header ads

শিক্ষক দিৱস | An Assamese Article by Lipika Das

শিক্ষক দিৱস



    মহান শিক্ষক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ জন্মদিন ৫ ছেপ্টেম্বৰ দিনটো ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ৰাধকৃষ্ণণ দেৱ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আছিল। কিন্তু তেওঁ জীৱনত শিক্ষকৰ বৃত্তিক হে বেছি অগ্ৰাধিকাৰ দিছিল আৰু সেয়ে তেওঁৰ জন্মদিনটোক তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই শিক্ষক দিৱস হিচাপে পালন কৰা হয় ।

     আমাৰ দেশৰ মহান চিন্তাবিদ, দাৰ্শনিক তথা মহান শিক্ষক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত মাদ্ৰাজৰ তিৰুটানি নামৰ ঠাইত। তেওঁৰ পিতৃৰ নাম বীৰাস্বামী আৰু মাতৃৰ নাম সীতাম্মা আছিল। তেখেতে ৮ বছৰলৈকে ঘৰতেই শিক্ষাগ্ৰহণ কৰিছিল, ৯ বছৰ বয়সত তিৰুপতি লুথেৰেন মিছন স্কুলত নাম লগাইছিল। পিছত ১৯০৮ চনলৈকে মাদ্ৰাজৰ খ্ৰীষ্টিয়ান কলেজত শিক্ষা গ্ৰহণ কৰে। তেখেতে ২০ বছৰ বয়সতে থেচিছ লিখি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। তেখেতক কলিকতা বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ সৰ্ব্বোচ্চ পদ "সম্ৰাট পঞ্চম জৰ্জ আসন " ৰ বাবে মনোনীত কৰা হৈছিল।
    ৰাধাকৃষ্ণণ দেৱে ১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ আৰু ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈকে দুবাৰকৈ ভাৰতত উপৰাষ্ট্ৰপতি হয়। ১৯৬২ চনত তেখেতে ৰাষ্ট্ৰপতি আসনো অলংকৃত কৰে। তেখেতে অক্সফোৰ্ড বিশ্ববিদ্যলয়ৰ অধ্যাপক, মানচেষ্টাৰ কলেজৰ অধ্যাপক পদ অলংকৃত কৰাৰ উপৰিও মহিসুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক, অন্ধ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদ অলংকৃত কৰিছিল। তাৰোপৰি unesco ৰ chairman তথা ১৯৫২ চনত unesco ৰ president ৰ পদো অলংকৃত কৰিছিল। তেখেতক ১৯৫৪ চনত " ভাৰত ৰত্ন " সন্মান প্ৰদান কৰা হয়।
    ৰাধাকৃষ্ণণ দেৱে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পিছত তেওঁৰ কেইজনমান বন্ধু আৰু ছাত্ৰই তেওঁৰ জন্মদিন পালন কৰিবলৈ অনুমতি বিচাৰিছিল। তেতিয়া তেওঁ কৈছিল যে তেওঁ নিজকে ৰাষ্ট্ৰপতি, দাৰ্শনিক, ৰাজনৈতিক হিচাপে পৰিচয় দিয়াতকৈ শিক্ষক হিচাপে পৰিচয় দিব বেছি ভাল পায়। সেইবাবে তেওঁৰ জন্মদিনটো ব্যক্তিগত জন্মদিন হিচাপে পালন নকৰি সমগ্ৰ শিক্ষক সকলৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা স্বৰূপে শিক্ষক দিৱস হিচাপে উদযাপন কৰিলে তেওঁ সুখী হব। তেতিয়াৰ পৰাই ৫ ছেপ্টেম্বৰ তাৰিখটোক শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে।
       ১৯৭৫ চনৰ ১৭ এপ্ৰিলত তেওঁৰ মৃত্যু হয়।

*********************


 লিপিকা দাস
শ্ৰেণী- দশমমান
সতপুৰ আঞ্চলিক হাইস্কুল
শিক্ষাখণ্ড- ৰামপুৰ

Post a Comment

0 Comments