header ads

ক'ভিড-১৯ | An Assamese Article by Utpal Kalita

ক'ভিড-১৯


ক'ভিড-১৯ (covid-19) :-corona virus disease 2019; চমুকৈ covid -19  হ'ল severe acute respiratory syndrome coronvirus2(SARS-COV-2) -এ কৰা  এক সংক্রামক ৰোগ  । ২০১৯ চনত  চীনৰ হুবেই প্রদেশৰ  ৱুহান চহৰৰ পৰা এই ৰোগবিধ সমগ্ৰ  বিশ্বতে বিয়পি পৰি ২০১৯-২০ চনৰ কৰ'না ভাইৰাছৰ  বৈশ্বিক মহামাৰীৰ  সৃষ্টি কৰে।  প্ৰথমগৰাকী  ৰোগী ২০১৯চনৰ ১৭ নৱেম্বৰৰ বুলি ঠাৱৰ কৰা হৈছে। ২০২০চনৰ ২৪আগষ্ঠলৈ বিশ্বজুৰি ২,৩৫,৭৭,৬২৬ জন মানুহ এই ৰোগত আক্রান্ত হৈছে আৰু ৮,১২,১৮১জন মানুহ এই ৰোগত মৃত্যু ঘটিছে। ১,৬০,৭৫,২৯০তকৈ অধিক লোকে ৰোগৰ পৰা মুক্তি লাভ কৰিছে। 
               

ক'ভিড-১৯ (covid-19) 

অন্য নাম -    ক'ৰ'না ভাইৰাছ
                     .  কৰ'না
                     . কভিদ
                     . ন'ভেল কৰ'না ভাইৰাছ

বিভাগ-         সংক্ৰামক ৰোগ

লক্ষণ-           জ্বৰ, কাঁহ, ভাগৰ লগা, উশাহ 
                        চুটি, গোন্ধ নোপোৱা, কেতিয়াবা                          কোনো লক্ষণ নাথাকে

জটিলতা-       নিউমোনিয়া, ভাইৰেল    
                        ছেলছিয়াছ,  ARDS, বৃক্কৰ 
                         বিকল্প

আৰম্ভণি-         সংক্ৰমণ হোৱাৰ পৰা ২-১৪ 
                        দিন (সাধাৰণতে ৫ দিন) 

প্রতিৰোধ-         সঠিক হাত ধোৱা প্রণালী, 
                          মাস্ক/মুখবন্ধ, শাৰীৰিক দূৰত্ব

চিকিৎসা-          লক্ষণগত আৰু সামৰথক

জ্বৰ ,কাঁহ, ভাগৰ লগা, উশাহ লওঁতে কষ্ট হোৱা আৰু গোন্ধ আৰু সোৱাদ হেৰোৱা এই ৰোগীৰ সাধাৰণ লক্ষণ। এই ভাইৰাছৰ আক্রমণৰ পৰা লক্ষণ ওলাবলৈ সাধাৰণতে পাঁচ দিন লাগে, কিন্তু দুইৰ পৰা চৈধ্য দিন পর্যন্ত হব পাৰে। 
          
            সাধাৰণতে এই ভাইৰাছ মানুহৰ নিকট সংস্পর্শত আৰু কাহ মাৰিলে, হাঁচি মাৰিলে আৰু কথা ক'লে ওলোৱা ড্রপলেটৰ জৰিয়তে বিয়পে।এই ড্ৰপলেটবোৰ সাধাৰণতে বতাহত দূৰলৈ যোৱাৰ সলনি মাটিলৈ বা পৃষ্ঠলৈ সৰি পৰে। দূষিত পৃষ্ঠ চুই মুখমণ্ডললৈ হাত নিলেও ই বিয়পিব পাৰে। 

           ঘনাই হাত ধোৱা, আন লোকৰ পৰা আতৰি থকা, কাঁহ ঢাকি ৰখা আৰু নুধুৱা হাত মুখমণ্ডলৰ পৰা আঁতৰাই ৰখা এই ৰোগ প্ৰতিৰোধৰ অনুমোদিত বিধি। স্বাস্থ্য বিষয়া সকলে ৰাজহুৱা স্থানত সাধাৰণ লোকে মাস্ক বা মুখবন্ধ ব্যবহাৰ কৰাত অনুমোদন জনাইছে আৰু কিছুমান ঠাইত এয়া বাধ্যতামূলক কৰিছে। 

            বিশ্ব স্বাস্থ্য সংস্থাৰ মতে COVID-19 ৰ কোনো নির্দিষ্ট প্ৰতিষেধক বৰ্তমান লৈ প্ৰায় ওলোৱা নাই বুলি ক'ব পাৰি সেয়েহে লক্ষণগত চিকিৎসা, সামৰ্থক শুশ্রূষা, ৰোগীক আঁতৰাই ৰখা আৰু পৰীক্ষা মূলক ঔষধেই ইয়াৰ বৰ্তমান চিকিৎসা। বিশ্ব স্বাস্থ্য সংস্থাই ২০২০ চনৰ ৩০ জানুৱাৰীত কৰ'না মহামাৰীক আন্ত: ৰাষ্ট্ৰীয় আশংকাৰ ৰাজহুৱা জৰুৰীকালীন অৱস্থা বুলি ঘোষণা কৰে আৰু একে বছৰৰে ১১ মাৰ্চত "বৈশ্বিক মহামাৰী" বুলি ঘোষণা কৰে। ছয়োটা WHO অঞ্চলৰ অন্তর্ভুক্ত বহু দেশত ৰোগবিধৰ স্থানীয় সংক্রমণৰ প্রমাণ পোৱা গৈছে। 

**********************************


নাম-উৎপল কলিতা
শ্ৰেণী- নৱম
স্কুল-জনতা হাইস্কুল ডিমু
শিক্ষা খন্ড- ৰঙিয়া

Post a Comment

0 Comments