header ads

ৰাষ্ট্ৰীয় শিক্ষা দিৱস | Article by Nayanmani Chetia

 

ৰাষ্ট্ৰীয় শিক্ষা দিৱস


শিক্ষা দিৱস দিনটো :-

    আগন্তুক নৱেম্বৰ মাহৰ ১১ তাৰিখে ভাৰতৰ প্ৰতিখন সৰু ডাঙৰ শিক্ষা প্ৰতিষ্ঠানতে শিক্ষা দিৱস পালন কৰা হ'ব। বিশেষ দিনটোৰ তাৎপৰ্য সমাজৰ প্ৰতিজন ব্যক্তিৰ বোধগম্য হোৱাটোৱে একোটা দিৱস হিচাপে উদযাপন কৰাৰ মূল লক্ষ্য হিচাপে গণ্য কৰা হয়।

    ২৪ জানুৱাৰীৰ দিনটো ৰাষ্ট্ৰসংঘই শিক্ষা দিৱস হিচাপে ঘোষণা কৰিছে যদিও আমাৰ দেশ ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিন অৰ্থাৎ ১১ নৱেম্বৰত প্ৰতিবছৰে ৰাষ্ট্ৰীয় শিক্ষা দিৱস উদযাপনৰ দিন হিচাপে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে ২০০৮ চনত নিৰ্ধাৰিত কৰে। এই দিনটোত আমাৰ বিদ্যালয়বিলাকত উদযাপন দিন হিচাপে মৌলানা আবুল কালাম আজাদৰ আলোকচিত্ৰত শ্ৰদ্ধাঞ্জলি যাঁচে। তেওঁৰ জীৱন আৰু কৰ্মৰাজি সম্পৰ্কে আলোচনা কৰা হয়, এই উপলক্ষে বিভিন্ন প্ৰতিযোগিতা, শিক্ষাৰ গুৰুত্ব, লক্ষ্য সম্পৰ্কীয় শ্লোগানযুক্ত ফলকেৰে শোভাযাত্ৰা আদি কাৰ্যসূচী ৰখা হয়।

 

কালামৰ পৰিচয় :-

    স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী হিচাপে কালামে ৰাষ্ট্ৰীয় শিক্ষা আঁচনিসমূহৰ ৰূপায়ণৰ গুৰুভাৰ গ্ৰহণ কৰি বহুমূলীয়া অৱদান আগবঢ়ায়। তেওঁৰ দিনতে উচ্চশিক্ষা প্ৰতিষ্ঠান আই আই টি, আই আই এছ চি, ইউ জি চি, স্কুল অব প্লেনিং এণ্ড আৰ্কিটেক্সাৰ, ছেকেণ্ডাৰী এডুকেচন  কমিশ্যন আদিৰ প্ৰতিষ্ঠা কৰা হয়। তেওঁ জামিয়ামিলিয়া ইছলামিক বিশ্ববিদ্যালয়, আলিগড়ৰ প্ৰতিষ্ঠাপক সদস্য আছিল ।কালামৰ প্ৰকৃত নাম চৈয়দ মৌলানা আবুল কালাম গোলাম মহিয়ুদ্দিন আহমেদ বিন খেইৰুদ্দিন অল হুছেইন আজাদ । মৌলানা আবুল কালাম আজাদ হিচাপে তেওঁ জনপ্ৰিয়। তেওঁ 'আজাদ' উপাধি নিজে সংযুক্ত কৰিছে । তেখেতৰ জন্ম আৰৱত হৈছিল কিন্তু কলিকতাত বাল্যকাল তথা শিক্ষা-জীৱন কটায়। তেওঁৰ

