header ads

মহামাৰী ক’ৰ’ণা | An Assamese poem by Parismita Kalita

মহামাৰী ক’ৰ’ণা


ক’ৰ’ণা ভাইৰাছৰ পৰা সাৱধান ভাই
ক’ৰ’ণা ভাইৰাছৰ পৰা সাৱধান ভাই
বিশ্বজুৰি মহামাৰীয়ে কলিজা কঁপাই,
কৰণা ভাইৰাছৰ পৰা সাৱধান ভাই |

সময়ৰ মূৰে মূৰে
মহামাৰী হৈ আছে,
সময়ৰ যুগে যুগে
মানুহৰ প্ৰাণ কাঢ়ি নিছে,
ক’ৰ’ণা ভাইৰাছৰ পৰা সাৱধান ভাই
ক’ৰ’ণা ভাইৰাছৰ পৰা সাৱধান ভাই |

ক’ৰ’ণা ভাইৰাছৰ বাবে কাঁহ জ্বৰ হয়
উশাহ লোৱা কষ্ট আৰু নিমুনিয়া হয়,
ক’ৰ’ণা ভাইৰাছৰ পৰা সাৱধান ভাই
ক’ৰ’ণা ভাইৰাছৰ পৰা সাৱধান ভাই |

বমি আৰু ডায়েৰীয়া আন দুটি লক্ষণ
এনে হ’লে হাত সাৱটি নকৰিবা পলম,
ক’ৰ’ণা ভাইৰাছৰ পৰা সাৱধান ভাই
ক’ৰ’ণা ভাইৰাছৰ পৰা সাৱধান ভাই |

দুই হাত চাবোনেৰে
বাৰে বাৰে ধোঁৱা,
অসুস্থ ব্যক্তিৰ পৰা
নিলগতে ৰোৱা,
ক’ৰ’ণা ভাইৰাছৰ পৰা সাৱধান ভাই
ক’ৰ’ণা ভাইৰাছৰ পৰা সাৱধান ভাই |

অপৰিষ্কাৰ হাতেৰে চকু মুখ নুচুবা
লক্ষণবোৰ দেখা দিলে ডাক্তৰক জনাবা,
ক’ৰ’ণা ভাইৰাছৰ পৰা সাৱধান ভাই
ক’ৰ’ণা ভাইৰাছৰ পৰা সাৱধান ভাই |

পৰিষ্কাৰ হৈ থাকিলে
কোনো ভয় নাই,
সচেতন হলে দেখিবা
ক’ৰ’ণা পলায়,
ক’ৰ’ণা ভাইৰাছৰ পৰা সাৱধান ভাই
ক’ৰ’ণা ভাইৰাছৰ পৰা সাৱধান ভাই  |

বিশ্বজুৰি মহামাৰীয়ে কলিজা কঁপাই ,
ক’ৰ’ণা ভাইৰাছৰ পৰা সাৱধান ভাই
ক’ৰ’ণা ভাইৰাছৰ পৰা সাৱধান ভাই |

************************************


পৰিস্মীতা কলিতা
শ্ৰেণী - ষষ্ঠ
ৰোল নং- 2
বিদ্যালয়ৰ নাম - বাৰাংহাটী চিনিয়ৰ বেচিক স্কুল