header ads

ৰাউলাট বিল আৰু ইয়াৰ প্ৰতিবাদ | An Assamese Article by Girin Das

ৰাউলাট বিল আৰু ইয়াৰ প্ৰতিবাদ


         এইখিনি সময় আছিল প্ৰথম বিশ্ব যুদ্ধৰ সময়ৰ কথা ৷ ভাৰতেও বিশ্ব যুদ্ধত নিজকে জড়িত কৰাৰ সমানুপাতেে ইংৰাজসকলৰ শোষণ আৰু উৎপীড়নৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছিল৷ ইংৰাজসকলে ভাৰতীয় জনগনক দমন কৰিবলৈ এখন বিল প্ৰণয়ন কৰিছিল যি বিলে পুলিচ প্ৰশাসন আৰু চৰকাৰক  একচেটিয়া ক্ষমতা প্ৰদান কৰিছিল৷এইখন বিলেই হ’ল  'ৰাউলাট বিল'৷এই বিলে প্ৰদান কৰা ক্ষমতা অনুযায়ী যিকোনো নেতাকে অপৰাধী সজোঁৱা,আনকি সন্দেহজনক বুলি মন কৰিলেওঁ গ্ৰেপ্তাৰ কৰিব পাৰিছিল৷বিনা বিচাৰে জেলত আটক কৰি ৰাখিব পাৰিছিল বা গোপনে আদালত বহুৱাই বিচাৰ কৰিব পাৰিছিল৷ সেই সময়ত এই বিলৰ স্বৰূপ বৰ্ণনা কৰি এটি বাক্য লিখা হৈছিল-- 'নাই উকীল,নাই আপিল,নাই দলিল'৷ এই বিলৰ বিৰুদ্ধে দেশৰ প্ৰতিবাদ যেতিয়া ক্ৰমে বাঢ়ি আহিছিল তেনে সময়তে আবিৰ্ভাৱ হৈছিল এটি নতুন নামৰ 'মোহনদাস কৰমচাঁদ গান্ধী' ৷দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহি সবৰমতীত আশ্ৰম প্ৰতিষ্ঠা কৰি তেওঁৰ অনুগামীসকলৰ লগত বসতি কৰিছিল৷বিহাৰৰ চম্পাৰণ জিলাৰ ইংৰাজ চাহাবসকলে দীন দৰিদ্ৰ খেতিয়ক সকলৰ ওপৰত অকথ্য অত্যাচাৰ কৰিছিল৷১৯১৭  চনত গান্ধীজীয়ে সেই প্ৰজাসকলৰ হৈ আন্দোলন আৰম্ভ কৰিলে আৰু অত্যাচাৰৰ অৱসান ঘটালে৷ তাৰ  পাছত আকৌ তেওঁ সংগ্ৰাম কৰিবলগীয়া হ’ল গুজৰাটৰ কয়ৰা অঞ্চলৰ খেতিয়কসকলৰ কাৰণে৷১৯১৯ চনৰ প্ৰথম ভাগত তেওঁ বৰ অসুস্থ হৈ পৰিছিল৷অসুখ ভালকৈ এৰিছে নে নাই এনে সময়তে ৰাউলাট বিলক লৈ সমগ্ৰ দেশতেই আন্দোলন জাগি উঠিছিল৷দেশ জুৰি জনসাধাৰণৰ মিলিত প্ৰতিবাদৰ লগত গান্ধীজীয়েও তেওঁৰ সুৰ মিলাইছিল৷ তাৰ পাছত যেতিয়া গান্ধীজীয়ে দেখিলে বৃটিছ চৰকাৰ একেবাৰে দৃঢ়প্ৰতীজ্ঞ  যে গোটেই ভাৰতৰ মিলিত প্ৰতিবাদ সত্বেওঁঁ তেওঁলোকে এই আইন বলৱৎ কৰিবই তেতিয়া তেওঁ কৈছিল --""গোটেই ভাৰতবৰ্ষ জুৰি এটি শোক প্ৰকাশৰ দিন পালন কৰা হওঁক- এই বিল যিদিনা আইনত পৰিণত হ’ব তাৰ পাছৰ ৰবিবাৰটো দেশব্যাপী হৰতাল হ’ব ,সকলো কাম-কাজ ,সভা-সমিতি বন্ধ থাকিব"৷ এয়াই হ’ল সত্যাগ্ৰহ আন্দোলনৰ সূচনা৷ এতেকে ১৯১৯ চনৰ ৬ এপ্ৰিল তাৰিখ ৰবিবাৰে দেশৰ সকলো গাঁও-চহৰত হৰতাল হৈছিল৷এই অনুষ্ঠানটিত সকলো জাতি সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰিছিল৷ এই সংগ্ৰামৰ ফলত সময়ৰ আহ্বানত ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা ইংৰাজ সকলে ভাৰত এৰি যাবলৈ বাধ্য হ’ল আৰু আমি এখন স্বাধীন দেশৰ বাসিন্দা হ’বলৈ পালোঁ৷

******************************************



গিৰিন দাস
সহ শিক্ষক
৩২৭নং লেজা প্ৰাথমিক বিদ্যালয়
কমলপুৰ শিক্ষা খণ্ড

Post a Comment

0 Comments