header ads

সাক্ষাৎকাৰ | Interview with Dr. Pitambar Devgoswami by Girin Das

সাক্ষাৎকাৰ

         শৈক্ষিক গোট, 'জ্ঞানম' কামৰূপৰ তৰফৰ পৰা প্ৰকাশ পাবলগীয়া 'জ্ঞানম' দুমহীয়া ই-আলোচনীৰ ২য় সংখ্যাত এইবাৰ শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুঈশ্বৰ ড° পীতাম্বৰ দেৱগোস্বামীৰ এটি সাক্ষাৎকাৰ প্ৰকাশ কৰাৰ বাবে  আলোচনা  হয় ৷ তাৰে পৰিপ্ৰেক্ষিতত আউনীআটী সত্ৰ ,উত্তৰ গুৱাহাটী শাখাত তেওঁক লগ পোৱাৰ সৌভাগ্য হিচাবে সাক্ষাৎকাৰ এটি লবলৈ তেওঁৰ কাষ চাপো

৷ তেওঁৰ চৰণত প্ৰণিপাত জনাই তেওঁক প্ৰশ্ন কৰোঁ আৰু তেওঁ সুন্দৰকৈ বিশ্লেষণ কৰি যায় তলত উল্লেখ কৰাৰ ধৰণে ৷

 

প্ৰশ্ন ১)আপোনাৰ সময়ৰ শিক্ষা ব্যৱস্থা আৰু বৰ্তমান সময়ৰ শিক্ষা ব্যৱস্থাৰ মাজত আপুনি কি বৈসাদৃশ্য দেখে ?

 

উঃ- যথেষ্ট পাৰ্থক্য আছে ৷ আগৰ শিক্ষাত আছিল --"ছাত্ৰানং অধ্যয়নং তপঃ"-- এই বাক্যৰ সাৰ্থকতা ৷ তপস্যা অৰ্থাৎ কঠোৰ শাৰীৰিক,মানসিক পৰিশ্ৰম আছিল আগৰ শিক্ষাত ৷ এতিয়া বিভিন্ন ইলেক্ট্ৰনিক মাধ্যম তথা আধুনিক সচ্ছলতা বেছিকৈ থকাত শ্ৰমৰ হাৰ কমি গল ৷ আনহাতে আগৰ শিক্ষা আছিল নৈতিক মূল্যবোধ তথা চৰিত্ৰ থকা শিক্ষাৰ পয়োভৰ ৷ আজিৰ শিক্ষাত এনে ভাৱ নোহোৱা হৈছে ৷ ইয়াৰ কাৰণে পাঠ্যক্ৰম আৰু পৰিৱেশ জগৰীয়া ৷

 

প্ৰশ্ন ২) বৰ্তমান শিক্ষা ব্যবস্থাত আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা আপুনি কিমান বুলি ভাৱে ?

 

উঃ-আধ্যাত্মিক শিক্ষা অবিহনে কোনো শিক্ষাই সম্পূৰ্ণ হব নোৱাৰে৷অৰ্থাৎ আধ্যাত্মিক শিক্ষা শ্ৰদ্ধা,ভক্তি সম্পৃক্ত বিষয়৷আজিৰ শিক্ষা ব্যৱস্থাত এই দুয়োটাৰে অভাৱ ঘটিছে ৷ বৰ্তমান শ্ৰদ্ধা-ভক্তিক একাষৰীয়া কৰি যিকোনো প্ৰকাৰে শিক্ষাৰ ফল লবলৈ যত্ন কৰা হৈছে ৷ ঈশ্বৰ ভাৱাপন্ন তথা শ্ৰদ্ধা-ভক্তি থকা শিক্ষাই মানুহৰ জীৱন পৰিশিলিত কৰিব পাৰে আৰু প্ৰকৃতাৰ্থত মানুহ সুন্দৰ হব পাৰে ৷ সেয়েহে বৰ্তমান শিক্ষা ব্যৱস্থাত ই অত্যন্ত প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ ৷

 

প্ৰশ্ন ৩) বৰ্তমানৰ সমাজ ব্যৱস্থাত যুৱ সমাজ উচ্ছৃঙ্খল হোৱা পৰিলক্ষিত হয় ৷ ইয়াৰ প্ৰতিকাৰ হিচাপে আপুনি যুৱ সমাজলৈ কি বাৰ্তা দিব বিচাৰে ?

 

উঃ- কেৱল বস্তুভোগৰ স্পৃহাই মানুহৰ জীৱন নহয়৷ 'আধ্যাত্মযুক্ত জীৱনেহে যে প্ৰকৃত জীৱন' --এই কথা সততে মনত পেলাবলৈ কম ৷ আবেগৰ পৰিৱৰ্তে,সস্তীয়া সুখ আমেজৰ পৰিৱৰ্তে,ঠুনুকা মনৰ পৰিৱৰ্তে,গধুৰ আৰু মধুৰ মনটোৰ যুৱ সমাজ ওচৰ চপা উচিত ৷

 

প্ৰশ্ন ৪) "আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত"---- এই বাক্যশাৰীক লৈ শিশুসকলক আপুনি কি কব খোজে ?

