header ads

এটি কবিতা | An Assamese Poem by Kungkum

এটি কবিতা


অন্ত-----
মনটো কিবা
উগুল-থুগুল
ভুল হৈছে নেকি ?
স্থবিৰ!
সুস্থিৰ নে বাৰু?
ওহোঁ ,মই ভাবোঁ
ধুমুহাৰ শেষত হোৱা নিস্তব্ধতা
নহয়, এয়া আগজাননী হে
পিছে কিহৰ?
জীৱনৰ অন্ত ৰ
পৃথিৱীয়ে যে বিচাৰিছে
এক নতুন আৰম্ভণি ।
গতিকে নিশ্চিত অথন্তৰ ।

***************************************************



কুংকুম সাধনিদাৰ বৰুৱা
সহঃশিক্ষয়িত্রী
কিনান গাওঁ এম ই স্কুল
বকো, কামৰূপ ।