলাৰ লগতে স্বাস্থ্যকৰ অভ্যাস(healthy habits)


গঢ়ি তুলিব লাগিব। সংস্পৰ্শত থকা শিশু, ডেকা, বুঢ়া সকলোকে এই মহামাৰীৰ সাৱধানতাৰ বিষয়ে অৱগত কৰাব লাগিব। প্ৰতিদিনে বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে বা  ব্যক্তিগত ভাৱেও এই প্ৰচেষ্টা চলি আহিছে আৰু যথাসম্ভৱ বেছিভাগ লোক ক'ভিড সম্পৰ্কে সচেতন হৈছে। 

থোৰতে ক'ভিড:

2019 চনত এই ভাইৰাছ চীন দেশৰ ৰোগীৰ দেহত  ধৰা পৰিছিল। এই ৰোগ সৃষ্টিকাৰী ভাইৰাছৰ নাম Novel Corona Virus-19। ক'ৰ'ণা ভাইৰাছ জনিত ৰোগৰ নাম SARS COVID 2 (Severe Acute Respiration Syndrome Corona Virus Disease-2)।

ক'ৰ'ণা ভাইৰাছ সাধাৰণতে জীৱ-জন্তুৰ দেহত থাকে। সঘনাই ৰূপ সলনি কৰে বাবে এই ভাইৰাছক নোভেল অৰ্থাৎ নতুন ৰূপৰ ক'ৰ'ণা ভাইৰাছ  বুলি কোৱা হয়। Microscopically চালে ইয়াক  ৰজাৰ মুকুটৰ দৰে দেখা যায় ।সেয়েহে ইয়াৰ নাম corona(Latin word)আৰু ইংৰাজীত crown (মুকুট)। Novel Corona Virus মানুহৰ নাক আৰু মুখেৰে প্ৰৱেশ কৰে আৰু হাওঁফাওঁত থিতাপি লয় আৰু থু, খেকাৰ, হাঁচি ,কাঁহ আদিৰ জৰিয়তে ইজনৰ পৰা আনজনলৈ বিয়পে।

লকডাউনে জীৱন পৰিত্ৰাণৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে। এফালে ক'ভিডে মানৱ শৰীৰৰ হাওঁফাওঁ দখল কৰিছে আনফালে   Depression এ মানুহৰ বিবেক গ্ৰাস কৰিছে। খাটিখোৱা মানুহৰ ভাতমুঠিৰ হাহাকাৰ হৈছে। তথাপিতো জীৱশ্ৰেষ্ঠ মানৱৰ শ্ৰেষ্ঠতাই কেতিয়াও হাৰ মনা নাই।সেয়েহে আমি প্ৰত্যেকেই সজাগ-সচেতন হৈ এই প্ৰত্যাহ্বানৰ সম্মুখীন হ'ব লাগিব আৰু আনকো উৎসাহ যোগাব লাগিব। প্ৰতিক্ষেত্ৰতে ভাল-বেয়া থাকে। এতিয়া হয়তো প্ৰশ্ন উত্থাপন হ'ব যে এই সময়ত আকৌ ভাল কি থাকিব পাৰে--

লকডাউনে আমাক জুৰুলা কৰিছে সঁচা--কিন্তু দিনকদিনে যান্ত্ৰিক হৈ পৰা আমিবোৰক জীৱন জীয়াবলৈ শিকাইছে, ইজনে সিজনৰ প্ৰতি থকা যত্ন-আবদাৰৰ মূল্যবোধ শিকাইছে, সুপ্ত প্ৰতিভাবোৰ  বিকশিত হৈছে,  সঞ্চিত হৈছে সৰু সৰু সুখৰ খোৰাক আৰু জীৱন জীয়াৰ ধনাত্মক সমল। 

সময়ে বহু কথাই শিকায়। বহুত সময়ত বৃহৎ পৰিৱৰ্তনৰ সূচনা হৈ আহিছে। তাৰ লগে লগে আমিবোৰ ও পৰিবৰ্তিত হৈছোঁ। সলাইছোঁ জীৱন জীয়াৰ কৌশল।আগবাঢ়িছোঁ আৰু আগবাঢ়ি যাম। দুখ আৰু বিপৰ্যয়ৰ সময়ত আমিবোৰে অনুভৱ কৰোঁ সময়ৰ দাম।এৰি অহা দিনৰ খতিয়ান লৈ ভাগৰি পৰো, হতাশ হওঁ। 

Havvey Mackay  কৈছিল, 

Time is free


But it's priceless 

You can't own it

But you can use it 

You can't keep it 

But you can spend it 

Once you've lost it 

You can never get it back. 

যদিও এই সময়  দু:সময়, তথাপিও আমাৰ মাজত থকা সুপ্ত প্ৰতিভা বিকাশ তথা  সৃষ্টিশীল হোৱাৰ এয়া সোণালী সময়। শেষত নিৰ্মলপ্ৰভা বাইদেউৰ কথাৰে---

"আকৌ নতুন প্ৰভাত হ'ব

কালৰাত্ৰি নাথাকিব 

জয়াল ৰাত্ৰিৰ বিভীষিকাবোৰে

সাহ জুই দেখি পলায়  যাব।"

*********************************************






নাম: মৌচুমী ৰায়চৌধুৰী।
পদবী:সহ-শিক্ষয়িত্ৰী
স্কুল:শনিয়াদি কাছুমাৰা প্ৰাথমিক বিদ্যালয়।
হাজো ব্লক।