header ads

সাক্ষাৎকাৰ,

 সাক্ষাৎকাৰ

 
 শিশু দিৱসৰ তাৎপৰ্যৰ প্ৰতি লক্ষ্য ৰাখি জ্ঞানম্ তৃতীয় বছৰ দ্বিতীয় সংখ্যাত শিশুৰ অধিকাৰৰ ওপৰত এটি সাক্ষাৎকাৰ লোৱাৰ সিদ্ধান্ত লোৱা হৈছিল । সেয়ে বিশিষ্ট লেখক তথা অসম শিশু সাহিত্য ন্যাসৰ সচিব শ্ৰীযুত হৃষিকেশ গোস্বামী মহোদয়ৰ ওচৰ চাপে ই-আলোচনী জ্ঞানম্ ৰ সহঃ সম্পাদক মালব্য দাস । তেখেতৰ সৈতে হোৱা সাক্ষাৎকাৰৰ লিখিত ৰূপ তলত আগবঢ়োৱা হ'ল :- 

জ্ঞানমৰ প্ৰশ্ন :- আজিৰ শিশু কালিলৈ দেশৰ ভৱিষ্যত । এই শিশুসকলৰ উত্তৰণৰ বাবে আপোনালোকে কেনেধৰণৰ আঁচনি হাতত লৈছে আৰু কাৰ্যকৰী কৰিছে ?

হৃষিকেশ গোস্বামী :- অসম শিশু সাহিত্য ন্যাসে শিশুৰ মানসিক- বৌদ্ধিক উত্তৰণৰ বাবে শিশু গ্ৰন্থ প্ৰকাশত আৰম্ভণিৰে পৰাই গুৰুত্ব দি আহিছে । ১৯৮৭ চনৰ ২৩ মাৰ্চত প্ৰতিষ্ঠা হোৱাৰ সময়তেই ন্যাসে নতুন দিল্লীৰ শিশুগ্ৰন্থ ন্যাসৰ সহযোগত ৫ খনকৈ গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছিল । তেতিয়াৰে পৰা শিশু সাহিত্য ন্যাসে প্ৰায় ৩০০ খন গ্ৰন্থ প্ৰকাশ কৰিছে । ইয়াৰ উপৰিও ন্যাসে অসমৰ বিভিন্ন ঠাই যেনে : বঙাইগাঁও , বৰপেটা , শিৱসাগৰ , গুৱাহাটী , নাজিৰা , তেজপুৰ , লখিমপুৰ আদিত শিশুৰ মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ নিমিত্তে তেওলোকৰ মাজত আকস্মিক বক্তৃতা , তৰ্ক প্ৰতিযোগিতা , চিত্ৰাঙ্কন প্ৰতিযোগিতা , দেশপ্রেমমূলক গীতৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰি আহিছে । ন্যাসে সদায় শিশু সাহিত্যিক সকলক সাহিত্য সৃষ্টিৰ ক্ষেত্রত উৎসাহ , উদগণি যোগোৱাৰ চেষ্টা কৰি আহিছে । আমি শিশু সাহিত্যিক সমাৰোহ অনুষ্ঠিত কৰিছিলো আৰু ভৱিষ্যতেও এনে সমাৰোহৰ লগতে বিভিন্ন বিষয়ৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰিছোঁ ।

জ্ঞানমৰ প্ৰশ্ন :-  আগৰ প্ৰজন্মৰ শিশু আৰু বৰ্তমান প্ৰজন্মৰ শিশুসকলৰ মাজত কিবা প্ৰভেদ দেখা পাইছে নেকি ?

হৃষিকেশ গোস্বামী :- মহান শিক্ষক , দাৰ্শনিক সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱে কৈছিল , " Each individual has got divine potentiality in him . " প্ৰত্যেক ব্যক্তিৰ মাজতে সম্ভাৱনা লুকাই থাকে , সেই সম্ভাৱনাসমূহ উলিয়াই অনাৰ কাম হৈছে শিক্ষক সকলৰ , অভিভাৱক সকলৰ অথবা সমাজৰ পথ-প্ৰদৰ্শক সকলৰ । আগৰ শিশুসকলে আজিৰ দৰে ইমান সা-সুবিধা পোৱা নাছিল । আজিকালি বিভিন্ন মাধ্যমৰ যোগেদি আধুনিক সা-সুবিধা পাব পৰা হৈছে কিন্তু আমি এই সুবিধাসমূহ ব্যৱহাৰৰ ক্ষেত্রত চকু দিব লাগিব । আজিকালিৰ শিশু মোবাইলত ইমান বেছি ব্যস্ত থকাৰ ফলত নিশ্চিতভাবে তেওঁলোকৰ শাৰীৰিক বা মানসিক কল্পনা শক্তিৰ বিকাশত বাধা জন্মে আৰু কেতিয়াবা বিপথে পৰিচালিত হোৱাও দেখা যায় । এই ক্ষেত্ৰত আমি উপযুক্ত পৰিৱেশ গঢ় দিব পাৰিব লাগিব ।

জ্ঞানমৰ প্ৰশ্ন :-  বৰ্তমান শিশুসকলৰ মাজতো বিশেষকৈ কিশোৰসকলৰ মাজত বিভিন্ন অপৰাধ প্ৰৱণতা দেখা যায় । ইয়াৰ কাৰণ প্ৰধানকৈ কি বুলি আপুনি ভাৱে ?

