header ads

ক'ভিড - ১৯ | An Assamese Poem by Rumi Das

ক'ভিড - ১৯



কাৰোবাৰ বাবে যোগাত্মক
কাৰোবাৰ বাবে ঋণাত্মক
দিন হাজিৰা কৰা, শ্ৰমিকৰ
বাবে ই এক অভিশাপ।
ক'ভিড আক্ৰান্ত জনৰ তথা
পৰিয়ালৰ বাবে ই অথন্তৰ
শিক্ষাৰ দিশত, ছাত্ৰ-ছাত্ৰীৰ
অগ্ৰগতিত ই এক হেঙাৰ।

  ক'ভিড-১৯, কাৰোবাৰ বাবে
  এক আশাৰ   সঞ্চাৰ,
  গঠনমূলক কামৰ উৎসাহ ।
  বহু জনৰ মনৰ পৰা নিগৰাইছে
  গল্প, কবিতা, উপন্যাস;
  উদ্ভাসিত হৈছে শিল্পী মনৰ প্ৰতিভা।
  উদ্গীৰণ হৈছে সুপ্ত অৱস্থাত থকা
  শৈশৱৰ ওমলা খেল-ধেমালি
  হেতালী, কাবাডী,লুডু, টাংগুটি।
  আইতাই মেলিছে পাতনি, পুৰণি দিনৰ সাধুকথাৰ
  গৃহিনীয়ে ৰান্ধিছে পৰম্পৰাগত খাদ্য-সম্ভাৰ।
  মাটিদাইল,ঔটেঙা, কচু,পচলা আৰু খাৰ
  ক'ভিড-১৯, কাৰোবাৰ বাবে ডাঙৰ সকাহ
  কাৰোবাৰ বাবে এক ডাঙৰ হুমুনিয়াহ।।



ৰুমী দাস
ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী
চিলা কৰৈবাৰী প্ৰা.বি.
শিক্ষাখণ্ড-কৰৰা