Labels

ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ নাৰী | An Assamese Article by Kalpana Haloi

ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ নাৰী


       ভাৰতৰ স্বাধীনতা আন্দোলনত আগ-ভাগ লোৱা মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, আবুল কালাম আজাদ, সৰোজনী নাইডু আদি মহান জাতীয় নেতৃবৃন্দৰ দ্বাৰা অনুপ্ৰাণিত হৈ পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত হ’বলৈ ভাৰতবৰ্ষৰ আন ৰাজ্যৰ দৰে অসমেও এই আন্দোলনত আগ-ভাগ লৈছিল।
        গান্ধীজীৰ অসম ভ্ৰমণ অসমৰ জাতীয় জীৱনত এক ঐতিহাসিক ঘটনা। মহাত্মা গান্ধীৰ আগমনে অসমৰ ৰাইজৰ মাজত এক নতুন উৎসাহ উদ্দীপনা আৰু প্ৰেৰণা সৃষ্টি কৰে। অসমীয়া ৰাইজে নতুন আত্মচেতনা, স্বাৱলম্বিতা আৰু স্বদেশী মনোভাৱ লাভ কৰে। গান্ধীজীয়ে অসমৰ সকলো ঠাইতে বিলাতী বস্ত্ৰ বৰ্জন, সূতা কটা, মাদক দ্ৰব্য নিবাৰণ, খাদী ব্যৱহাৰ, অস্পৃশ্যতা বৰ্জন আৰু হিন্দু-মুছলমানৰ ঐক্যৰ ওপৰত অধিক গুৰুত্ব দিছিল। তেখেতে অসম এৰি যোৱাৰ পিছত ৰাইজক জাগ্ৰত কৰি তুলিবলৈ দেশভক্ত তৰুণৰাম ফুকন, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু আন আন নেতা সকলে অসমৰ বিভিন্ন ঠাইত মহাত্মাৰ বাণী প্ৰচাৰ কৰিছিল। গোটেই অসমত বিদেশী বস্ত্ৰ বৰ্জন, যঁতৰত সূতা কটা, মাদকদ্ৰব্য নিবাৰণ আৰু হিন্দু-মুছলমানৰ ঐক্য অভিযান পূৰ্ণোদ্দমে চলোৱা হৈছিল।
         এই অভিযানত অসমৰ নাৰীসকল ও পিছ পৰি থকা নাছিল। অসম ৰাজ্য উদ্ধাৰৰ অৰ্থে ঘৰৰ পৰা ওলাই আহি এই আন্দোলনত জপিয়াই পৰিছিল। বহুতে কাৰাবাস খাঁটিছিল আৰু কিছুমানে জীৱন আহুতি দিছিল। স্বদেশ প্ৰেমৰ মহামন্ত্ৰৰে দিক্ষিত তথা ১৯২১ চনৰ অসহযোগ আন্দোলনৰ পৰা ১৯৪৭ চনত ভাৰতবৰ্ষ স্বাধীন হোৱালৈকে অসমৰ যি সকল স্মৰণীয় আৰু বৰণীয় ব্যক্তিয়ে বিভিন্ন দিশত উল্লেখযোগ্য বৰঙনি আগবঢ়াইছে। সেই সকলৰ ভিতৰৰে প্ৰয়াত কেইগৰাকীমান মহিলা মুক্তি-যুঁজাৰু তথা বীৰাঙ্গনাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা হ’ল-