পিতৃ মহম্মদ খেইৰুদ্দিন এজন জ্ঞানী লোক আৰু মাতৃ শ্বেইখ আলিয়া বিন মহম্মদ এগৰাকী বিদূষী মহিলা আছিল সেয়ে হয়তো জন্মসূত্ৰে কালামে অসাধাৰণ প্ৰতিভা লাভ কৰি সৰুৰেপৰাই পাণ্ডিত্যৰ পৰিচয় দিছিল। স্কুলৰ পৰিৱৰ্তে ঘৰতে শিক্ষা লাভ কৰি নিজে শিকি উৰ্দু , পাৰ্চী, আৰবী, হিন্দীত তেখেত পাৰ্গত আছিল, সৰুৰে পৰাই সাহিত্য, দৰ্শন, ধৰ্মৰ প্ৰতি আগ্ৰহী আছিল। তেওঁ ১২ বছৰ বয়সতে নিজে আলোচনী প্ৰকাশ কৰি উলিয়াইছিল ( 1930 - Lissan-us-Sidq) । তাৰ আগতেও এখন সাপ্তাহিক আলোচনীৰ সম্পাদকৰ দায়িত্ব লৈছিল । ১৩ বছৰ বয়সত তেওঁৰ বিবাহ জুলেইখা বেগমৰ লগত সম্পন্ন হয় ।তীক্ষ্ণ মেধাসম্পন্ন কালাম গান্ধীজীৰ সংস্পৰ্শত আহি স্বাধীনতা আন্দোলনত নামিছিল। সত্যাগ্ৰহ আন্দোলন, ১৯৩০ চনত গান্ধীজীৰ দাণ্ডীযাত্ৰা আদিকে ধৰি বিভিন্ন কৰ্মসূচীত যোগদান কৰিছিল। ১৯২০ ৰ পৰা ১৯৪৫ চনৰ ভিতৰত তেওঁ কেইবাবাৰো কাৰাবৰণ কৰিছিল। যুদ্ধৰ পিছত বৃটিছৰ সৈতে ভাৰতৰ স্বাধীনতাৰ আলোচনাৰ এজন সক্ৰিয় সদস্য আছিল।

    ১৯৪৭ চনৰ পৰা ১৯৫৮ চনৰ ২২ ফেব্ৰুৱাৰীত মৃত্যুৰ পূৰ্ব লৈকে কালাম শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল। তেওঁ স্কুলবিলাকক দেশৰ ভৱিষ্যত নাগৰিক প্ৰস্তুতকাৰী কাৰখানা বুলি অভিহিত কৰি গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব দিছিল। শিশু শিক্ষা, ছোৱালীৰ শিক্ষা, দুখীয়া শ্ৰেণীৰ শিক্ষা আৰু সকলোৰে বাবে শিক্ষাৰ অধিকাৰৰ পোষকতা কৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। হিন্দু মুছলমানৰ সম্প্ৰীতি, ধৰ্ম নিৰপেক্ষতা, সমাজবাদত তেওঁ বিশ্বাস কৰিছিল । তেখেতৰ জীৱনী গ্ৰন্থ & ইণ্ডিয়া উইনচ্ ফ্ৰীডম ; ১৯৫৯ চনত প্ৰকাশিত হয়। ১৯৯২ চনত এইগৰাকী কবি, শিক্ষাবিদ, সাংবাদিক, স্বাধীনতা যুঁজাৰু মহান পুৰুষক ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন মৰণোত্তৰভাৱে প্ৰদান কৰা হয়।

ৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ প্ৰাসংগিকতা :-

 

    ১১ নৱেম্বৰ দিনটো কেৱল কালামৰ অৱদান সম্পৰ্কীয় সোঁৱৰণী দিন নহয়, ই দেশবাসীক শান্তি, সম্প্ৰীতি, প্ৰগতিৰ বাবে যে শিক্ষা অপৰিহাৰ্য, এই গুৰুত্ব উপলব্ধি কৰাই সৰ্বশ্ৰেণীৰ বাবে সুলভ শিক্ষাৰ বাবে সজাগতা সৃষ্টিৰ দিন। ভাৰত তথা অসমতে এতিয়াও এনে অঞ্চল আছে য'ত সজাগতাৰ অভাৱ, দৰিদ্ৰতা, দুৰ্গমতা, সংঘৰ্ষ জড়িত এলেকা আদি সমস্যাৰ বাবে শিক্ষা সন্তোষজনকভাৱে প্ৰসাৰিত হোৱা নাই। এই দিনটোত আমি যদি তেনে অঞ্চলসমূহত বিভিন্ন কৰ্মসূচীৰে চৰকাৰী আঁচনিসমূহৰ সুবিধাৰে শিক্ষাৰ সজাগতা আনি সেই সমাজখনক যদি এখোজ আগুৱাই নিব পাৰোঁ তেন্তে এই দিৱস উদযাপনৰ সাৰ্থকতা নিশ্চয় পোৱা যাব।

