ক’ভিড-১৯ আৰু ইয়াৰ ইতিবাচক দিশসমূহ
বৰ্তমান সমগ্ৰ বিশ্বত অকল্পনীয় আৰু অপ্ৰত্যাশিতভাৱে কৰ’না সংক্ৰমণে বিৰাট ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ চীন দেশৰ য়ুহান প্ৰদেশত এই কৰ’না নামৰ ভাইৰাছবিধে সৃষ্টি কৰা ৰোগবিধক বিশ্ব স্বাস্থ্য সংস্হাই (WHO) দিয়া নামটো হৈছে COVID-19 ৷ ইয়াৰে COVI অংশটোৱে কৰ’না ভাইৰাছ সূচাইছে আৰু Dটোৱে disease বা ৰোগ সূচাইছে৷ 2019চনত আৰম্ভ হোৱা বাবে ইয়াৰ নাম দিয়া হৈছে COVID-19৷ এই কথা সৰ্বজনবিদিত যে বৰ্তমান চীন দেশতেই এই ৰোগ সীমাবদ্ধ নাথাকি গোটেই পৃথিৱীতে বিস্তৃত হৈ পৰিছে আৰু সেইবাবেই বিশ্ব স্বাস্থ্য সংস্হাই এই ভয়ানক ৰোগক "অতিমাৰী"বা ব্যাপক মহামাৰী বা Pandemic বুলি ঘোষণা কৰিছে।
বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতৰ বৈজ্ঞানিকসকলে COVID-19 ৰ প্ৰতিষেধক উদ্ভাৱনৰ বাবে অহৰহ চেষ্টা চলাই আছে যদিও এতিয়ালৈকে সফল হ’ব পৰা নাই৷ তথাপিও আমি জীৱনমুখী মানুহ আশাবাদী যে এদিন নিশ্চয় ইয়াৰ প্ৰতিষেধক উলিয়াবলৈ মানুহ সক্ষম হ’ব আৰু মানৱসমাজ আকৌ এবাৰ জয়ী হ'ব৷
COVID-19ৰ ফলত পৃথিৱীৰ লগতে ভাৰতৰো সামাজিক আৰু অৰ্থনৈতিক দিশ বিধ্বস্ত হৈ পৰিছে৷ ইমানেই ভয়াৱহ সমস্যাৰ সৃষ্টি হৈছে যে এক নাজল -নাথল অৱস্থাৰ সৃষ্টি হৈছেগৈ৷ দৰিদ্ৰতাৰ হাৰ অত্যধিক বৃদ্ধি পাইছে৷ আন্তৰাষ্ট্ৰীয় শ্ৰমিক সংস্হাৰ মতে ভাৰতৰ প্ৰায় ৪০০ মিলিয়ন শ্ৰমিকৰ অৱস্থা মহামাৰীয়ে বিধ্বস্ত কৰি পেলাইছে৷ বাহিৰৰ ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত হাজাৰ হাজাৰ কৰ্মচাৰীয়ে চাকৰি হেৰুৱাই ঘৰলৈ ঘূৰি আহিবলগীয়া হৈছে৷ কৰ’না সংক্ৰমণ ৰোধ কৰিবলৈ লোৱা ব্যৱস্থা লকডাউনৰ ফলত ব্যৱসায় আৰু দিন হাজিৰা কৰা মানুহে দুবেলা দুসাজ খাবৰ বাবেও হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ তাতে ভূতৰ ওপৰত দানৱ পৰাদি বানপানীয়েও অত্যধিক মানুহক জুৰুলা কৰি তুলিছে৷ দৰিদ্ৰতাৰ বাবেই কিছুসংখ্যক মানুহে আত্মহত্যা কৰিবলগীয়া ঘটনাও পোহৰলৈ আহিছে৷
যুগ যুগ ধৰি মানুহে যুদ্ধ-বিগ্ৰহ, মহামাৰী, সংঘৰ্ষ, প্ৰাকৃতিক দুৰ্যোগ আদিৰ সৈতে সন্মুখীন হৈ আহিছে৷ মানুহে সকলো পৰিস্থিতিৰ লগতে বিভিন্ন নতুন নতুন পন্থা উদ্ভাৱন বা সমস্যাৰ সমাধান কৰি মানৱ জাতিৰ গৌৰৱধ্বজা উৰুৱাই আহিছে৷ কৰ’না ভাইৰাছে সৃষ্টি কৰা ভয়াবহ সমস্যাৰ পৰাও মুক্ত হবৰ বাবে অহৰহ প্ৰয়াস কৰি আহিছোঁ৷ আৰু এদিন নিশ্চয় মানৱ জাতি সফল হ’বই৷