          স্বাধীনতাক জন্মস্বত্ব বুলি ভৱাজনে প্ৰাণ ত্যাগ কৰিও স্বাধীনতা ৰক্ষা কৰিবলৈ চেষ্টা কৰে। তেওঁৰ বাবে মৃত্যু আগ, ভোগ পিছ। বিয়াল্লিছৰ আন্দোলনৰ চৈধ্যবছৰীয়া কনকলতা বৰুৱা আছিল এগৰাকী পাট্ গাভৰু, যিজনীয়ে মাতৃ ভূমিক স্বাধীন কৰাৰ কাৰণে মৃত্যুক আগ কৰিছিল। দৰং জিলাৰ আওঁহতীয়া গহপুৰ অঞ্চলৰ বৰঙাবাৰী এখনি অখ্যাত গাঁও, যিয়ে কনকলতাক জন্ম দি খ্যাত হ’ল। কনকলতাৰ নাম অসমৰ চুকে কোনে জনাজাত। এজনী ১৪/১৫ বছৰীয়া ছোৱালী হৈও দৰং জিলাৰ এটা বিৰাট শোভাযাত্ৰাত কনকলতাই নেতৃত্ব বহন কৰিছিল। শোভাযাত্ৰা গহপুৰ থানাৰ কাষ পাওঁতেই থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই থানাৰ চৌহদলৈ এখোজো আগবাঢ়ি নাযাবলৈ সকীয়াই দিছিল। উত্তৰত কনকলতাই কৈছিল- থানাখন ৰাইজৰহে, চৰকাৰী বিষয়াসকল ৰাইজৰ সেৱক আৰু বিদেশীৰ তলত কাম কৰিবলৈ কোনো নৈতিক অধিকাৰ নাই। সঙ্গীন আৰু পিষ্টলৰ সন্মুখতো কনকলতাই ডাৰোগাক নিজ কৰ্তব্য পালন কৰিবলৈ সকীয়াই দিয়ে নিজৰ জীৱনৰ বিনিময়ত। পুলিচৰ গুলীত থকা সৰকা হৈ কনকলতা মাটিত বাগৰি পৰিল। মাতৃ ভূমিক উদ্ধাৰৰ অৰ্থে জীৱন আহুতি দিয়া শ্বহীদ কনকলতাৰ নাম অসম বুৰঞ্জীত সদায় স্মৰণীয় হৈ ৰ’ব।
    তাৰোপৰি, ইতিহাস প্ৰসিদ্ধ আহোম বংশোদ্ভৱ আত্মাৰাম বুঢ়াগোহাঁইৰ পত্নী নীলেশ্বৰীৰ পাঁচটি গৰ্ভজাত সন্তানৰ ভিতৰত দ্বিতীয়টিৰ নাম আছিল ভোগেশ্বৰী। ভোগালী বিহুৰ ভোগ বিলাসৰ উৎসৱৰ দিনত জন্মগ্ৰহণ কৰা সাৰ্থক নাম ভোগেশ্বৰী গোহাঁই। স্বদেশ প্ৰেমী আদৰ্শ মহিলা, ছটা পুত্ৰ আৰু দুজনী কন্যাৰ মাতৃ হৈওঁ তেওঁ ষাঠি বছৰ বয়সত বিয়াল্লিছৰ গণ বিপ্লৱত জপিয়াই পৰিছিল। এক অবিৰত যাত্ৰা “শেষ কৰিম কিম্বা মৰিম।” বঢ়মপুৰত হোৱা আন্দোলনৰ মহিলাৰ অধিনায়ক আছিল ভোগেশ্বৰী ফুকন। বঢ়মপুৰত স্বেচ্ছাসেৱীসকলৰ প্ৰশিক্ষণ শিৱিৰত হঠাৎ পুলিচৰ আক্ৰমন হোৱাৰ ফলত যি আন্দোলনে গা কৰি উঠিছিল, সেই আন্দোলনত এগৰাকী ৰত্নমালা নামৰ ষোড়শী যুৱতীৰ লগত পতাকাখন কাঢ়ি নিয়াক লৈ টনা আজোৰা লাগিছিল। শেষত ছোৱালী জনী পৰি গ’ল আৰু পতাকাখন তেওঁৰ পৰা কাঢ়ি নিলে। এই কথাত ৰত্নমালাৰ মাক ভোগেশ্বৰী ফুকননী বৰ উত্তেজিত হৈছিল। তেওঁ হাতৰ পতাকাখনৰ মাৰিডালেৰে বগা চাহাবৰ মুখত খোচ মাৰি দিছিল। চাহাবো উত্তিজিত হৈ পৰিছিল আৰু এটা গুলীৰে তেওঁ ভোগেশ্বৰী ফুকননীক বগৰাই দিছিল। দুদিন মৃত্যু যন্ত্ৰনাত চট্-ফটাই থাকি ২০ ছেপ্টেম্বৰৰ দিনা ভেৰ ভেৰী গাৱৰ নিজ বাসভৱনত তেওঁ ইহলীলা ত্যাগ কৰি বিশ্ব শ্বহীদৰ নভোমণ্ডলত এটি উজ্জ্বল তৰা হৈ জিলিকি থাকিল।
