header ads

অনুধাৱন | An Assamese Poem by Saraswati Dutta

অনুধাৱন



বিশ্বৰ ইতিহাসত দুহেজাৰ বিশ চন

ক'ৰ'ণা ভাইৰাচৰ পৰা
সৃষ্টি হোৱা মহামাৰী ,
এটা মীনা কৰা,শিহৰণকাৰী স্মৃতিৰ সাঁচিপাত ।
সময় পালে অনুধাৱন কৰিবা
লকডাউনৰ ডায়েৰী,
কি পালা?কি হেৰুৱালা?
একে সময়তে সমগ্ৰ পৃথিৱী তলাবন্ধ
পলে পলে বাঢ়ে মৃতকৰ সংখ্যা ।
ক'ৰ'ণা আক্ৰান্ত ৰোগীৰ যাতনা
চকুত ভাহে সংক্ৰমণৰ ভয়াবহতা,
আপোন জনে নোৱাৰে কৰিব যত্ন ,
আনকি শেষবাৰৰ বাবেও মৃতকক
নোৱাৰে যাচিব ভক্তি ।
বাৰে বাৰে চাবোনেৰে হাত ধুইছে,
মাক্স পিন্ধিছে,সামাজিক দূৰত্ব বজাই ৰাখিছে,
স্কুল ,কলেজ , ব্যৱসায় বন্ধ ৰাখিছে
তথাপি মৃত্যুৰ লয়লাস ভংগী ।
ভোকাতুৰ শ্ৰমিকৰ মৃত্যু,
বাঘজানৰ পাইপত জুই
২০২০ চন ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই
ভৰি পৰিছে চকুপানীৰ বাৰিষা ,
প্ৰকৃতি আৰু জীৱ-জন্তু কিন্তু
জীপাল হৈ উঠিছে
প্ৰদূষণৰ পৰা মুক্ত,মুক্ত বিচৰণ ,
নাই ভয় শংকা,সাগৰীয় জীৱ-জন্তুও
বালিত পাতিছে আনন্দৰ মেলা ।
এতিয়া জীৱ শ্ৰেষ্ঠ মানৱ যে তলা বন্ধা ।



নাম - সৰস্বতী দত্ত , 
প্ৰধান শিক্ষয়িত্ৰী, 
ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয় , 
হাজো শিক্ষা খণ্ড ।