ক’ভিড পৰিস্থিতিয়ে যিমানেই ভয়াৱহ সমস্যা সৃষ্টি কৰিছে যে তাৰ মাজৰপৰা ইয়াৰ ইতিবাচক দিশসমূহ বাছি উলিওৱা দুৰূহ কাম৷ তথাপিও ক’লীয়া ডাৱৰ ভেদি সূৰ্য্যৰ উজ্জ্বল কিৰণ দেখা দিয়াৰ দৰে এই অতিমাৰীৰ মাজতো আমি ইয়াৰ ইতিবাচক তথা যোগাত্মক দিশসমূহ উলিয়াই তাক গ্ৰহণ কৰি জীৱন পথত আগবাঢ়ি যাব লাগিব৷ কাৰণ প্ৰতিটো বস্তুৰে ভাল আৰু বেয়া দুয়োটা দিশ থাকেই৷
আন আটাইবোৰ ক্ষেত্ৰৰ দৰেই এই অতিমাৰীয়ে বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে শিক্ষাখণ্ডক৷ কৰ’না সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে বিদ্যালয় মহাবিদ্যালয়সমূহ বন্ধ ৰাখিবলগীয়া হৈছে আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে ছাত্ৰছাত্ৰীসকলৰ ওপৰত৷ এনে এটা অনাহুত পৰিস্থিতিৰ বাবে শিক্ষক-শিক্ষয়িত্ৰী সকলো কোনো ধৰণেই সাজু নাছিল৷ কিন্তু অতি আশা আৰু সুখৰ কথা যে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰী সকলে অতি কম সময়ৰ ভিতৰতে নিজকে সাজু কৰি তুলিলে৷ যিসকল শিক্ষক -শিক্ষয়িত্ৰী ডিজিটেল পৃথিৱীত সোমায়েই পোৱা নাছিল সেইসকলেও নতুনকৈ ম’বাইল চলাবলৈ শিকি ছাত্ৰ ছাত্ৰীসকলৰ পাঠদান যাতে ব্যাহত নহয় তাৰ বাবে অনলাইন শিক্ষা দি আহিছে৷ Whatsapp ত video বনায়েই হওক, প্ৰশ্নৰ উত্তৰ কৰি ফটো দিয়েই হওক বা Jio meet, Google meet আদি বিভিন্ন apps ব্যৱহাৰ কৰি অনলাইন শিক্ষা প্ৰদান কৰি আহিছে৷ অনলাইন পৰীক্ষা পাতি শিক্ষাৰ্থীসকলৰ পৰীক্ষাও লোৱা হৈছে৷ শিক্ষাৰ ক্ষেত্ৰত শিক্ষক শিক্ষয়িত্ৰীসকলে লোৱা এই পদক্ষেপ কিন্তু কোনেও নুই কৰিব নোৱাৰে৷ কিছুসংখ্যক ছাত্ৰছাত্ৰীয়ে ম’বাইলৰ অভাৱত পাঠদানত অংশগ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই যদিও বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়েই অনলাইন শিক্ষাৰ জৰিয়তে উপকৃত হৈছে৷