          স্বাধীনতা আন্দোলনত বিশেষ অৱদান আগবঢ়োৱা আন এগৰাকী মহিলা হ’ল- চন্দ্ৰপ্ৰভা শইকীয়ানী। কনকলতা, ভোগেশ্বৰীৰ দৰে দেশৰ বিপ্লৱী নাৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কামৰূপ জিলাৰ দৈছিঙ্গৰী গাঁৱৰ এটি সাধাৰণ পৰিয়ালত ১৯০১ চনত জন্ম হৈছিল। "আপোনালোকৰ কি আত্মসন্মান নাই যে এইদৰে খাচাৰ মাজত বন্দী হৈ আছে ? সংহিনীৰ দৰে গড়াল ভাঙি ওলাই নাহে কিয় ?” এইদৰে ১৯২৫ চনত নগাওঁ সাহিত্য সভা অধিবেশনত নাৰীমুক্তি আন্দোলনত চন্দ্ৰপ্ৰভাই উদাক্ত কণ্ঠেৰে বক্তৃতা দি অসমীয়া নাৰীক আঁৰকাপোৰৰ মাজৰ পৰা মুকলি পৃথিৱীখনলৈ ওলাই অহাৰ আবেদন জনাইছিল। দ্বিতীয় দিনা ৩ হাজাৰধিক মহিলা গোটাই তাতেই অসম মহিলা সমিতি নামৰ এই মহান অনুষ্ঠানৰ জন্ম দিছিল। ১৯২৬ চনত ধুবুৰীত অসম মহিলা সমিতিৰ এখন অধিবেশন বহিছিল। তাতে চন্দ্ৰপ্ৰভা শইকীয়ানী সম্পাদিকাৰ দায়িত্ব লৈ একেৰাহে সাত বছৰ কাল সেই দায়িত্বত থাকি অসম মহিলা সমিতিক পূৰ্ণাঙ্গ ৰূপ দিছিল। সংগঠনৰ কামত চাইকেলত উঠি গাঁৱে-নগৰে ঘূৰি ফুৰিছিল। চন্দ্ৰপ্ৰভা শইকীয়ানী এনেকুৱা বিপ্লৱী নাৰী আৰু নিষ্ঠাৱতী সংগঠিকা আছিল যে বহু সময়ত পুৰুষেও তেখেতৰ লগত সমানে ফেৰ মাৰি যাব নোৱাৰিছিল। নিৰাশ্ৰয়, দুঃসহায় আৰু অভাৱগ্ৰস্ত নাৰী আৰু অনুন্নত অনুসূচীত লোকসকলৰ মুক্তি আৰু উন্নতিৰ কল্পে অহৰহ চেষ্টা কৰিছিল আৰু তাকে ৰূপ দিবলৈ যাওঁতে তেখেতে সমগ্ৰ অসমৰ পাহাৰ-ভৈয়ামে বহুতো অনুষ্ঠান গঢ়ি তুলিছিল। চন্দ্ৰপ্ৰভা শইকীয়ানী মাৰ্গাৰেটৰ দৰে সাহসী আৰু লক্ষ্মীবাইৰ দৰে দেশ প্ৰেমিক আছিল। তেখেতৰ দেশ আৰু সমাজৰ প্ৰতি থকা অৱদানৰ স্বাক্ষৰ স্বৰূপে ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী উপাধি প্ৰদান কৰিছিল। ১৯৭২ চনৰ ১৬ মাৰ্চৰ জন্ম দিনটোতে অসমৰ নাৰীমুক্তি অন্দোলন, স্ত্ৰীশিক্ষা প্ৰৱৰ্ত্তন, পৰ্দাপ্ৰথা উচ্ছেদ, বাল্য বিবাহ বন্ধ, অসবৰ্ণ বিবাহত উৎসাহ, অস্পৃশ্বতা বৰ্জন, দুঃসহায় নাৰীক সহায় আৰু কানি বৰবিহক বিদায় দিয়া সু-কন্যা-অগ্নিকন্যা অসমৰ মাৰ্গাৰেট অসমৰ লক্ষ্মীবাইৰ বিদ্ৰোহী আত্মাই চিৰ শান্তি লভিলে।
       এই সকলৰ উপৰিও জ্যোতিপ্ৰসাদ আগৰৱালাৰ মাতৃ কিৰনময়ী আগৰৱালা আছিল এগৰাকী স্বদেশ প্ৰেমী নাৰী। এই গৰাকী মহিয়সী নাৰীয়েও চন্দ্ৰপ্ৰভা শইকীয়ানীৰ লগত লগ লাগি একেলগে সংগঠনৰ কাম কৰিছিল। জ্যোতি প্ৰসাদ আৰু মাতৃ কিৰনময়ীয়ে যি সকল লোকে খাদী কাপোৰ কিনিব নোৱাৰিছিল তেওঁলোকক নিজে খাদী কাপোৰ ক্ৰয় কৰি দিছিল।