হৃষিকেশ গোস্বামী :- শিশুসকলৰ মাজত অপৰাধ প্ৰৱণতা বৃদ্ধি পোৱাটো সমাজৰ কাৰণে যথেষ্ট চিন্তাজনক । এইক্ষেত্ৰত প্ৰতিজন অভিভাৱক সচেতন হ'ব লাগিব । প্ৰলোভিত হোৱাৰ পৰা শিশুসকলক দূৰত ৰাখিব লাগিব । দৈনন্দিন জীৱনত দূৰদৰ্শন , বাতৰি কাকত আদিৰ নিগেটিভ প্ৰদৰ্শনে বহুক্ষেত্ৰত শিশুমনত যথেষ্ট প্ৰভাৱ পেলায় । ইয়াৰপৰা সিহঁতক আঁতৰাই ৰাখি বিভিন্ন খেল-ধেমালি , সাহিত্য আদিৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব । পুথিভঁৰালসদৃশ ঘৰ এখনৰ পৰাই বিদ্যালয়লৈকে শিশুক গঠনমূলক পৰিৱেশ দিব পাৰিলে অপৰাধ প্ৰৱণতা কমি যাব । অভিভাৱক সকলে নিজৰ শিশুৰ লগত সময় কটোৱা উচিত আৰু তেওঁলোকৰ মাজত হ'ব পৰা সমস্যা সমূহ বন্ধুত্বপূৰ্ণ ভাৱে সমাধানৰ চিন্তা কৰা উচিত ।

জ্ঞানমৰ প্ৰশ্ন :- শিশুসকলক সৃষ্টিশীল ক্ৰিয়া-কলাপৰ প্ৰতি আকৰ্ষণ কেনেকৈ বৃদ্ধি কৰিব পৰা যায় ? আপোনালোকে এই ক্ষেত্ৰত কেনেধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে ?

হৃষিকেশ গোস্বামী :- ইতিমধ্যে মই ন্যাসৰ কাৰ্যাৱলীৰ চমু আভাস দিছো । সৃষ্টিশীল ক্ৰিয়া-কলাপৰ প্ৰতি শিশুসকলক আকৰ্ষণ কৰিবলৈ হ'লে সৃষ্টিশীল , গঠনমূলক পৰিৱেশ লাগিবই । বিভিন্ন পৰ্যায়ত সাহিত্য ন্যাসে শিশুগ্ৰন্থ প্ৰকাশক অগ্ৰাধিকাৰ প্ৰদান কৰি অহাৰ উপৰিও তেওঁলোকৰ প্ৰতিভা বিকাশৰ ক্ষেত্রত সদায় চেষ্টা কৰি আহিছে আৰু অনাগত ভৱিষ্যতেও চেষ্টা চলাই যাব ।

জ্ঞানমৰ প্ৰশ্ন :- শিশুসকলৰ বৰ্তমানৰ ডাঙৰ সমস্যা ম'বাইল প্ৰেম । ইয়াৰ বিকল্প সমাধান হিচাপে কিবা বেলেগ চিন্তা কৰিব পাৰি নেকি ?

হৃষিকেশ গোস্বামী :- বৰ্তমান প্ৰযুক্তিবিদ্যাৰ সময়ত ম'বাইল নোচোৱাকৈ থাকিব নোৱাৰে কিন্তু অনবৰত ম'বাইল চাই থাকিলে বা ইয়াৰ ব্যবহাৰে শিশুৰ শাৰীৰিক , মানসিক বিকাশত বাধাৰ সৃষ্টি কৰিব পাৰে । বিভিন্ন ধৰণৰ স্নায়ুৰোগ , মগজুৰ বিকাৰ পৰ্যন্ত ঘটিব পাৰে , তাৰোপৰি শিশু সকলে কোনটো দিশত ইয়াৰ ব্যৱহাৰ কৰিছে সেয়া অভিভাৱক সকলে লক্ষ্য ৰাখিব লাগে । অভিভাৱক সকলে শিশুক ম'বাইলৰ পৰা আঁতৰাই ৰাখি বিভিন্ন সাধুপুথি , কবিতা , ছবি অঁকা আদিৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ তেনেকুৱা পৰিৱেশ সৃষ্টি কৰিব লাগিব , তেতিয়াহে সিহঁতৰ কল্পনাশক্তিৰ বিকাশ ঘটিব আৰু নতুন নতুন সৃষ্টি হ'ব । গতিকে শিশুক পাৰ্যমানে নিৰ্দিষ্ট সময়ৰ বাবে ম'বাইলৰ পৰা আঁতৰাই নাৰাখিলে ভৱিষ্যতে বিপদ যে নিশ্চিত তাত কোনো সন্দেহ নাই ।

জ্ঞানমৰ প্ৰশ্ন :- শিশু অথবা কিশোৰসকলৰ মানসিক চাপ আঁতৰাবলৈ আপোনাৰ পৰামৰ্শ কি ?

