header ads

শিক্ষক দিৱস | An Assamese Article by Dipali Baruah

শিক্ষক দিৱস



জ্ঞানৰ পোহৰেৰে আলোকিত কৰি শিক্ষার্থীসকলক উৎসাহিত কৰি সুদক্ষ , সুনাগৰিক , অনুসন্ধিৎসু মনৰ গৰাকী হিচাপে প্ৰতিষ্ঠিত কৰা শিক্ষকসকলৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা আৰু সন্মান জনায় শিক্ষক দিৱস পালন কৰা হয় । শিক্ষক দিৱস হৈছে এক আন্তৰ্জাতিক দিৱস। বিংশ শতিকাত পৃথিৱীৰ বহু দেশত শিক্ষক দিৱস উদ্‌যাপন কৰাৰ ধাৰণা গঢ় লৈ উঠে ।প্ৰত্যেক দেশৰে শিক্ষা জগতৰ লগত জড়িত যিকোনো এজন পূজ্য ব্যক্তিৰ জন্ম বা মৃত্যুৰ তাৰিখটোত সেই দেশ খনৰ শিক্ষক দিৱস হিচাপে পালন কৰা পৰিলক্ষিত হৈ আহিছে। দেশ ভেদে শিক্ষক দিৱস আয়োজন কৰা দিনটো ভিন ভিন হোৱা দেখা যায়। ৰাছিয়া, ৰোমানিয়া, নেডাৰলেণ্ড, কানাডা, মালদ্বীপ, জাৰ্মানী, ফিলিপাইন, ছাৰ্বিয়া, পাকিস্তান, মৰিচাচ, কুৱেইট, মেগডনীয়া, কাটাৰ, বুলগেৰিয়া, লিথনিয়া আৰু ইংলেণ্ডত ১৯৯৩ চনৰ পৰা ৫ অক্টোবৰৰ দিনটোত শিক্ষক দিৱস পালন কৰা হয়। তাৰোপৰি বিশ্বৰ অন্য এঘাৰ খন দেশে ২৮ ফেব্ৰুৱাৰীৰ দিনটোত শিক্ষক দিৱস উদ্‌যাপন কৰে। উক্ত দেশবোৰ হ'ল - লিবিয়া, মৰাক্কো, জৰ্ডান, বাহৰেইন, আলজেৰিয়া, ওমান, য়েমেন, টিউনেছীয়া, মিচৰ, সংযুক্ত আৰব-আমিৰাত আৰু চৌদি আৰব । আকৌ চীন দেশত প্ৰখ্যাত দাৰ্শনিক তথা শিক্ষক কনফুচিয়াছৰ জন্মদিন ২৮ ছেপ্টেম্বৰত শিক্ষক দিৱস উদযাপন কৰা হয়। সেই একেদৰে ১৯৬২ চনৰ পৰা সমগ্ৰ ভাৰতবর্ষত ৫ ছেপ্টেম্বৰ  তাৰিখত প্ৰখ্যাত বিদগ্ধ পণ্ডিত,শিক্ষাবিদ শ্ৰদ্ধাৰ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সোঁৱৰণত তেখেতৰ জন্ম  দিনটোত শিক্ষক দিৱস পালন কৰা হয় । ভাৰতীয় শিক্ষা ব্যৱস্থাৰ প্ৰতি তেঁওৰ অৱদান চিৰস্মৰণীয়। 

                  ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ একেধাৰে এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ আছিল। ৰাধাকৃষ্ণণৰ দৰ্শনে সমাজৰ অখণ্ডতা, জীৱনৰ পৰিপূৰ্ণতা, ধৰ্মৰ ঐক্যসংহতি, সামাজিক, ৰাজনৈতিক জীৱনৰ উদাৰ সাম্যদৃষ্টিৰ ওপৰত গুৰুত্ব দিছে। আকৌ দৰ্শনে ব্যৰ্থতা, শোক আৰু বিপৰ্যয়, ক্লান্তি আৰু হতাশাৰ বিৰুদ্ধে প্ৰতিৰোধ শক্তি প্ৰদান কৰে। 

                   ৰাধাকৃষ্ণণৰ নিচিনা শিক্ষক পৃথিৱীতে বিৰল। নিজ ব্যক্তিত্ব আৰু মহৎ পাণ্ডিত্যকৰণৰ দ্বাৰা এইজনা শিক্ষকে পৃথিৱীৰ বিভিন্ন স্থানৰ অসংখ্য ছাত্ৰ, শিক্ষক আৰু বুদ্ধিজীৱিক মুগ্ধ আৰু অনুপ্ৰাণিত কৰিছিল। আদৰ্শ শিক্ষক হিচাপে ৰাধাকৃষ্ণণে ব্যাপক অধ্যয়ন, গভীৰ পাণ্ডিত্য, তীক্ষ্ণ মননশীলতা আৰু সম্যক উপলব্ধিৰ দ্বাৰা ছাত্র-ছাত্ৰীৰ মনত গভীৰ ৰেখাপাত কৰিছিল। 

                     ৰাজনৈতিক ক্ষেত্ৰতো ৰাধাকৃষ্ণণে ইতিহাস ৰচনা কৰিছিল। তেখেতে ১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ আৰু ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈ একেৰাহে দুবাৰকৈ ভাৰতৰ উপ ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈ থকাৰ পিছত ১৯৬২ চনত ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হয়। তেখেত দেশৰ ৰাজনীতিত অংশগ্ৰহণ কৰি ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ দেশত সৰ্বোচ্চ সন্মানৰ অধিকাৰী হৈছিল যদিও দেশবাসীয়ে অধিক সন্মান প্ৰদৰ্শন কৰিছিল এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষক হিচাপেহে। সেয়ে তেওঁ ৰাষ্ট্ৰপতি পদত অধিস্থিত হৈ থকা সময়ত তেওঁৰ গুণমুগ্ধ ছাত্র-ছাত্ৰী আৰু অনুগামী সকলে তেখেতৰ জন্ম দিনটো পালন কৰাৰ বাবে অনুমতি বিচৰাত তেওঁ কৈছিল যে - "মোৰ জন্মদিন পালন কৰিব বিচৰাটো মোৰ বাবে গৌৰৱৰ বিষয়। কিন্তু এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে মই আৰু অধিক আনন্দিত হম"। তেওঁৰ ইচ্ছা অনুসৰিয়েই ১৯৬২ চনৰ পৰা ৫ ছেপ্টেম্বৰ তাৰিখতো সমগ্ৰ ভাৰতবৰ্ষতে শিক্ষক দিৱস হিচাপে পালন কৰি অহা পৰিলক্ষিত হৈছে। 

*****************************************************

দিপালি বৰুৱা
সহকাৰী শিক্ষয়িত্ৰী
তাতিবামা আঞ্চলিক হাইস্কুল
শিক্ষাখণ্ড: ৰাণী