header ads

কৰ'ণাতংক আৰু বৈদ্যুতিন শিক্ষা | An Article by Pritimani das

কৰ'ণাতংক আৰু বৈদ্যুতিন শিক্ষা



       এতিয়া চৌদিশে কেৱল ক'ৰণাৰ সন্ত্ৰাস | গোটেই বিশ্ব বৰ্তমান কম্পিত  | স্তব্ধ হৈছে  মানুহৰ স্বাভাৱিক জীৱন যাত্ৰা | ব্যৱধান বাঢ়িছে মানুহৰ পৰা মানুহলৈ | মানুহ হৈ পৰিছে নিসংগ ,আৱদ্ধ |মৃত্যুৰ পিছতো আত্মীয়ই মৃতকক সাৱটি এঘৰী কান্দি পাতলাব‌ নোৱাৰে দুখ | চৰণ চুই যাঁচিব নোৱাৰে এটি সেৱা | কি যে এক কৰুণ গাঁথা !সৰ্বত্ৰ মৰিশালীৰ নিস্তবদ্ধতা |(যদিও প্ৰকৃতিয়ে শান্তিত উশাহ ল'ব পাৰিছে )দাউ দাউকৈ জ্বলিছে মৰাশ | দম দম মৰাশৰ অগ্নিয়ে ৰঙীণ কৰিছে পৃথিৱীৰ আকাশ | ভ‌ূমিয়ে আকোৱালি লৈছে লাখ লাখ মৃত মানৱক |কভিদ পজিটিভ ৰোগীক চিকিৎসা কৰি নিজেই আক্ৰান্ত হৈ মৃত্যু হৈছে ভগৱানৰূপী ডাক্তৰ , নাৰ্চ ,চিকিৎসা কৰ্মী |ক'ৰণাক্ৰান্ত ডাক্তৰ পতি-পত্নীৰ অন্তিম মিলনৰ দৃশ্যই সেমেকাই তুলিছে দুচকু |ক"ৰণাক্ৰান্ত নিজৰ অবোধ শিশুৰ আকুল প্ৰসাৰিত হাত সাৱটি মৰমৰ উম দিব নোৱাৰা পিতৃৰ অসহায় অৱস্থাই ব্যথিত কৰিছে সকলোকে |এনে এক সন্ধিক্ষণে সামাজিক, ৰাজনৈতিক,অৰ্থনৈতিক সাংস্কৃতিক আৰু তাৰ সমান্তৰালভাবে শি‌ক্ষাৰ ক্ষেত্ৰ খনকো অচল ,বৰ্ণহীন কৰি পেলাইছে |
            
             এই প্ৰসংগতে আহি পৰে বৈদ্যুতিন শি‌ক্ষাৰ একমাত্ৰ বিকল্পৰ প্রাসংগিকতা |ই নিশ্চয়কৈ শি‌ক্ষকৰ কায়িক উপস্থিতিত গঢ়ি উঠা শিকন আৰু শি‌ক্ষণ উন্মুখ আত্মিকতা পূৰ্ণ পৰিবেশ এটা গঢ়ি তোলাৰ ক্ষেত্ৰত সম্পূৰ্ণ সফল নহ'ব | তথাপিও বৈদ্যুতিক মাধ্যমেৰে কিছু পৰিমাণে হ'লেও ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক দিশত স্পৃহা,গতিশীলতা বৰ্তাই ৰাখিবলৈ একাংশ সন্মানীয় শিক্ষাগুৰুৱে চেষ্টাৰ ক্ৰুটি কৰা নাই |অডিঅ" কনফাৰেন্সেই হওক বা ভিডিঅ' কনফাৰেন্সেই হওক,ছাত্ৰ ছাত্ৰীৰ হোৱাটছএপ গ্ৰুপ খুলিয়ে হওক বা অভিভাৱকৰ ব্যক্তিগত ফোনতেই হওক ছাত্ৰ ছাত্ৰীৰ লগত কৰা   সংযোগে সেই সকল শ্ৰদ্ধাৰ  শিক্ষক শিক্ষয়ত্ৰীৰ নিষ্ঠাকে সূচায় |এইখিনিতে অন্য এক বাস্তৱতাক আমি স্বীকাৰ কৰিবই লাগিব  যে তলাবন্ধৰ এই অচলাবস্থাত আঠ দহহেজাৰ টকা খৰছ কৰি স্মাৰ্টফোন ক্ৰয় কৰাটো নিম্নবিত্ত ভূমিহীন  কৃষক ,ক্ষুদ্ৰ ব্যৱসায়ী,দিনহাজিৰা কৰি পেটে ভাতে খোৱা অসমৰ দৰিদ্ৰ অভিভাৱকৰ বাবে  আকাশত চাং পতাৰ লেখীয়া কথা |বৈদ্যুতিক মাধ্যমক তৃণমুল পৰ্যায়লৈ লৈ যাবলৈ লগতে সুপ্ৰয়োগ কৰাবলৈ তেওঁলোকৰ আৰ্থসামাজিক উন্নয়ন অৱশ্যেই লাগিব |   

++++++++++++++++++-------------+++++++++++-----------+++++++++++

প্ৰীতিমণি দাস।
সহ-শিক্ষয়িত্ৰী।
চম্পকনগৰ ছোৱালী মধ্য ইংৰাজী বিদ্যালয়। 
শিক্ষাখণ্ড- ছয়গাওঁ।