হৃষিকেশ গোস্বামী :- শিশুসকলৰ মনত মানসিক চাপ আঁতৰাবলৈ হ'লে তেওঁলোকক নিজৰ নিজৰ  ৰুচি অনুযায়ী ডাঙৰ হ'বলৈ দিব লাগিব । শিশুৱে কি কৰি ভাল পায় , কি খেলি ভাল পায় , এই কথাবোৰত মাক-দেউতাকে গুৰুত্ব দিব লাগিব । আজিকালি বহু অভিভাৱকে শিশুৱে পৰীক্ষাত লাভ কৰা নম্বৰৰ ওপৰত জোৰ দিয়ে আৰু নিজৰ সন্তানৰ ওপৰত সমস্ত বোজা জাপি দিব বিচাৰে । শিশুৰ মনৰ কথা আমি শুনিব লাগিব , কেৱল আমাৰ কথাখিনি জাপি দিলেই নহ'ব । মুক্তমনে তেওঁলোকক কল্পনাৰ জগতত বিচৰণ কৰিব দিব লাগিব । মানসিক চাপমুক্ত হ'লেহে শিশুৰ সুপ্ত প্ৰতিভা বিকাশ হ'ব আৰু নতুন নতুন সৃষ্টি হ'ব ।

জ্ঞানমৰ প্ৰশ্ন :- নৈতিক চৰিত্ৰ গঠনৰ বাবে আজিৰ পাঠ্যক্ৰমত নীতিশিক্ষা  বিষয়টো প্ৰথম শ্ৰেণীৰ পৰা বাধ্যতামূলক হ'ব লাগে বুলি আপুনি ভাৱে নেকি ?

হৃষিকেশ গোস্বামী :- নিশ্চিতভাৱে নৈতিক শিক্ষাৰ প্ৰয়োজন আছে কিন্তু কেৱল পাঠ্যক্ৰমত নৈতিক শিক্ষা দিলেই নহ'ব । ইয়াৰ বাবে সমাজত সুস্থ পৰিৱেশ সৃষ্টি কৰিব পাৰিব লাগিব । শিশুৱে পৰিৱেশৰ পৰাই জ্ঞান আহৰণ কৰে । শিক্ষাৰ দুটা দিশ আছে - নৈতিক আৰু দৃষ্টান্তমূলক । সমাজে কেনেধৰণৰ বাৰ্তা দিছে , শিক্ষক সকলে , শিক্ষা বিষয়াসকলে , শিক্ষামন্ত্ৰী , সমাজৰ অভিভাৱক সকলে কি দৃষ্টান্ত দিছে সেইটোৱে ডাঙৰ কথা । ড° এ. পি. জে. আব্দুল কালাম , শিল্পী জ্যোতিপ্রসাদ আগৰৱালা , বিষ্ণু ৰাভা , ভূপেন হাজৰিকাৰ দৰে ব্যক্তি সকলৰ পৰামৰ্শ আমি কেনেকৈ গ্ৰহণ কৰিছোঁ , সেয়াহে বিবেচনা কৰিব লাগিব । আজিকালিৰ এচাম তথাকথিত ছেলিব্ৰেটিয়ে ৰাইজৰ সমুখত মঞ্চতে অসভ্য আচৰণ কৰে , অসভ্য কথা কয় । তেওঁলোকৰ পৰা ল'ৰা-ছোৱালীয়ে কি শিকিব , কি গ্রহণ কৰিব , এয়া চিন্তনীয় বিষয় হৈ পৰিছে । চাৰিওফালে আমি নিগেটিভ পৰিৱেশ এটা দি শিশুৰ পৰা কেনেকৈ ভাল আচৰণ আশা কৰিব পাৰোঁ । গতিকে নৈতিক শিক্ষা প্ৰদানৰ আগতে এখন সুস্থ সমাজ গঢ়াত আমি গুৰুত্ব দিব লাগিব ।

সাক্ষাৎকাৰ লওঁতা :-

মালব্য দাস
হিন্দী শিক্ষক
ছমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়
শিক্ষা খণ্ড : ছমৰীয়া ( কামৰূপ )


Post a Comment

0 Comments