মানুহৰ মাজত যে মানৱীয়তাৰ গুণ জাগ্ৰত হৈ আছে সেই কথা আমি এই ভয়াৱহ দিনবোৰতে নিজ চকুৰে দেখিলো৷ দিন হাজিৰা কৰি দুবেলা দুসাঁজ খোৱা মানুহবোৰক মানৱদৰদী মানুহবোৰে জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোৱে উঠি পৰি সহায় কৰা দেখা গ’ল৷ শিক্ষক-শিক্ষয়িত্ৰী সকলে তেওঁলোকে পোৱা সামান্য দৰমহাৰেও কিন্তু সমাজৰ বহুত মানুহকে খাদ্যৰ যোগান ধৰা দেখা গ’ল৷ মুখ্যমন্ত্ৰীৰ পুঁজিলৈয়ো বহুতে সহায়ৰ হাত আগবঢ়ালে যাৰ বাবে মুখ্যমন্ত্ৰীয়েও বিভিন্ন পদক্ষেপ হাতত ল’বলৈ সুবিধা হ’ল৷ মানুহে যে কেৱল মানুহকে সহায় কৰিছে তেনে নহয়৷ পশু পক্ষীকো খাদ্যৰ যোগান ধৰি মানৱীয়তা প্ৰকাশ কৰিছে৷
কৰ’না ৰোগৰপৰা হাত সাৰিবলৈ বহুত মানুহ স্বাস্থ্য সচেতন হোৱাও দেখা গ’ল যিটো জীৱনমুখী মানুহক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে৷ সঘনাই হাত ধোৱা, চাফ চিকুণ বৰ্তাই ৰখা, ঘৰৰ চৌদিশ পৰিস্কাৰ পৰিছন্নকৈ ৰখা, প্ৰতিদিনে ব্যায়াম কৰা, সুষম আহাৰ গ্ৰহণ কৰা এইবোৰৰ অভ্যাস গঢ়ি তোলাটোও মানৱ জাতিৰ বাবে শুভ লক্ষণ বুলিব পাৰি৷
লকডাউনৰ ফলত পৰিয়ালৰ সদস্যসকলৰ মাজতো আত্মীয়তা বৃদ্ধি পালে৷ যিসকল পিতৃ -মাতৃয়ে কামৰ বাবেই সন্তানক সময় দিবলৈ অপাৰগ হৈছিল সেইসকলে সুন্দৰকৈ সন্তানৰ লগত কটাবলৈ সময় পালে৷ প্ৰকৃতিয়েও প্ৰদূষণপৰা বহুখিনি মুক্ত হৈ লহপহকৈ বাঢ়িবলৈ সুবিধা পালে। চৰাই -চিৰিকটি বোৰেও মনৰ আনন্দতে এপাক নিজ ইচ্ছাৰে নাচিবলৈ পালে৷
সাহিত্য সংস্কৃতিক আগবঢ়াই নিয়াটো মানুহৰ দায়িত্ব, লকডাউনত লাভ কৰা অফুৰন্ত সময়খিনিত বহুতো সাহিত্যানুৰাগীয়ে সাহিত্যৰ চৰ্চা কৰিবলৈ সুবিধা পালে৷ কলম ধৰিবলৈ সময় নোপোৱা মানুহে ফেচবুকৰ বিভিন্ন সাহিত্যিক গোটবোৰত গল্প, অণুগল্প, কবিতা, প্ৰৱন্ধ আদিৰ সৃষ্টি কৰি সাহিত্যৰ জগতখন শুৱনি কৰি তুলিলে৷ গীত, নৃত্য আদি প্ৰতিযোগিতাত ভাগ লৈ আমাৰ নৱপ্ৰজন্মই নিজৰ নিজৰ সৃষ্টিৰাজি আগবঢ়ালে৷ বহুতৰে সুপ্ত প্ৰতিভা জাগ্ৰত হবলৈ লকডাউনৰ সময়খিনিয়েই সহায় কৰিলে৷
কৰ’না অতিমাৰী এতিয়াও শেষ হোৱা নাই৷ আমি এই অতিমাৰীৰ মাজভাগত আছোঁনে শেষৰফাললৈ আগবাঢ়িছো সেয়াও কোনেও সঠিককৈ কব নোৱাৰে৷ কিন্তু এটা কথা ঠিক যে এই অতিমাৰীয়ে প্ৰতিজন মানুহকে কিবা নহয় কিবা ধৰণে বহু কথাই শিকাই গৈছে৷
*************************
✍️ মুনলিমা গগৈ
আঞ্চলিক হাইস্কুল,ফুলগুৰি
সহশিক্ষয়িত্ৰী
ৰাণী শিক্ষাখণ্ড৷
0 Comments