      ১৯২৯ চনৰ লাহোৰ কংগ্ৰেছত ‘পূৰ্ণ স্বৰাজ’ৰ প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত ১৯৩০ চনত গান্ধীজীয়ে ‘ডাণ্ডি যাত্ৰা’ কৰি লোন আইন অমান্য কৰে। ১৯৩০ চনত দেৱকান্ত বৰুৱা প্ৰমুখ্যে কেবাজনো লোকে নগাঁৱত ছাত্ৰ আন্দোলনৰ গুৰি ধৰে। গুনেশ্বৰী দেৱী, দৰবাৰী মেছ, মোহিনী গোহাঁই, কিৰনবালা বৰা আদি ভালেকেইগৰাকী মহিলাই কংগ্ৰেছ অনুষ্ঠানটিত একানপতিয়াকৈ লাগি মহিলাসকলৰ মাজত কাম কৰিছিল। ১৯৪২ চনৰ ৯ ছেপ্তেম্বৰত গুৱাহাটীত মহিলাসকলৰ এটা শোভাযাত্ৰা হৈছিল। মহিলাসকলে কাছাৰী ঘৰত সোমাই চৰকাৰী বিষয়াসকলৰ সন্মুখত পিকেটিং কৰিছিল। ১৯৩২ চনত মঙ্গলদৈৰ ৰত্নমালা আৰু তপেশ্বৰী দেৱীয়েও ৩ মাহ জেল খাটিছিল বিলাতী কাপোৰ আৰু মদ-ভাং-কানিৰ পিকেটিং কৰা বাবে।
       ভাৰতৰ মুক্তি সংগ্ৰাম আৰু অসমৰ মহিলা সংগঠনৰ কামত যি কেইগৰাকী নাৰীয়ে উল্লেখযোগ্য অৱদান আগবঢ়ালে সেইসকলৰ ভিতৰত আছে – চন্দ্ৰপ্ৰভা শইকীয়ানী, অমলপ্ৰভা দাস, পুষ্পলতা দাস, ইন্দুপ্ৰভা বৰুৱা, হেমপ্ৰভা দাস, স্বৰ্ণলতা শইকীয়ানী, ভূৱনেশ্বৰী দেৱী, নলিনীৱালা দেৱী, উমা দাস, লক্ষ্মীপ্ৰভা চলিহা, চন্দ্ৰকান্তি দাস, গুলনাৰা বেগম, নীৰা ডোগৰা, মিচপিৰছুল, ৰাজৱালা দাস, শশীপ্ৰভা চলিহা, স্বদেশ প্ৰেমিক স্বৰ্নলতা বৰুৱা, কুঞ্জলতা দেৱী, লাৱন্য তালুকদাৰ, স্বৰ্নলতা দাস, প্ৰভা চৌধুৰী, পদ্মকুমাৰী গোঁহাই, স্বৰ্নলতা দত্ত, অঞ্জুমান আৰা, কনিকা ফুকন, হেমলতা বেজবৰুৱা, মফিদা আহমেদ, উষা বৰঠাকুৰ, কমল কুনাৰী বৰুৱা, লিলী সেনগুপ্তা, বেদৱতী বৰগোহাঁই আৰু বহুতো।
        এইদৰে অসমীয়া মহিলাৰ অংশগ্ৰহণেৰে ভাৰতৰ স্বাধীনতা আন্দোলন সফল হোৱাত যথেষ্টখিনি অৰিহণা যোগাইছিল।
        'বন্দে মাতৰম’ ‘ভাৰত মাতা কী জয়’ ‘মহাত্মা গান্ধী কী জয়’ আদি ধ্বনিৰে অসমৰ নাৰী শক্তিক অভূতপূৰ্ব উন্মাদনাৰে জগাই তুলিছিল।
        তদুপৰি যি সকল নাৰীয়ে তেওঁলোকৰ পতি-পুত্ৰ তথা আত্মীয় স্বজনক এই আন্দোলনত যোগদান কৰিবলৈ উৎসাহ প্ৰদান কৰিছিল সেই সকল মাতৃ আৰু পত্নীৰ ত্যাগ সদায় চিৰস্মৰণীয় হৈ থাকিব।

***********************************


কল্পনা হালৈ
প্ৰধান শিক্ষয়িত্ৰী
১২৪৭ নং শনিয়াদি বড়ো প্ৰাথমিক বিদ্যালয়
হাজো শিক্ষাখণ্ড