    শিক্ষা দিৱসত আমি প্ৰতিজন লোকেই শিক্ষাইনো আমাক কি প্ৰদান কৰে আন্তৰিকতাৰে উপলব্ধি কৰা প্ৰয়োজন। শিক্ষা হ'ল বিকাশ আৰু শান্তিৰ ছাবিকাঠি। গুণগত শিক্ষাই এজন ব্যক্তিৰ দক্ষতা, প্ৰযুক্তি জ্ঞানেই নহয়, ই দৈহিক, মানসিক বিকাশৰ মহৎ উপাদান যোগায়। সেয়ে শিক্ষাক মানৱৰ অধিকাৰ হিচাপে বিবেচনা কৰা হয়। প্ৰাথমিক পৰ্যায়তো নহয় উচ্চ শিক্ষাৰ পৰ্যায়তো ইয়াক বিনামূলীয়া কৰাটো সমাজৰ বাবেই এক শুভ লক্ষণ। শিক্ষাই নাগৰিকৰ মাজত আত্মবিশ্বাস, সমস্যা সমাধানৰ ক্ষমতা, আৰ্থিক উন্নতিৰ পথ প্ৰশস্ত কৰাৰ লগতে চাৰিওকাষৰ পৰিৱেশৰ প্ৰতি সজাগতা প্ৰদান কৰে।

    শিশু হৈছে দেশৰ ভৱিষ্যত , সেয়ে শিশু অৱস্থাৰপৰাই অৰ্থবহ গুণগত শিক্ষাৰ দ্বাৰা সংঞ্জানাত্মক বিকাশৰ অতি প্ৰয়োজন ৷ ই শিশুৰ স্বগুণসমূহৰ বিকাশ কৰে, মনোযোগ, স্মৃতিশক্তি, সমস্যা সমাধান, চিন্তন শক্তি, সমভাৱপোষণ, সহিষ্ণুতা আদি ক্ষেত্ৰত উৎকৰ্ষ সাধিব পাৰে। শিক্ষাই যে শিক্ষাৰ্থীক কৰ্ম - আঁচনি, উচ্চশিক্ষাৰ আঁচনিত সহায় কৰি সফলতাৰ দিশলৈ উন্নীত কৰে, এই উপলব্ধি শিশুৰ হ'ব লাগে। ই ভাল কেৰিয়াৰ, সামাজিক অৱস্থান, আত্মবিশ্বাস, সমাজত কথা ক’ব পৰা গুণ, অন্যায়ৰ বিৰুদ্ধে সজাগতা আনে, সমাজৰ দুৰ্বল শ্ৰেণীৰ সৰ্বতোপ্ৰকাৰে উন্নতিৰ পথ মুকলাই দিয়ে। ন ন প্ৰযুক্তি, শিক্ষাৰদ্বাৰাহে শিশুৱে আয়ত্ব কৰিব পাৰে। সেয়ে আমি দেখিবলৈ পাওঁ যে গুণগত শিক্ষাইহে ব্যক্তিগত উন্নয়নৰ লগতে সমাজখন তথা দেশখনক শান্তি সমৃদ্ধি প্ৰদান কৰে।

    সুশিক্ষিত লোক এজন আইন শৃংখলাযুক্ত, সংঘৰ্ষমুক্ত অন্ধবিশ্বাসমুক্ত, দৰিদ্ৰতামুক্ত, সমভাৱাপন্ন, আৰ্থিকভাৱে স্বচ্ছল সমাজৰ পোষকতাকাৰী হয়। তেওঁ নিজৰ লগতে সমাজ, দেশৰ উন্নতিৰ কাৰক হৈ পৰে। সেয়ে সমাজৰ প্ৰতিটো শিশু, প্ৰতিজন নাগৰিক জাতি, বৰ্ণ, ধৰ্ম, ধনী-দুখীয়া নিৰ্বিশেষে সুশিক্ষিত হোৱাটো নিশ্চিত কৰা এটা ৰাষ্ট্ৰীয় দায়িত্ব। এই ক্ষেত্ৰত চৰকাৰী বিভাগসমূহৰ উপৰিও সমাজৰ প্ৰতিজন ব্যক্তিয়ে দায়িত্বপূৰ্ণ মনোভাৱাপন্ন হৈ  ব্যক্তিৰ জীৱনত দেশত শিক্ষাৰ গুৰুত্ব অনুভৱ কৰিব লাগিব আৰু সমাজক উপলব্ধি কৰাব লাগিব। ১১ নৱেম্বৰত  শিক্ষা দিৱসৰ তাৎপৰ্যও সেয়াই। 

__________________

শ্ৰীমতী নয়ন মণি চেতিয়া

সহকাৰী শিক্ষয়িত্ৰী

আঞ্চলিক হাইস্কুল, ফুলগুৰি

শিক্ষাখণ্ড- ৰাণী


অলংকৰণ :-মনবীনী দাস

Post a Comment

0 Comments