ব্ৰহ্মপুত্ৰ
ব্ৰহ্মাৰ পুত্ৰ তুমি নাম ব্ৰহ্মপুত্ৰ
ওলাইছে জলধাৰা তোমাৰ মানস সৰোবৰৰ পৰা ৷
পূবৰ পৰা পশ্চিমলৈ বৈ গৈছা অসমৰ মাজেৰে
কত জান-জুৰি , নৈ-উপনৈ আহি মিলিছেহি তোমাৰ বুকুত ৷
নানা নামে মাতে তোমাক নানান দেশত ,
অসমত লুইত , তিব্বতত য়াৰলং ষ্টাংপো
চিয়াং নামে জনাজাত অৰুণাচলত ৷
কত জাতি-উপজাতিৰ বসতিস্থল
তোমাৰ দুয়োপাৰ ,
সভ্যতা-সংস্কৃতিৰ গৌৰৱভূমি
সমন্বয়ৰ স্থল ।
অসমীয়াৰ প্ৰেৰণা , তুমি ব্ৰহ্মপুত্ৰ
কত বীৰৰ বীৰত্বৰ কাহিনী
তোমাতেই বিজড়িত ৷
তোমাৰ বুকুৱেদি ডিঙা মেলি
কত পাহোৱাল ডেকাই
আজিও চিঞৰি গাই যায়
'লুইতৰ পাৰৰ আমি ডেকা ল’ৰা
মৰিবলৈ ভয় নাই ৷'
খৰালি তোমাৰ শান্ত-সৌম্য মূৰ্ত্তি
বাৰিষা বিভীষিকাময় ,
শত-সহস্ৰ গাঁও-ভূই তোমাতেই লীন হয় ৷
বাৰিষা তোমাৰ বুকুত নাচে
বিশাল তৰঙ্গৰ জলধাৰা ,
দুয়োপাৰ প্লাৱিত কৰি ধন-জনৰ
বিস্তৰ ক্ষতি কৰা ৷
তোমাৰ বুকুতেই পৰৰাষ্ট্ৰই নদীবান্ধ দিয়াৰ অভিযোগ ,
সময়ে সময়ে হৈ পৰা তুমি অসমীয়াৰ অভিশাপ স্বৰূপ ৷
যদিহে কৰিব পৰা নাযায় ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ
চিৰদিন আমি নিয়তিৰ হাতৰ পুতলা হৈ ৰ’ম !
প্ৰধান শিক্ষয়িত্ৰী ,
শুৱালকুছি সনাতন বালিকা প্ৰাথমিক বিদ্যালয় ৷
হাজো শিক্ষাখণ্ড
0 Comments