জীৱন বন্দনা
মৃত্যু ভয়ত জীৱনৰ ছন্দ হেৰুওঁৱা
মানুহবোৰৰ প্ৰতি পুতৌ জন্মে,
মৃত্যুহীন মানুহ আছেনে ক'ৰবাত?
আহিছোঁ যেতিয়া কিবা এটা কৰি থৈ যোৱাৰ হেঁপাহ,
দেউতাৰ সপোনত মায়ে সাৰ পানী দিয়াত
প্ৰাতঃকালত যেতিয়া গজালি মেলিছিলোঁ
তেতিয়াই নিৰ্ধাৰিত হৈছিল সেই চৰ্ত-
মৃত্যুৰ আগলৈ জীয়াই থাকিম
মৰি মৰি নহয়, জীৱনক বন্দিত কৰি-
অফুৰন্ত প্ৰাণ শক্তিৰে, কিবা এটা কৰাৰ হেঁপাহেৰে
চিৰদিন,চিৰকাল।।
অপূৰ্ব ঠাকুৰীয়া
জিলা প্ৰাথমিক শিক্ষা বিষয়া
কামৰূপ