মন আজি অশান্ত
মন অশান্ত আজি
জোপোহা গছজোপা
নিজেই মৰহি গ'ল।
সিদিনা সি মহাশক্তি ৰূপত বিৰাজমান
আজি চোতালত সি
এটুকুৰা ঘুনে খোৱা কাঠত পৰিণত।
ঘৰৰ আটায়ে চিঞঁৰিছে
সি অলৰ অচৰ অসহায়
এটা আত্মাবিহীন কায়।
ভাবি ভাবি মন অস্হিৰ
যাবৰ সময় যেতিয়া হয়
যাবই লাগিব কিন্তু সময়ৰ
আগত গ'লে মনক জানো বুজাব পাৰি?
কত মানুহ গুচি গ'ল
চোৱা-চিতাৰ অভাৱত
ভয় মাত্ৰ ভাইৰাছৰ নামত।
অৱসান ঘটিব কেতিয়া
আৰু কিমানৰ প্ৰাণ ল'ব আছে প্ৰভু!
এইবোৰ দেখি শুনি মন
ভীষণ অশান্ত
হোৱাৰ টো হৈছে
নোহোৱাকো হোৱা সজাইজে।
ভিতৰচৰাত মানুহ জুৰুলা হৈছে
অভাৱত জীৱন ত্যাগ কৰিছে
সন্তানক বিক্ৰী কৰিছে
সামগ্ৰীৰ দামে মানুহক খাব নোৱাৰা কৰিছে।
কতৰ উপাৰ্জনৰ পথ
আজি বন্ধ,
শিক্ষিত হৈয়ো আজি
দিন হাজিৰা পথত নামিছে।
সেইবোৰ দেখি আজি
মোৰ মন অশান্ত
নেদেখা জনৰ ওচৰত
নতশিৰে প্ৰাৰ্থনা
পুনৰাই তোমাৰ সন্তানক
জীৱিত কৰা
তোমাৰ প্ৰিয়তমাক তুমি ন-ৰূপ দিয়া
নহ'লে তোমাৰো প্ৰিয়তমাৰ মন
মোৰ দৰে অশান্ত হৈ ৰ'ব।
ববী কলিতা
শুৱালকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয়
সহঃ শিক্ষয়িত্ৰী
শিক্ষাখণ্ড- হাজো