 

উঃ- সচাঁ , কুমলীয়া বাঁহ সহজে ভাঁজ দিব পাৰি কিন্তু পৈনত হলে নোৱাৰি ৷ শিশু অৱস্থাতে মানুহে জীৱনৰ প্ৰকৃত ভাঁজ দিবলৈ শিশুক অনুপ্ৰাণিত কৰিব লাগিব ৷ ধ্ৰুৱ,প্ৰহ্লাদ আদি চৰিত্ৰই শিশুতেই ঈশ্বৰমুখী হোৱাৰ কাৰণে ,ঈশ্বৰত অগাধ বিশ্বাস ৰখাৰ বাবে তেওঁলোক প্ৰতি পলে পলে বিপদমুক্ত হৈছে ৷ জীৱন গঢ়াৰ বাবে এনে যি অমূল্য শিক্ষা,শিশুসকলে শিশু জীৱনতে অনুসৰণ কৰা উচিত ৷

 

প্ৰশ্ন ৫) বৰ্তমান সমগ্ৰ বিশ্বৰ লগতে অসমো কোভিড-১৯ মহামাৰীৰ কবলত পৰিছে৷এই মহামাৰী সম্পৰ্কে ছাত্ৰ-ছাত্ৰীৰ লগতে সমাজলৈ আপুনি কি পৰামৰ্শ দিব বিচাৰে ?

 

উঃ- আমাৰ প্ৰাচীন পৰম্পৰা অনুসৰি যি পৰিষ্কাৰ-পৰিচ্ছন্নতা আছিল,সামাজিক-সাংস্কৃতিক পৰিৱেশ আছিল ,সেইসমূহ অনুকৰণ কৰিলেই কৰণাৰ পৰা ৰক্ষা পাব পৰা যায়৷বিশেষকৈ আমাৰ অসমীয়া জীৱনৰ পৰম্পৰা বিজ্ঞানসম্মত আৰু আজি চৰকাৰে দিয়া সকলো নিৰ্দেশনা ইয়াত নিহিত হৈ আছে ৷

 

প্ৰশ্ন ৬) বৰ্তমান সমাজত মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰণাক প্ৰতিহত কৰাৰ ক্ষেত্ৰত সত্ৰসমূহৰ ভূমিকা কেনে হোৱা উচিত বুলি আপুনি অনুভৱ কৰে ?

 

উঃ- সত্ৰসমূহে সমাজত প্ৰাচীন পৰম্পৰা তথা ঐতিহ্য বহন কৰা কথাবিলাক বিজ্ঞানসম্মত  ভাৱে তথা আত্ম প্ৰত্যয় অহাকৈ যুক্তি সহকাৰে জনসমাজত বুজোৱাৰ ব্যৱস্থা কৰিব লাগে ৷ ইতিমধ্যে আউনীআটী সত্ৰই এনে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ আন আন সত্ৰসমূহেওঁ অতি ক্ষিপ্ৰতাৰে এই পদক্ষেপ লোৱা উচিত ৷

 

প্ৰশ্ন ৭) আমাৰ কৃষ্টি-সংস্কৃতিৰ মাধ্যমেৰে শিক্ষাৰ্থীসকলৰ মাজত দেশাত্মবোধ জগাই তুলিব পাৰিনে ? যদি পাৰি অলপ বহলাই কওঁক ৷

 

উঃ- নিশ্চয় পাৰি ৷যিবিলাক দেশাত্মবোধ গীত-মাত আছে ,নাটক-নাটিকা আছে,কাহিনী আছে সেইবিলাক ব্যাখ্যাত্মকভাৱে প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কৰিব লাগে ৷ লগতে মহাভাৰত,ৰামায়ণ,ভাগৱতত থকা কাহিনীসমূহৰ উদাহৰণেৰে দেশাত্মবোধৰ কথা হৃদয়ত ৰেখাপাত কৰাকৈ বুজাই দিব পাৰি ৷উদাহৰণস্বৰূপে --- ৰামে লংকা জয় কৰি লক্ষ্মণক উদ্দেশ্যি কোৱা সেই বাক্যৰাশী ----"জননী জন্মভূমিস্বঃ স্বৰ্গাদপি গৰিয়সী" ৷এয়া মাত্ৰ এটিহে উদাহৰণ ৷ তেনে অলেখ উদাহৰণ সেই কাহিনীসমূহত আছে ৷

 

প্ৰশ্ন ৮) সাম্প্ৰতিক সময়ত বৃত্তিমূলক শিক্ষাৰ ক্ষেত্ৰত মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ তথা মহাত্মা গান্ধীৰ আদৰ্শ ছাত্ৰ-ছাত্ৰীৰ বাবে কিমান গ্ৰহণযোগ্য বুলি আপুনি ভাৱে ?

 

উঃ- অতিকৈ গ্ৰহণযোগ্য বুলি ভাৱোঁ ৷ যিহেতু মহাত্মা গান্ধী তথা মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰৰ আদৰ্শত কৰ্মবিমুখৰ স্থান নাই ৷ কৰ্মবিমুখ ,আলস জীৱন-যাপন কৰিবলৈ মহাপুৰুষসকলে কেতিয়াওঁ কোৱা নাই ৷ যি কৰ্মোদ্যোগী জীৱনৰ কথা মহাপুৰুষসকলে কৈছে তাতেই আছে জীৱনৰ বৃত্তি ৷ কিন্তু এই বৃত্তিমুখী চিন্তাত আছে সামূহিক সামাজিক চিন্তা ৷ অনৈতিক বৃত্তিমুখী হোৱাৰ পৰিৱৰ্তে নৈতিক চিন্তাৰে বৃত্তিমুখী হোৱাৰ কথা বাৰে বাৰে সোঁৱৰাই দিছে মহাপুৰুষসকলে ৷ সেয়ে সততা থকা , নৈতিকতা থকা বৃত্তি গ্ৰহণ কৰা উচিত যিয়ে  স্থায়ী সুখ ভোগ , শান্তিৰ সন্ধান দিব

 **********************


সাক্ষাৎকাৰ লওঁতা

গিৰীণ দাস




Post a Comment

0 Comments