স্বাধীন দেশৰ চোতাল
"""""""""""""""""""""""""""""" "
( স্বাধীনতা দিৱসৰ বাবে উৎসৰ্গিত)
অনিশ্চয়তাৰ কণ্টকাকীৰ্ণ এন্ধাৰ নাশি আজিৰ
এই দিনটোতেই দুৰ্ভাৱনাবোৰ সম্ভাৱনা হৈছিল
দাসত্বৰ জিঞ্জিৰি ছিঙি আপোন মাটিত
মুকলিমূৰীয়াকৈ ল'ব পাৰিছিল উশাহ.......
আশাবোৰ জীপাল হৈছিল
স্বপ্নীল স্বপ্নৰ চিঁ-চিঁয়নি বোৰে
সোণালী পখিলা হৈ ভিৰ কৰিছিল
স্বাধীন দেশৰ চোতাল ।
এতিয়া আমাৰ হাততেই উত্তৰণৰ অতুল বৈভৱ
এতিয়া আমাৰ হাততেই সংবিধানৰ স্বৰ্ণ মন্দিৰ
সমন্বয় সম্প্ৰীতিৰ একতাই আমাৰ শৌৰ্য শক্তি
স্বাৱলম্বীতাই উজলাব আমাৰ জটিল পথ.........
স্বদেশ নিৰ্মাণ সংকল্পৰ নামেই পোন্ধৰ আগষ্ট
হৃদয়ত জাতি,মাটি, ভেটিৰ অমোঘ মন্ত্ৰ লৈ
কৰোঁ আহা সমতা আৰু সমৃদ্ধিৰ বিশ্ব যাত্ৰা.....
******************************.
বিভাৰাণী দাস
হাজো বালিকা মজলীয়া বিদ্যালয়
সহকাৰী শিক্ষয়িত্ৰী
হাজো ব্লক
0 Comments