header ads

শিক্ষক দিৱস | An Article by Mrinmoy Das

শিক্ষক দিৱস





ভূমিকা:


শিক্ষা মানৱ জীৱনৰ এক অপৰিহাৰ্য অংগ। শিক্ষা অবিহনে মানৱ জীৱনৰ বিকাশৰ কথা কল্পনা কৰিব নোৱাৰি। সৃষ্টিৰে পৰা মানৱ জীৱনৰ যি অভূতপূর্ব উত্তৰণ হৈ আছে তাৰ মূলতে আছে শিক্ষা। এই শিক্ষাৰ যিসকল গুৰিধৰোতা তেওঁলোকেই হ’ল শিক্ষক।



ইতিহাসৰ পাতত শিক্ষক দিৱস:
                 ভাৰতত ৫ ছেপ্তেম্বৰৰ দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটোতে আজিৰ পৰা ১২৫ বছৰ পূৰ্বে ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল। যিজনৰ শিক্ষাৰ প্ৰতি আছিল অপৰিসীম আগ্রহ আৰু শিক্ষকৰ প্রতি আছিল অতুলনীয় সন্মান। এইজনা ব্যক্তিয়েই নিজৰ জন্মদিনটো অর্থাৎ ৫ ছেপ্তেম্বৰৰ দিনটো শিক্ষকসকলৰ নামত উচৰ্গা কৰিছিল। প্ৰতি বছৰৰ ৫ ছেপ্তেম্বৰৰ দিনটো ভাৰতত শিক্ষক দিৱসৰূপে পালন কৰা হয়। এই দিনটো ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন। পাণ্ডিত্য আৰু বাগ্মিতাৰ বাবে ৰাধাকৃষ্ণণে আদর্শ শিক্ষক হিচাপে খ্যাতি অৰ্জন কৰিছিল। শিক্ষক হিচাপে ৰাধাকৃষ্ণণৰ কৃতীত্বৰ প্ৰতি সন্মান জনাই ১৯৬২ চনৰ পৰা তেওঁৰ জন্মদিন ৫ ছেপ্তেম্বৰৰ দিনটো শিক্ষক দিৱসৰূপে পালন কৰি অহা হৈছে। ১৯৬২ চনত তেওঁ ভাৰতৰ ৰাষ্ট্রপতি হৈ থাকোতেই কিছু ছাত্ৰ আৰু বন্ধুৱে ৰাধাকৃষ্ণণৰ জন্মদিনটো পালন কৰিবৰ বাবে তেওঁৰ অনুমতি বিচাৰিলে। তেতিয়া ৰাধাকৃষ্ণণে ক’লে যে তেওঁৰ জন্মদিনটো বেলেগ হিচাপে পতাতকৈ সেই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে তেওঁ নিজে গৌৰৱান্বিত অনুভৱ কৰিব। তেতিয়াৰ পৰা ভাৰতত সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন ৫ ছেপ্তেম্বৰক শিক্ষক দিৱস হিচাপেই পালন কৰা হৈ আহিছে৷


*********************************************************************************

 

মৃন্ময় দাস
পঞ্চম শ্ৰেণী
৩২৭ নং প্ৰাথমিক বিদ্যালয়

কমলপুৰ শিক্ষাখণ্ড