header ads

ক`ভিড-১৯ | An Assamese Article by Pranita Barman

ক`ভিড-১৯


    ক`ভিড-১৯ (কৰ'না ভাইৰাচ) ই এবিধ এনে ভাইৰাচ যিয়ে ২০২০ বছৰটোত সমগ্ৰ মানৱ জাতিক ভীতিগ্ৰস্ত কৰি তুলিছে। ই চীন দেশৰ ওহানত আৰম্ভ হৈ সমগ্ৰ বিশ্বত বিয়পি পৰিল। ইয়ে গোটেই দেশখন কিছু সময়ৰ কাৰনে স্থবিৰ কৰি ৰাখিলে। যদিও লাহে – লাহে দেশবোৰ খুলিবলৈ লৈছে তথাপি মানুহৰ মনত এতিয়াও এটা অজান ভয়, সন্ত্ৰাস আছে। জানোচা কাৰোবাৰ পৰা সংক্ৰমণ হয়ে নেকি? প্ৰতি ১০০ বছৰৰ মুৰত এনে এক সংক্ৰমণ আহে য’ত কিছু মানুহ পৃথিৱীৰ পৰা আতৰি যায়।  এই অতিমাৰীয়ে আমাক শিকালে বহু কথা। পৰিস্কাৰ, পৰিছন্নতা, সামাজিক ব্যৱধান আৰু নিজকে কেনেকৈ ৰোগৰ পৰা আতৰাই ৰাখিব পাৰি। হাতধোৱা, মাস্ক পিন্ধা, গৰম পানী খোৱা, নেমু পানী খোৱা মানে VITAMIN ‘C’  যথেষ্ট পৰিমানে লোৱা, Zinc ব্যবহাৰ ইত্যাদি।

    এতিয়া আহিল ভাৰত বৰ্ষৰ  কথা। দ্বিতীয় জনবহুল দেশ ভাৰতবৰ্ষ, এই ভাৰতবৰ্ষ অতীজৰ পৰাই বহূ জ্ঞানৰ বাবে শীৰ্ষত। ভাৰতৰ মানুহে বহুতেই জানে চহকী আয়ুৰ্বেদৰ কথা। তাৰ সহায় লৈ বহু মানুহ সুৰক্ষিত হৈ আছে। ক'ভিড অহাৰ আগতেই আমাৰ প্ৰধান মন্ত্ৰী ডাঙৰীয়াই শিকাইছিল “স্বচ্ছ ভাৰত” অভিযানৰ কথা।

    ভাৰতবৰ্ষৰ মানুহে ব্যবহাৰ কৰা মছলা যেনে – লং , ডালচেনি, ইলাছী, আদা, নহৰু আদিয়ে দিয়া শক্তিৰ বাবেই আজি আন দেশৰ তুলনাত ইয়াত কৰ'ণাৰ প্ৰভাব (মৃত্যুৰ হাৰ) কম। সমীক্ষাতকৈও বহু ভাৰতীয়ই নজনাকৈয়ে ভিতৰে- ভিতৰে এই ৰোগাক্ৰান্ত হৈ ভাল হৈয়ো উঠিছে। ভাৰতীয়ৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক, লগতে আছে অদম্য মনোবল, জীয়াই থকাৰ প্ৰতি হেপাহ। শতকৰা ৮০% মানুহে গমেই নাপায় যে ভিতৰি- ভিতৰি তেওঁলোকৰ কৰ'না হৈ গৈছে।

    বৰ্তমানৰ মানৱ প্ৰজন্মই বহু কথা ইমান সহজ ভাবে লৈছিল যে এনে এদিন আহিব বুলি কোনেও কল্পনাই কৰা নাছিল। অধিক খোৱা, fast-food, junk food খোৱা, বহুত বেছিকৈ আমিষ  খাদ্যৰ গ্ৰহণ আদি। পৃথিৱীৰো চাগে মানুহৰ ওপৰত খং উঠিছিল। যাৰ ফলত গতানুগতিক চলি থকা জীৱন স্থবিৰ হব বাধ্য হল। Lockdown ৰ সময়ত পৃথিৱীৰ পৰা প্ৰদূষণ আতৰি গ'ল। গংগা, যমুনা আদি নৈ বোৰৰ পানী স্বচ্ছ নীলা হল। পৃথিৱী সেউজীয়া হল। কিছুমান ৰাজ্যৰ পৰা হিমালয়ৰ শাৰী-শাৰী লানি দেখিবলৈ পোৱা গ'ল। পৃথিৱীয়ে কিছু দিনৰ বাবে নতুন প্ৰাণ পাই জীপাল হল। মানুহ ভিতৰত থাকোতে- থাকোতে আন আনুষংগিক ৰোগ বোৰো কমি গল। মানুহে ৰান্ধি খাবলৈ শিকিলে, অনাই- বনাই ঘুৰি ফুৰাতকৈ ঘৰত সোমাই থাকি ভাল পোৱা হল। জাক-জিলিকনি বাহ্যিকতাৰ পৰা আতৰি আহিল। শেষত উল্লেখ কৰিব বিচাৰো যে ক'ভিড হলেও মনত সাহস বান্ধি তাৰ লগত যুজি আগ বাঢ়ি যাব লাগিব। মনোবলৰ ফলত ভাল হৈও উঠিব পাৰি।

********************************


প্ৰণিতা বৰ্মন
সহকাৰী শিক্ষক
শিঙিমাৰী উচ্চ মাধ্যমিক বিদ্যালয়।